ETV Bharat / state

ইছলামিক সংগঠনৰ সহমত: ধৰ্মৰ নামত বেয়া কাম কৰা কাৰ্য মানি লোৱা নহ’ব

author img

By

Published : Sep 4, 2022, 7:01 PM IST

আৰক্ষীয়ে যিদৰেই বিচাৰে সেইদৰেই জেহাদীৰ বিৰুদ্ধে কৰিবলগীয়াখিনি কৰি যোৱাৰ পণ লৈছে ৰাজ্যৰ কেইবাটাও ইছলামিক সংগঠনে (Islamic leader comments on Jihadi)৷ দেওবাৰে আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে অনুষ্ঠিত হোৱা বিশেষ আলোচনাৰ পাছত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ইছলামিক সংগঠনৰ নেতৃত্বই ৷

Islamic leader comments on Jihadi
ইছলামিক সংগঠনৰ সহমত: ধৰ্মৰ নামত বেয়া কাম কৰা কাৰ্য মানি লোৱা নহ’ব

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: ৰাজ্যত বৃদ্ধি পোৱা জেহাদী কাৰ্যকলাপ ৰোধৰ বাবে অসমৰ বিভিন্ন ইছলামিক সংগঠনৰ মুৰব্বীৰ সৈতে দেওবাৰে বৈঠকত মিলিত হ’ল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ মুছলমান ৰাইজৰ বাবে কিছু নীতি-নিৰ্দেশনাৰ ব্যৱস্থাৰ কথা কয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । জমিয়ত, আলী হাদিছ, আলী চুন্নত, নদুৱাটকে ধৰি কেইবাটাও সংগঠনৰ সৈতে বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী (Assam DGP meets Islamic leader on Jihadi)।

মাদ্ৰাছাত নতুন নিয়মাৱলী সংযোগৰ কথাও আলোচনা কৰা হয় বৈঠকখনত । মাদ্ৰাছা পৰিচালনাৰ বাবে এটা পৰ্টেল তৈয়াৰ কৰি মাদ্ৰাছাৰ শিক্ষক, মাটি-কালিকে ধৰি সৱিশেষ আপলোড কৰিব লাগিব । শিক্ষকৰ দৰমহা ক’ৰপৰা কেনেকৈ আহে আদি সকলো তথ্য আপলোড কৰিব লাগিব পৰ্টেলটোত । এনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে সম্পন্ন হোৱা বৈঠকখনৰ অন্তত সংবাদমেল সম্বোধন কৰে বৈঠকত উপস্থিত থকা ইছলামিক সংগঠনৰ মুৰব্বীসকলে (Islamic leader comments on Jihadi)৷

সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ(DGP Bhaskar Jyoti Mahanta) পদক্ষেপক আদৰণি জনোৱা বুলি মন্তব্য কৰে ইছলামিক সংগঠনৰ প্ৰতিনিধিসকলে ৷ তেওঁলোকে কয় যে এইসমূহ পদক্ষেপে নতুন পৰিৱেশৰ সূচনা কৰিব । ধৰ্মৰ নামত বেয়া কাম কৰা কাৰ্যক মানি লোৱা নহ’ব বুলি মন্তব্য কৰি তেওঁলোকে কয় যে আৰক্ষীয়ে বিচৰাধৰণেই সহায়-সহযোগিতা কৰি যাম ।

অসমত ৩৪ শতাংশ মুছলমান(Muslim population in Assam) লোক থকা বুলি উল্লেখ কৰি তেওঁলোকে কয় যে সেইসমূহ লোকৰ নগণ্য সংখ্যকহে বিভিন্ন অপৰাধৰ লগত জড়িত হৈ আছে । মৌলানাৰ বেশ ধৰি প্ৰতাৰিত কৰিব বিচৰা ৰাষ্ট্ৰবিৰোধী শক্তিক প্ৰতিহত কৰিব বুলি মন্তব্য কৰে ইছলামিক নেতাসকলে ।

আনহাতে তেওঁলোকে কয় যে বহিঃৰাজ্য অথবা অন্য জিলাৰ পৰা মাদ্ৰাছালৈ অহা শিক্ষকসকলৰ তথ্য বিচাৰিব আৰু বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰী সকলৰ তথ্য ৰাখিব সংগঠনসমূহে ৷

লগতে পঢ়ক: জেহাদী প্ৰসংগত ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে DGPৰ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.