গুৱাহাটী, ১৪ অক্টোবৰ: জলসিঞ্চনৰ শাখা সহায়ক পদৰ পৰীক্ষাৰ বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই। ব্লেকলিষ্টেড ঠিকাদাৰী প্ৰতিষ্ঠান এপটেকে অনুষ্ঠিত কৰা ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে ফলাফলৰ তালিকা বহিৰ্ভূত একাংশ প্ৰাৰ্থী। উত্তীৰ্ণ প্ৰাৰ্থীৰ ৰোল নাম্বাৰ সম্বলিত কৰা হৈছে ফলাফলৰ তালিকাত। কিন্তু এইখন তালিকাত উচ্চপদস্থ বিষয়াৰ চহী,ছীল,মোহৰ নথকাত সন্দেহৰ অৱকাশ ঘটিছে। বাছনি তালিকাত 'জলসিঞ্চন বিভাগ' বুলি কোনো শব্দ উল্লেখ নাই।

ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰিছে বহু প্ৰাৰ্থী। আনকি,ৰূপম দাস নামৰ এগৰাকী প্ৰাৰ্থীয়ে ফেচবুক পোষ্টৰ জৰিয়তে মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ পোষ্টটোত উল্লেখ কৰিছে যে,ভৱেশ কলিতাই শাখা সহায়ক পদৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু পৰীক্ষা গৃহত উকা অ' এম আৰু ছীট জমা দিবলৈ কৈছিল। আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত অব্যাহত থকাৰ সময়তে যুৱকজনৰ এই অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
PLEASE CHANGE THUMBNAIL IMAGE
লগতে পঢ়ক:বাধ্যবাধকতা আৰু নীতি-নিৰ্দেশনাৰ মাজেৰে অনুষ্ঠিত হ’ব এইবাৰৰ দুৰ্গা পূজা