ETV Bharat / state

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত হিন্দী প্ৰশ্নকাকত ৰখাৰ বিৰোধিতা জাতীয় যুৱ শক্তিৰ

author img

By

Published : Aug 20, 2022, 9:07 PM IST

অহা ২১ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত হিন্দী ভাষাৰ প্ৰশ্ন কাকত ৰখাৰ ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি প্ৰথমখন সংবাদমেল সম্বোধন কৰে জাতীয় যুৱ শক্তিয়ে(Jatiya yuva shakti opposed use of Hindi language question papers)৷

Jatiya yuva shakti opposed the use of Hindi language question papers
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত হিন্দী ভাষাৰ প্ৰশ্নকাকত ৰখা ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা জাতীয় যুৱ শক্তিৰ

গুৱাহাটী, 20 আগষ্ট: "এইবাৰ পোন প্ৰথমবাৰৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত বিজেপি চৰকাৰে হিন্দী মাধ্যমটো সংযোজন কৰি প্ৰশ্নকাকত প্ৰস্তুত কৰিব ৷ সমগ্ৰ অসমত নিৱনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে, নিৱনুৱা সমস্যাৰ কথা আমি সকলোৱে জানো ৷ এই বৃহৎ সমস্যাৰে ভাৰাক্ৰান্ত অসমখনত যি 30,000 পদ ওলাইছে এই পদসমূহতো চৰকাৰৰ কোপদৃষ্টি পৰিছে ৷ তেওঁলোকে হিন্দী ভাষা সংযোজনৰ জৰিয়তে বহিঃৰাজ্যৰ যুৱক-যুৱতীসকলক ৰঙা দলিচা পাৰি দিছে, তেওঁলোকক ইয়াত সংস্থাপন দিবলৈ বিচাৰিছে ৷

যিসকল অসমীয়া যুৱক-যুৱতীয়ে দিনে নিশাই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে ৷ এই ৰাজনৈতিক ষড়যন্ত্ৰক জাতীয় যুৱ শক্তিয়ে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে ৷" অহা ২১ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত হিন্দী ভাষাৰ প্ৰশ্ন কাকত ৰখা ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে জাতীয় যুৱ শক্তিৰ সভাপতি লাকীমণি বৰুৱাই (Jatiya yuva shakti opposed use of Hindi language question papers )৷

লগতে সভাপতিগৰাকীয়ে কয় যে আমি ইয়াত হিন্দী ভাষাৰ প্ৰশ্নকাকতৰহে বিৰোধিতা কৰিছো; কিন্তু আমি হিয়াত হিন্দী ভাষাক বিৰোধিতা কৰা নাই ৷ আমি হিন্দী ভাষাটোক সন্মান কৰো, শ্ৰদ্ধা কৰো ৷ দেশত প্ৰায়সংখ্যাক লোকেই হিন্দী ভাষাটো ব্যাৱহাৰ কৰে ৷ অসমীয়া ভাষাটো এটা ক্ষুদ্ৰ ভাষা, অসমীয়া জাতিটো এটা ক্ষুদ্ৰ জাতি ৷ অসমীয়া ভাষা, অসমীয়া জাতিটোক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব অসম চৰকাৰৰ ৷

আমি পূৰ্বেই কৈ আহিছো যে অসমৰ যিসমূহ চৰকাৰী চাকৰি আছে সেইসমূহত স্থানীয় যুৱক-যুৱতীসকলৰ 100 শতাংশই সংস্থাপন অসম চৰকাৰে নিশ্চিত কৰিব লাগে ৷ ইয়াৰ লগতে যি বেচৰকাৰী সংস্থা আৰু স্বপিং মলসমূহ আছে সেইসমূহতো 80 শতাংশই স্থানীয় যুৱক-যুৱতীৰ স্থাপন নিশ্চিত কৰিব লাগে ৷ বৰ্তমান যিখন বিজেপি চৰকাৰ আছে সেইখনে সকলো মানুহৰ অধিকাৰ খৰ্ব কৰাত উচ্চ পৰ্যায়ত আছে ৷

হিন্দী, হিন্দু আৰু হিন্দুস্তান নীতিৰে কাম কৰি আছে বিজেপিয়ে । শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই দিল্লী-নাগপুৰৰ ওচৰত তেখেতৰ আনুগত্য প্ৰদৰ্শনৰ উদ্দেশ্যেই অসমৰ সৰ্বত্ৰে হিন্দী ভাষা-সংস্কৃতিৰ আগ্ৰাসন বঢ়াবলৈ সুযোগ দিছে । RSSৰ গুড বুকত নাম অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এনে সিন্ধান্ত লৈছে বুলি মন্তব্য কৰে সংবাদমেলখনত ৷ ভাৰতৰ কেইবাখনো ৰাজ্যই তেওঁলোকৰ নিজৰ ৰাজ্যৰ চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কৰি আইন প্ৰৱৰ্তন কৰিছে ৷

অনাগত দিনত জাতীয় যুৱ শক্তিয়ে ৰাজ্যৰ উদ্যোগ-প্ৰতিষ্ঠান, মল-দোকান আদি ব্যৱসায়িক প্ৰতিষ্ঠানত কিমান সংখ্যক অসমৰ স্থানীয় যুৱক-যুৱতী নিযুক্ত হৈ আছে তাৰ এটা চৰজমিন জৰীপ চলাব বুলি সংবাদমেলখনত সদৰী কৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহাৰ্য পুঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.