ETV Bharat / state

JE reported in Guwahati: এইবাৰ গুৱাহাটীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ - JE reported in Guwahati

বানৰ পাছত জাপানীচ এনকেফেলাইটিছে বিভীষিকাৰ সৃষ্টি কৰিছে ৰাজ্যত(Japanese encephalitis is caused panic in Assam) ৷ ৰাজ্যৰ কেইবাখনো জিলাত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগী ৷ চৰকাৰী তথ্য অনুসৰি 7 জুলাই পর্যন্ত এই ৰোগত মৃত্যুৰ সংখ্যা 6 জন ৷ শেহতীয়াকৈ গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইটি অঞ্চলতো ধৰা পৰিছে এজন জাপানীজ এনকেফেলাইটিছ ৰোগী ৷

Japanese encephalitis in Assam
গুৱাহাটীত জাপানীচ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ
author img

By

Published : Jul 9, 2022, 5:03 PM IST

Updated : Jul 9, 2022, 7:42 PM IST

গুৱাহাটী, ৯ জুলাই: বানে ৰাজ্যখনক জুৰুলা কৰাৰ পাছত এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি প্ৰাদুৰ্ভাব ঘটিছে জাপানীজ এনকেফেলাইটিছৰ (Japanese encephalitis is caused panic in Assam)। অসমৰ কেইবাখনো জিলাত এই ৰোগ ধৰা পৰাৰ লগতে বৰ্তমান বহু ৰোগী চিকিৎসাধীন হৈ আছে বিভিন্ন চিকিৎসালয়ত ।

এইবাৰ গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইটি অঞ্চলত ধৰা পৰিছে মাৰাত্মক জাপানীজ এনকেফেলাইটিছ ৰোগী (Japanese encephalitis reported in Guwahati)৷ এই ৰোগত আক্ৰান্ত হৈছে এজন কিশোৰ । আক্ৰান্ত কিশোৰগৰাকী হৈছে সন্তোষ কুমাৰ মাহতু । জানিব পৰা মতে যোৱা ২ জুলাইৰ পৰা সাধাৰণ জ্বৰত আক্ৰান্ত হৈ আছিল কিশোৰগৰাকী । পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰাত কিশোৰজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাটো ধৰা পৰে ।

গুৱাহাটীত জাপানীচ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

পিছত পৰিয়ালবৰ্গই কিশোৰজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ প্ৰতীক্ষা হস্পিতালত ভৰ্তি কৰোৱায় । ইফালে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পাৰি কিশোৰজনৰ বাসগৃহত শনিবাৰে উপস্থিত হয় পানীখাইটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা চিকিৎসকৰ দল ।

চিকিৎসকৰ দলটোৱে পানীখাইটি অঞ্চলৰ ঘৰে ঘৰে গৈ জাপানীচ এনকেফেলাইটিছ ৰোগৰ পৰা ৰক্ষা পাবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় । অতি সোনকালে অঞ্চলটোত ফগিং কৰা হ’ব বুলি ৰাইজক অৱগত কৰে চিকিৎসকৰ দলটোৱে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত এপ্ৰিলৰ পৰা 7 জুলাই পর্যন্ত অসমত ৪৮ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে (Japanese encephalitis data Assam) ৷ ইয়াৰে 6 জনৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: ক'ভিডত আক্ৰান্ত অমৰ্ত্য সেন

Last Updated : Jul 9, 2022, 7:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.