গুৱাহাটী,১৩ জুলাই: ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিনহাই বুধবাৰে অসমত নিৰ্বাচনী প্রচাৰৰ বাবে উপস্থিত হৈছে (Presidential candidate Yaswant Sinha at Guwahati) । ইতিমধ্যে ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুৱে যোৱা সপ্তাহত অসম তথা উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি নির্বাচনী প্রচাৰৰ বাবে মিত্ৰজোঁটৰ সাংসদ আৰু বিধায়কসকলৰ লগত আলোচনা কৰি গৈছে । ইয়াৰ পিছতে বুধবাৰে দিনৰ 2.40 বজাত গুৱাহাটীৰ বৰঝাৰ বিমানকোঠত যশোবন্ত সিনহাই অৱতৰণ কৰে ।
বিমানকোঠত যশোৱন্ত সিনহাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, বিৰোধী দলপতি দেবব্ৰত শকীয়াই আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আদিয়ে আদৰণি জনায়(Assam Pradesh Congress President Bhupen Bora)। যশোৱন্ত সিনহাই গুৱাহাটীত উপস্থিত হৈ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্রদেশ কংগ্ৰেছ সমিতিৰ উদ্যোগত হ'বলগীয়া এখন সভাতো অংশগ্রহণ কৰিব । তাৰ পিছত সিনহাই সন্ধিয়া এখন সংবাদমেল সম্বোধন কৰিব । অসমৰ বিৰোধী দলসমূহৰ নেতৃত্বৰ সৈতেও সিনহাই এক আলোচনাত অংশ ল'ব বুলি জানিবপৰা গৈছে ।
উল্লেখ্য় যে অসমৰ ১৪৭টা ভোটক গুৰুত্ব সহকাৰে লৈছে শাসক আৰু বিৰোধী উভয় পক্ষৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্রার্থীয়ে । ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যখনৰ ১২৬জন বিধায়ক আৰু ২১জন সাংসদ, মুঠ ১৪৭জনে ভোটদানৰ সুযোগ পাব । এই ১৪৭টা ভোটৰ মূল্য হৈছে ২৯,৩১৬টা । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জনায় যে যশোবন্ত সিনহাই বুধবাৰে নিশা গুৱাহাটীৰ পৰা পোনে পোনে ভূপাললৈ বিমানেৰে উভতি যাব । মনকৰিবলগীয়া যে ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুৱে যোৱা সপ্তাহত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলোখন ৰাজ্য ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় গৈছিল । কিন্তু ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোবন্ত সিনহাই অকল অসমতে প্ৰচাৰ চলাব ।
লগতে পঢ়ক:Japanese Encephalitis update: জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা 13 জনলৈ বৃদ্ধি