ETV Bharat / state

Jatiya Mohila Sakti: মুখ্যমন্ত্ৰী পত্নীৰ ব্যৱসায়িক স্বাৰ্থতে আৰ্টফেড বন্ধৰ ষড়যন্ত্ৰ নেকি; প্ৰশ্ন জাতীয় মহিলা শক্তিৰ

author img

By

Published : Aug 13, 2023, 5:07 PM IST

আৰ্টফেড বন্ধৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সংবাদমেলত সৰৱ এজেপিৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ নেতৃত্ব। টিভি চেনেল, বাতৰি কাকত, ৱেব পোৰ্টেল, হাই প্ৰফাইল ব্যক্তিগত স্কুল, চাহ বাগান, ৰিজ’ৰ্ট, অজস্ৰ মাটি-সম্পত্তি, নামী-বেনামী কোম্পানীৰ পিছত দুখীয়া শিপিনীৰ তাঁত শালখনলৈ চকু কিয়? মুখ্যমন্ত্রীৰ পৰা বিচাৰিলে কেইবাটাও প্ৰশ্নৰ উত্তৰ....

pc by jatiya mohila sakti sister organisation of AJP
মুখ্যমন্ত্ৰী পত্নীৰ ব্যৱসায়িক স্বাৰ্থতে আৰ্টফেড বন্ধৰ ষড়যন্ত্ৰ নেকি

গুৱাহাটী, ১৩ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ব্যৱসায়িক স্বাৰ্থতে আৰ্টফেড বন্ধৰ ষড়যন্ত্ৰ কৰিছে নেকি চৰকাৰে। এই প্ৰশ্ন অসম জাতীয় পৰিষদ চমুকৈ AJP ৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ। দেওবাৰে AJP অৰ্থাৎ অসম জাতীয় পৰিষদৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই প্ৰশ্ন উত্থাপন কৰে জাতীয় মহিলা শক্তিৰ নেতৃত্বই।

সংবাদমেলত জাতীয় মহিলা শক্তিৰ সভানেত্রী আল্পনা শৰ্মা আৰু কাৰ্যকৰী সভানেত্রী অপৰাজিতা বড়া দাসে মুখ্যমন্ত্রীৰ পত্নীক উদ্দেশ্য কৰি কয় যে, টিভি চেনেল, বাতৰি কাকত, ৱেব পোৰ্টেল, হাই প্ৰফাইল ব্যক্তিগত স্কুল, চাহ বাগান, ৰিজ’ৰ্ট, অজস্ৰ মাটি-সম্পত্তি, নামী-বেনামী কোম্পানীৰ পিচত দুখীয়া শিপিনীৰ তাঁত শালখনলৈ চকু কিয় ?

২০১৯-২০ বৰ্ষৰ হস্ততাঁত জৰীপৰ তথ্য অনুসৰি অসমত ১২ লাখ ৮৩ হাজাৰ গৰাকী শিপিনী আছে আৰু তাঁতশালৰ সংখ্যা ১২.৪৬ লাখৰ ওপৰত। অসমৰ অৰ্থনীতিত কৃষিৰ পাচতে সৰ্বাধিক অৱদান আগবঢ়াই হস্ত তাঁত-বস্ত্ৰ খণ্ডই । ২০২১-২২ বিত্ত বৰ্ষত অসম চৰকাৰী তত্বাৱধানত অসমৰ শিপিনীসকলে ১,৮৯,৯২১ মিটাৰ কাপোৰ বৈ ৰাজ্যৰ অৰ্থনীতিলৈ অতুলনীয় অৱদান আগবঢ়াইছে।

নেত্ৰীদ্বয়ে লগতে উল্লেখ কৰে যে, ৰাজ্যৰ শিপিনীসকলৰ স্বাৰ্থতে ১৯৭৭ চনৰ ২৭ জুলাইত Assam Apex Weavers And Artisans Cooperative Federation Ltd চমুকৈ ARTFED (আৰ্টফেড) গঠন কৰা হৈছিল । আৰ্টফেড এটা সমবায় সংঘ আৰু ইয়াৰ অন্তৰ্গত ২২খন জিলা পৰ্যায়ৰ আৰু ৮৬৭ খন প্ৰাথমিক পৰ্যায়ৰ সমবায় সমিতি তথা ১৪১ খন অন্য বিভিন্ন পৰ্যায়ৰ সমবায় সমিতি আছে । উক্ত সমবায় সমিতিসমূহৰ জৰিয়তে কেইবা লাখ শিপিনী পৰিয়াল আৰ্থিকভাৱে উপকৃত হৈ আছে ।

নেতৃদ্বয়ে কয় যে, অসমৰ লাখ লাখ শিপিনীয়ে আৰ্টফেডে প্ৰস্তুত কৰি দিয়া বজাৰৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি আৰ্থিক স্বাৱলম্বিতা অৰ্জন কৰি আহিছে । কিন্তু অতি আচৰিত কথা যে ৰাজ্য চৰকাৰে আৰ্টফেড বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৯ আগষ্টত এই কথা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীয়ে লোকচানৰ দোহাই দি আৰ্টফেড বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে। কিন্ত আৰ্টফেডৰ চৰকাৰী ৱেবছাইট স্পষ্টভাৱে কোৱা হৈছে যে বিগত বহুবছৰ ধৰি আৰ্টফেডে পৰ্যাপ্ত লাভ তথা মুনাফা কৰি আহিছে ।

কিন্তু তেনেস্থলত কিয় আৰ্টফেড বন্ধ কৰিব বিচৰা হৈছে বুলি সদৰী কৰি নেতৃদ্বয়ে কয় যে, ইয়াৰ কাৰণ জানিবলৈ হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাৰ ব্যৱসায়িক কাম-কাজসমূহ বিশ্লেষণ কৰিব লাগিব। ৰিণিকি ভূঞা শৰ্মা কমেও তিনিটা টিভি চেনেল, এটা বহুল প্ৰচাৰিত ৱেব পোৰ্টেল, এখন বাতৰি কাকত, এখন আন্তঃৰাষ্ট্ৰীয় স্তৰৰ বিশাল ইংৰাজী মাধ্যমৰ বিদ্যালয়, এখন পঞ্চতাৰকাযুক্ত ৰিজ’ৰ্ট, একাধিক চাহ বাগিচা আদিৰ অধিকাৰী।

ৰাজহুৱা অভিযোগৰ প্ৰসংগ উল্লেখ কৰি নেতৃদ্বয়ে কয় যে বিগত কিছু বছৰ ধৰি অসমৰ দুখীয়া শিপিনীসকলৰ হস্ত তাঁত-বস্ত্ৰ খণ্ডটোত মুখ্যমন্ত্রী পত্নীয়ে চকু দিছে । ইতিমধ্যে শুৱালকুছিসহ কেইবা ঠাইত বিশাল তাঁত শাল সম্ভাৰ স্থাপন কৰি হস্ততাঁত বস্ত্ৰৰ উৎপাদন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে ৷

মুখ্যমন্ত্রী পত্নীয়ে ‘Golden Threads Of Assam’ নামেৰে এটা পাট-মুগাৰ ব্ৰেণ্ড প্ৰস্তুত কৰি বিশ্বজুৰি অসমৰ পাট-মুগাৰ বস্ত্ৰ সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী নাইবা আন কোনোবাই হওক ব্যৱসায় কৰাৰ অধিকাৰ আৰু স্বাধীনতা সকলোৰে আছে যদিও চৰকাৰী ব্যৱস্থাই দুখীয়া শিপিনীসকলৰ হাতত থকা ব্যৱসায়ৰ সকলো কৰ্তৃত্ব আওপকীয়াকৈ এগৰাকী নিৰ্দিষ্ট মহিলা উদ্যোগীৰ হাতত অৰ্পন কৰাৰ ষড়যন্ত্ৰ কৰাটো আপত্তিজনক বুলি নেতৃদ্বয়ে সদৰী কৰে।

তেওঁলোকে লগতে কয় যে, মুখ্যমন্ত্ৰীৰ সহধৰ্মিনীৰ ব্যৱসায় তথা উদ্যোগৰ কেন্দ্ৰভূমি সম্প্ৰতি কাজিৰঙালৈ স্থানান্তৰ কৰাৰ কথা সকলোৰে চকুত পৰিছে । তাৰ সমান্তৰালকৈ শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে বোকাখাটত ৮৫ কোটি টকা ব্যয়সাপেক্ষে ‘হেণ্ডলুম পাৰ্ক’ (হস্ত তাঁত উদ্যান) স্থাপনৰ আধাৰশিলা স্থাপন কৰিছে । ৰাজহুৱা অভিযোগ অনুসৰি উক্ত হস্ততাঁত উদ্যান মূলতঃ মুখ্যমন্ত্রী পত্নীৰ ব্যৱসায়িক সুবিধাৰ অৰ্থে স্থাপনৰ দিহা কৰা হৈছে বুলি তেওঁলোকে কয় । আৰ্টফেড বন্ধ কৰাৰ সিদ্ধান্ত আঁৰত একেই কাৰণ বিদ্যমান বুলি উল্লেখ কৰি তেওঁলোকে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কেতবোৰ প্ৰশ্ন উত্থাপন কৰে।

মুখ্যমন্ত্রীৰ সহধৰ্মিনীয়ে তেখেতৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধিৰ অৰ্থে পোনপটীয়া চৰকাৰী পৃষ্ঠপোষকতা পাই থকাটো কিমান সত্য বুলি প্ৰশ্ন কৰি নেতৃদ্বয়ে কয় যে, বোকাখাট হেণ্ডলুম পাৰ্কখন সহধৰ্মিনীৰ ব্যৱসায়িক সুবিধাৰ অৰ্থে স্থাপন কৰা হৈছে নেকি । অসমৰ হস্ততাঁত-বস্ত্ৰৰ বজাৰখন ৰিণিকি ভূঞা শৰ্মাৰ হাতত অৰ্পন কৰাৰ গোপন অভিসন্ধি অনুসৰিয়ে আৰ্টফেড বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে নেকি বুলি তেওঁলোকে প্ৰশ্ন কৰে । এই সংবাদমেলত জাতীয় মহিলা শক্তিৰ কেইবাগৰাকী নেতৃ উপস্থিত আছিল।

লগতে পঢ়ক: তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে আৰ্টফেড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.