ETV Bharat / state

বিজেপিলৈ যাব বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী ! - বিপিএফ

বিজেপিত যোগদান কৰিব নেকি বিপিএফ নেতা বিশ্বজিৎ দৈমাৰীয়ে ? কি হ’ব পৰৱৰ্তী নিৰ্বাচনী প্ৰেক্ষাপট ? সাংসদ গৰাকীৰ বিজেপি গমনে ক্ষতি কৰিব নেকি বিপিএফক ? দৈমাৰীয়ে এই সন্দৰ্ভত কি কয় ?

Is BPF leader Biswajit Daimari to join BJP guwahati assam etv bharat news
বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী
author img

By

Published : Oct 11, 2020, 9:16 PM IST

গুৱাহাটী,11 অক্টোবৰ : ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈ গৈছে নিৰ্বাচনী চৰ্চা । বিটিআৰত বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছতো বিজেপিৰ সংগ এৰিব পৰা নাই সাংসদ বিশ্বজিৎ দৈমাৰীয়ে । নিৰ্বাচনী বতাহ লাহে লাহে গৰম হোৱাৰ লেখীয়াকৈ এই বিষয়টোৱে সম্প্ৰতি চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ তদুপৰি বিটিআৰ চুক্তিকে ধৰি কেইবাটাও বিষয়ত দলৰ সৈতে মতৰ অমিল পৰিলক্ষিত হৈছিল বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে । যাৰ বাবে সংবাদ শীৰ্ষ দখল কৰিছে সাংসদগৰাকীৰ বিজেপি গমনৰ বিষয়টোৱে ।

দলৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ

এনে সৰৱ চৰ্চা অব্যাহত থকাৰ মাজতে প্ৰথমবাৰলৈ বিষয়টো সন্দৰ্ভত মুখ খুলিছে সাংসদগৰাকীয়ে । দৈমাৰীয়ে দলৰ বহু সিদ্ধান্তৰ প্ৰতি মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰে যদিও বিজেপিত যোগদানৰ বিষয়টো কৌশলপূৰ্ণভাৱে এৰাই চলে ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত বিশ্বজিৎ দৈমাৰীৰ এনে কৌশলপূৰ্ণ স্থিতিয়ে হয়টো বিপিএফক ক্ষতিগ্ৰস্ত কৰিব পাৰে । কিন্তু অনাগত দিনত লক্ষণীয় হ'ব সাংসদ দৈমাৰীৰ এনে কৌশলপূৰ্ণ স্থিতিৰ আঁৰৰ ৰহস্য কি ?

বিপিএফ নেতা বিশ্বজিৎ দৈমাৰীৰ প্ৰতিক্ৰিয়া

লগতে চাওকঃ হাথৰস কাণ্ড : CBI য়ে গ্ৰহণ কৰিলে তদন্তৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.