ETV Bharat / state

বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱৰ দেহাৱসান

author img

By

Published : Oct 19, 2020, 12:09 PM IST

বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱ আৰু নাই ৷ 91 বছৰীয়া অসমৰ সুযোগ্য সন্তানগৰাকীয়ে সোমবাৰে অনন্তধামলৈ গতি কৰে ৷ সুযোগ্য অসম সন্তানগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যিক মৰ্যাদাৰে মাধৱৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে মুখ্য সচিবক‌ ।

jayanta madhab passes away guwahati assam etv bharat news
ডঃ জয়ন্ত মাধৱ

গুৱাহাটী,19 অক্টোবৰ: বিশিষ্ট অৰ্থনীতিবিদ, সুযোগ্য অসম সন্তান ডঃ জয়ন্ত মাধৱে 91 বছৰ বয়সত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে । এইগৰাকী বিশিষ্ট অৰ্থনীতিবিদে মেনিলাত অৱস্থিত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সঞ্চালকৰ আসনত অধিষ্ঠিত হৈ ৰাজ্যখনৰ বাবে কঢ়িয়াই আনিছিল গৌৰৱ । এছিয়ান ডেভেলপমেণ্ট বেংকৰ সঞ্চালক হিচাপেই মাধৱে অৱসৰ গ্ৰহণ কৰিছিল ৷ যোৰহাটত জন্মগ্ৰহণ কৰা ডঃ জয়ন্ত মাধৱে অৱসৰৰ পিছতে জন্মভূমি অসমলৈ উভতি আহে আৰু অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখন অধিক ত্বৰান্বিত আৰু গতিশীল কৰি তোলাৰ বাবে হাতে-কামে লাগি পৰে ।

লণ্ডন স্কুল অৱ ইক’নমিক্সৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা এইগৰাকী বিশিষ্ট অৰ্থনীতিবিদ আছিল নেডফিৰ প্ৰথমগৰাকী অধ্যক্ষ । উক্ত পদত অধিষ্ঠিত হৈ থাকোতেই অসমৰ বাঁহ শিল্পৰ অৰ্থনৈতিক দিশটো গতিশীল কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল ৷ বিগত সময়ছোৱাত ৰাজ্যত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰৰ সময়ত মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টাৰ পদতো কাৰ্যনিৰ্বাহ কৰিছিল এইগৰাকী সুযোগ্য ব্যক্তিয়ে । সুযোগ্য অসম সন্তানগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যিক মৰ্যাদাৰে মাধৱৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে মুখ্য সচিবক‌ ।

লগতে চাওকঃ সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি উত্তপ্ত জাজৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.