ETV Bharat / state

অসমত হ্ৰাস পাইছে জাপানী এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা - ভেকচিনেচন

পূৰ্বৰ তুলনাত ৰাজ্যত হ্ৰাস পাইছে জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । চলিত বছৰত ১১২ গৰাকী লোক জাপানী এনকেফেলাইটিছ আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১৪ গৰাকী লোকৰ । ৰাজ্যৰ ভিতৰত বৰপেটা জিলাত এইবাৰ জাপানী এনকেফেলাইটিছত আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক দেখিবলৈ পোৱা গৈছে ।

japanese-encephalitis-decrease-in-assam
অসমত হ্ৰাস পাইছে জাপানী এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা
author img

By

Published : Jul 18, 2020, 2:59 PM IST

গুৱাহাটী,১৮জুলাই: ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ সমান্তৰাল ভাৱে ৰাজ্যত মূৰ দাঙি উঠিছে জাপানী এনকেফেলাইটিছ ৰোগেও । প্ৰতিবছৰে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ৰাজ্যত বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় জাপানী এনকেফেলাইটিছত আক্রান্ত লোকৰ সংখ্যা । সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যত ক'ৰণাই আতংক চলাই আছে যদিও এইবাৰ অৱশ্যে স্বাস্থ্য বিভাগৰ বাবে মূৰৰ কামোৰণী হোৱা নাই জাপানী এনকেফেলাইটিছ ।

অসমত হ্ৰাস পাইছে জাপানী এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা

পূৰ্বৰ তুলনাত এইবাৰ ৰাজ্যত বহু পৰিমাণে হ্ৰাস পাইছে জাপানী এনকেফেলাইটিছত আক্রান্ত হোৱা লোকৰ সংখ্যা । যোৱাটো বছৰত জুলাই মাহ পৰ্যন্ত ৰাজ্যত জাপানী এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈছিল ৩৯২ গৰাকী লোক । ইয়াৰে ৯০ গৰাকী লোকৰ মৃত্যু ঘটিছিল । আনহাতে চলিত বৰ্ষত জুলাই মাহ পৰ্যন্ত ৰাজ্যত জাপানী এনকেফেলাইটিছ ৰোগত আক্রান্ত লোকৰ সংখ্যা হৈছে ১১২ গৰাকী আৰু ইয়াৰে ১৪ গৰাকী লোকৰ মৃত্যু ঘটিছে ।

জাপানী এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে লাভ কৰা এই সফলতাৰ মূলতে হৈছে ভেকচিনেচন আৰু জনসাধাৰণৰ মাজত স্বাস্থ্য বিভাগে সৃষ্টি কৰা সজাগতা । চলিত বছৰৰ মাৰ্চ মাহৰে পৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে লক ডাউন ঘোষণা কৰাৰ ফলত ৰাজ্যৰ বহুকেইখন জিলাত জাপানী এনকেফেলাইটিছ প্ৰতিৰোধৰ ভেকচিনেচনৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে কিছু অসুবিধাৰ সন্মুখীন হৈছে যদিও কৰ'ণা ভাইৰাছৰ লগতে স্বাস্থ্য বিভাগে জাপানী এনকেফেলাইটিছৰ বিৰুদ্ধেও সমানেই যুঁজ অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, বৰ্তমান ৰাজ্যৰ বৰপেটা জিলাত ১১ গৰাকী লোক জাপানী এনকেফেলাইটিছত আক্রান্ত হোৱাৰ বিপৰিতে গোলাঘাট,নগাঁও আৰু শিৱসাগৰ জিলাত ১০গৰাকীকৈ লোক জাপানী এনকেফেলাইটিছত আক্রান্ত হৈছে । লগতে শোণিতপুৰ জিলাত জাপানী এনকেফেলাইটিছত আক্রান্ত ৰোগীৰ সংখ্যা হৈছে ৯জন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.