ETV Bharat / state

Angkita Dutta updates: কোন দিশে অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ; ৰাজ্যত চলিছে সৰৱ চৰ্চা - ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি

ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তই গোচৰ ৰুজু কৰাৰ পিচতে দলটোৰ পৰা 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হ’ল অংকিতাক ৷ ইয়াৰ পিচতে ৰাজ্যৰ ৰাজনৈতিক মহলত অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত চলিছে সৰৱ চৰ্চা (Angkita alleged Srinivas BV)

Angkita Dutta updates
Angkita Dutta Bjp Joining rumor
author img

By

Published : Apr 24, 2023, 3:22 PM IST

Updated : Apr 25, 2023, 6:16 AM IST

গুৱাহাটী, 24 এপ্ৰিল : যুৱনেত্ৰী অংকিতা দত্তক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰাৰ পিচত কংগ্ৰেছ, বিজেপি আৰু অগপ তিনিওটা দলৰ ভিতৰ চ’ৰাত অব্যাহত আছে বিভিন্ন প্ৰতিক্ৰিয়াৰ ৷ সমান্তৰালভাৱে অংকিতা দত্তৰ ৰাজনৈতিক পৰিক্ৰমা ইমানতে সমাপ্ত হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ আনহাতে গেৰুৱা বসন পিন্ধিব নেকি বুলিও বু বু বা বা হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ পৰা বহিষ্কৃত হোৱা অংকিতা দত্তৰ বিৰুদ্ধে ? একে সময়তে বিজেপিতো অংকিতাৰ প্ৰতি এক প্ৰকাৰ দুৱাৰ বন্ধ ঘোষণা কৰিছে বিজেপি নেতৃত্বই (Case against IYC president Srinivas) ৷

ৰাজনৈতিক পাশাখেলত যেন বন্দী হৈ পৰিছে অংকিতা দত্ত ৷ এফালে কংগ্ৰেছৰ পৰা ৬ বছৰলৈ বহিষ্কাৰ হ’ল যুৱ নেত্ৰীগৰাকী ৷ একে সময়তে ৰুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে বিজেপি গমনৰ পথো ৷ অসমত তেনেই চালুকীয়া অৱস্থাত থকা আপৰ তৰফৰ পৰা অৱশ্যে অংকিতাক আদৰণি জনোৱা হৈছে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নতুন দিল্লীত সাংবাদিকৰ এক প্ৰশ্নত কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিব বিচাৰিলেও বিজেপিত স্থান নাই বুলি উল্লেখ কৰে ৷

আনহাতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইয়ো অংকিতাৰ বিজেপিত যোগদানৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰে ৷ চৰকাৰে আইনগতভাৱেহে অংকিতাক সহযোগিতা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী বৰুৱাই ৷ অৱশ্যে এইক্ষেত্ৰত কিছু নৰম সুৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (BJP State President Bhabesh Kalita on Angkita Dutta) ৷

বিজেপি নেতৃত্বৰ অংকিতা সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ পৰা অংকিতাৰ ৰাজনৈতিক ভৱিষ্যৎ চিৰকালৰ বাবে বন্ধ হৈ পৰা যেন পৰিলক্ষিত হয় ৷ একেদৰে বিজেপিয়ে আদৰি নল’লে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ দৰে দলহীন অৱস্থা অংকিতাৰো হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ আনকি বিজেপিৰ তৰফৰ কোৱা হৈছে যে অসমীয়া জীয়ৰী, এগৰাকী অসমীয়া নাৰী হিচাবেহে অংকিতাৰ প্ৰতি সমৰ্থন তেওঁলোকে আগবঢ়াইছে ৷ কিন্তু ভিতৰুৱা তথ্য অনুসৰি, অংকিতাক লৈ চলিছে বিজেপিৰ নতুন সমীকৰণ ৷ যি অংকই নাজিৰাত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ সমুখত নতুন প্ৰতিদ্বন্দ্বী সৃষ্টি কৰিব (Angkita Dutta Bjp Joining rumor) ৷

লগতে পঢ়ক: Angkita Dutta changed twitter bio: বহিষ্কাৰৰ পিচতেই টুইটাৰৰ বায়’ সলনি কৰিলে অংকিতা দত্তই

চৰ্চিত ৰাজনৈতিক সমীকৰণ মতে সংকট আহিব নাজিৰাৰ শেষৰটো বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোঁহাই আৰু আমগুৰিৰ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক জীৱনটো ৷

যদিহে অংকিতাই বিজেপিত যোগদান কৰে দুয়োৰে ৰাজনৈতিক জীৱনত প্ৰভাৱ পৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে ৷ কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আমগুৰি সমষ্টিৰ বৃহৎ অঞ্চল নাজিৰাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা ৷ যাৰ বাবে অংকিতাই বিজেপিত যোগদান কৰিলে অগপৰ প্ৰদীপ হাজৰিকা আৰু বিজেপিৰ ময়ূৰ বৰগোঁহাইৰ মাজত নাজিৰা সমষ্টিক লৈ টনা-আজোৰা হ’ব (Assam constituency delimitation) ৷

আনহাতে শিৱসাগৰত বিজেপিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক পৰাভূত কৰিবৰ বাবে পৰিচিত মুখ হিচাবে অংকিতাক প্ৰক্ষেপ কৰিব পাৰে ৷ আনহাতে অংকিতাক বহিষ্কাৰৰ পিচত কংগ্ৰেছে যোৱা বিধানসভা নিৰ্বাচনত মাৰ্ঘেৰিটাৰ পৰা দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা মনোৰঞ্জন বৰগোঁহাইক দায়িত্ব অৰ্পণ কৰিছে আমগুৰি সমষ্টিত কাম কৰিবলৈ ৷ মুখ্যমন্ত্ৰীৰ পৰা বিজেপিৰ নেতা-মন্ত্ৰীলৈ সকলোৱে অংকিতাক লৈ ব্যস্ত হোৱা ঘটনাই সাম্প্ৰতিক ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে (Angkita Dutta updates) ৷

লগতে পঢ়ক: Srinivas BV case: 2 মে’ত দিছপুৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ শ্ৰীনিবাসক

সৰ্বদিশৰ পৰা মন কৰিলে অংকিতাই পৰৱৰ্তী সময়ত বিজেপিতেই যোগদান কৰাৰ সম্ভাৱনা অধিক দেখিবলৈ পোৱা গৈছে ৷ যিহেতু শ্ৰীনিবাস-অংকিতা কাণ্ডৰ আঁৰৰ কাৰণ হিচাবে কংগ্ৰেছৰ লগতে ৰাজনৈতিক মহলে সমাগত কৰ্ণাটক নিৰ্বাচনৰ লিংক বিচাৰি পাইছে ৷ সেয়ে কৰ্ণাটকৰ নিৰ্বাচন পাৰ হোৱাৰ পিছতে হয়তো স্পষ্ট হ’ব প্ৰয়াত কংগ্ৰেছী মন্ত্ৰী অঞ্জন দত্তৰ কন্যা অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যত (Angkita Dutta controversy) ?

Last Updated : Apr 25, 2023, 6:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.