গুৱাহাটী,২২ জানুৱাৰী : অসম-মেঘালয় সীমান্ত বিবাদ চলি থকাৰ মাজতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা শনিবাৰে সীমান্তৰ কৃষি প্ৰধান ৰাণী অঞ্চলত উপস্থিত হয় । অঞ্চলটোত মেৰামতি আৰু পুনৰ নিৰ্মাণ চলি থকা দুখন জলসিঞ্চন আঁচনিৰ কামৰ অগ্ৰগতিৰ বুজ লয় বিধায়কগৰাকীয়ে (Irrigation scheme inspection by Ramendra Narayan Kalita)। আঁচনি দুখন হ'ল জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ অধীনৰ কপিলী জলসিঞ্চন আঁচনি আৰু আনখন হ'ল কালমণি জলসিঞ্চন আঁচনি ।
ইয়াৰে কালমণি আঁচনিৰ মেৰামতিৰ বাবে বিভাগীয়ভাৱে প্ৰায় ১.৪২ কোটি টকা আৰু কপিলী আঁচনিৰ বাবে ৮ কোটি টকা আবণ্টন দিয়া হৈছে । ইফালে মেঘালয় সীমান্তত উপস্থিত হৈ বিধায়ক কলিতাই দুয়োখন আঁচনিৰ ৰূপায়ণৰ দায়িত্বত থকা তথা পশ্চিম গুৱাহাটী-পলাশবাৰী জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কংকন গোস্বামী, পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিলাক্ষী দাস, সহকাৰী অভিযন্তা জিন্নাট উল্লাহৰ সৈতে আঁচনিৰ অগ্ৰগতিৰ বুজ লয় । অভিযন্তাসকলে প্ৰায় ৩০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি বিধায়কক অৱগত কৰে ।
আনহাতে বিধায়ক কলিতাই দুয়োখন আঁচনিৰ পানী পৰিবাহী নলা-কালভাৰ্ট পৰিদৰ্শন কৰি নিদিষ্ট সময়ৰ ভিতৰত যাতে সকলো কাম সম্পন্ন হয় আৰু কৃষক ৰাইজে বিচৰা ধৰণে পানী লাভ কৰে তাৰ ওপৰত চকু ৰাখিবলৈ অভিযন্তাসকলক নিৰ্দেশ দিয়ে । পৰিদৰ্শন কালত অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, কামৰূপ জিলাৰ সম্পাদক পৰেশ বৰুৱা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনকে ধৰি কেইবাজনো পঞ্চায়ত প্ৰতিনিধি, কৃষক প্ৰতিনিধি উপস্থিত থাকে ।
বিধায়ক কলিতাই দুয়োখন আঁচনিৰ পৰা যিসকল কৃষকে পানী লাভ কৰিব তেওঁলোকৰ একাংশৰ সৈতেও আঁচনি সন্দৰ্ভত মত বিনিময় কৰে আৰু কামৰ আসোঁৱাহ দেখা পালে ততালিকে তেওঁক অৱগত কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে কৃষি প্ৰধান ৰাণী অঞ্চলৰ কৃষকৰ জীৱন ৰেখা স্বৰূপ দুয়োখন আঁচনি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হ'লে বৃহত্তৰ অঞ্চলটোৰ কেইবা শতাধিক কৃষক পোনপটীয়াকৈ উপকৃত হোৱাটো নিশ্চিত ।
লগতে পঢ়ক :ৰঙাপৰাত হ’বলগীয়া মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যসূচী বাতিল