ETV Bharat / state

জনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক - জনতা ভৱনৰ "বি" ব্লকত সংঘটিত অগ্নিকাণ্ড

বৈঠকত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী,সচিবালয় প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ড৹ এম অংগমথুকে ধৰি শীৰ্ষ‌ বিষয়াসকল উপস্থিত থাকে ।

janata-bhawan-fire-incidant-chief-mininster-sarbanoda-sonwal-meetting
জনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক
author img

By

Published : Jul 8, 2020, 6:17 PM IST

গুৱাহাটী,৮জুলাইঃ মঙলবাৰে নিশা শ্বৰ্ট চাৰ্কিটৰ ফলত দিছপুৰৰ জনতা ভৱনৰ "বি" ব্লকত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । যাৰ ফলস্বৰূপে বুধবাৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ শীৰ্ষ আমোলাবৰ্গৰ সৈতে এক বৈঠকত মিলিত হৈ সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰে । বৈঠকত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, সচিবালয় প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ড৹ এম অংগমথুকে ধৰি শীৰ্ষ‌ বিষয়াসকল উপস্থিত থাকে ।

janata-bhawan-fire-incidant-chief-mininster-sarbanoda-sonwal-meetting
জনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক

এই বৈঠকতে মঙলবাৰে সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । সাধাৰণ প্ৰশাসন বিভাগৰ সচিব জি ডি লস্কৰক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় । আনহাতে, জনতা ভৱন চৌহদৰ ভিতৰত অগ্নিকাণ্ডৰ দৰে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে এটা ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । জনতা ভৱনৰ প্ৰতিটো ব্লকৰে বিদ্যুৎ ব্যৱস্থাপনাৰ বাবে "Single Switching" ব্যৱস্থা সংস্থাপনৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা নিশা জনতা ভৱনৰ "বি" ব্লকৰ ভূমি মহলাত থকা গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ এইবাৰ অখিল গগৈৰ মুক্তিৰ দাবী তুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.