গুৱাহাটী, 9 চেপ্তেম্বৰঃ দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় ভূপেন হাজৰিকাৰ ৯৩সংখ্যক জন্ম জয়ন্তী ৷ বিশ্ববৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচীৰ ৷ শিল্পীগৰাকীক সন্মান জনাবলৈ আগমণ ঘটে বিভিন্নজনৰ ৷ সন্ধিয়া সমাধিক্ষেত্ৰলৈ আহি ভূপেন দাক শ্ৰদ্ধাৰে সোঁৱৰে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু অভিনেত্ৰী চেতনা দাসে ৷ ভূপেন হাজৰিকাৰ স্মৃতিসৌধত দুয়ো মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে অসমৰ সাংস্কৃতিক জগতক আধুনিকতাৰ পৰশ দিয়া ভূপেন হাজৰিকা সদায় প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব বুলি মন্তব্য কৰে অভিনেতা যতীন বৰাই ৷ অভিনেতাগৰাকীয়ে লগতে নিজৰ প্ৰযোজিত আৰু অভিনীত ছবি ৰত্নাকৰ সকলো ৰাইজকে চাবলৈ আহ্বান জনায় ৷
সুধাকণ্ঠক স্মৰণ কৰি সমাধিক্ষেত্ৰত যতীন বৰা আৰু চেতনা দাস - ভূপেন হাজৰিকাৰ ৯৩সংখ্যক জন্ম জয়ন্তী
সুধাকণ্ঠৰ ৯৩সংখ্যক জন্ম-জয়ন্তীত জালুকবাৰীত শিল্পী-গুণমু্গ্ধৰ ভিৰ ৷ শ্ৰদ্ধাঞ্জলি জ্ঞাপন যতীন বৰা আৰু চেতনা দাসৰ ৷