গুৱাহাটী,21 আগষ্ট: বিজেপিৰ নতুন ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মাত্ৰ এদিন পূৰ্বে ঘোষণা কৰিলে দলটোৰ নতুন ৰাজ্যিক সমিতিখনৰ বিষয়ববীয়াৰ নাম ৷ ন-পুৰণিৰ সমিলমিলেৰে এই নতুন ৰাজ্যিক সমিতিখন গঠন কৰিলেও অতি তাৎপৰ্যপূৰ্ণ ভাবে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ দায়িত্বৰ পৰা আতৰাই ৰখা হ'ল কেইবাজনো জেষ্ঠ নেতাক ৷ আনকি বেয়া দিনতো দলটোৰ সংগ ত্যাগ নকৰি দলৰ প্ৰতি সেৱা আগবঢ়াই যোৱা কেইবাজনো নেতাক ভৱেশ কলিতাই তেওঁৰ নতুন সমিতিৰ কাষেই চাপিব নিদিলে ৷
ইয়াৰ বিপৰীতে সৌ সিদিনা কংগ্ৰেছ দল এৰি বিজেপিত যোগ দিয়া চাৰিজনকৈ নেতাক দিয়া হ'ল মুখপাত্ৰৰ দায়িত্ব ৷ জুৰি শৰ্মা বৰদলৈ,পংকজ বৰবৰা, কল্যাণ গগৈ আৰু ৰাজদ্বীপ গোৱালাক দলৰ মুখপাত্ৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ অৱশ্যে মুখ্য মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে দলৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাক ৷ মনকৰিবলগীয়া যে, এইবাৰৰ বিধানসভা নিৰ্বাচন আৰু 2019 ৰ লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা কেইবাজনো নেতাক এই নতুন ৰাজ্যিক সমিতিখনত অন্তৰ্ভুক্ত কৰা নহ'ল ৷
ইপিনে দলৰ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হ'ল কংগ্ৰেছ এৰি বিজেপিলৈ অহা শান্তিয়াছ কুজুৰক ৷
একেদৰে এইবাৰৰ এই সমিতিত অতি তাৎপৰ্যপূৰ্ণ ভাবে অন্তৰ্ভুক্ত কৰা নহ'ল এজনো ইছলাম ধৰ্মাৱলম্বী লোকক ৷ কিন্তু সকলো ধৰ্ম, জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰে এই সমিতি গঠন কৰা হৈছে বুলি সভাপতি ভৱেশ কলিতাই ঘোষণা কৰিছিল ৷ এই সকলোবোৰ দিশ ফহিয়াই চাই সচেতন লোকৰ মনত প্ৰশ্নৰ উদয় হৈছে যে,বিজেপিত উপেক্ষিত কৰা হৈছে নেকি জ্যেষ্ঠ নেতা ? ভৱেশ কলিতাৰ কমিটিত কিয় নাথাকিল মুছলমান নেতা ?
লগতে পঢ়কঃ সোণোৱালৰ "আশীৰ্বাদ যাত্ৰাই" ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে