ETV Bharat / state

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী ডিজিপি ?

ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হিচাপে চৰ্চাত তপন কুমাৰ ডেকাৰ নাম ৷ 90ৰ দশকৰ মাজভাগত কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ সহকাৰী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অসমত। 1988 চনৰ হিমাচল প্ৰদেশ কেডাৰৰ আইপিএছ বিষয়া আছিল তপন কুমাৰ ডেকা

author img

By

Published : Aug 26, 2019, 4:30 PM IST

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী ডিজিপি ?

গুৱাহাটী, 26 আগষ্ট : বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা 31 আগষ্টত প্ৰকাশ পালেও ইয়াৰ পৰৱৰ্তী সময়ত সৃষ্টি হ’ব পৰা আইন শৃংখলাজনিত পৰিস্থিতি চোৱাচিতা কৰিবলৈ দায়িত্বত নাথাকিব বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। কিয়নো এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ দিনটোতে অৰ্থাৎ 31 আগষ্টত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব কুলধৰ শইকীয়াই। গতিকে,স্বাভাৱিকতে প্ৰশ্ন উঠিছে কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান? কাৰ কান্ধত ন্যস্ত হ’ব এন আৰ চিৰ তালিকা ঘোষণাৰ পিছৰ পৰিস্থিতি চম্ভালাৰ দায়িত্ব ? ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি পৰৱৰ্তী ডিজিপিৰ আসনত সুদক্ষ আৰক্ষী বিষয়া,দেশত " চুপাৰ কপ " ৰূপে পৰিচিত তপন কুমাৰ ডেকা অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত। ৰাজ্যৰ গৃহ বিভাগে ইতিমধ্যে এই সংক্ৰান্তীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। 1988 চনৰ হিমাচল প্ৰদেশ কেডাৰৰ আইপিএছ বিষয়া এইগৰাকী অসম সন্তানে সুদক্ষতাৰে বিগত দীৰ্ঘ সময় ধৰি কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ আছে । এইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ ওপৰত যোৱা সময়চোৱাত কেন্দ্ৰীয় চৰকাৰে অৰ্পণ কৰিছে বহু গুৰু দায়িত্ব। 90ৰ দশকৰ মাজভাগত তেওঁ কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ সহকাৰী সঞ্চালক হিচাপে অসমতো কাৰ্যনিৰ্বাহ কৰিছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় দূতাবাসতো কৰ্মৰত আছিল এইগৰাকী অসম সন্তান। "চুপাৰ কপ" ৰূপে পৰিচিত কিন্তু অত্যন্ত প্ৰচাৰ বিমুখ তপন কুমাৰ ডেকাৰ ওপৰত 2004 চনত কেন্দ্ৰীয় চৰকাৰে ন্যস্ত কৰিছিল সেই সময়ত বাংলাদেশলৈ খেলিবলৈ যোৱা ভাৰতীয় ক্ৰিকেট দলৰ নিৰাপত্তাৰ দায়িত্বও।

Intro:গুৱাহাটী, ২৬ আগষ্ট : বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৩১ আগষ্টত প্ৰকাশ পালেও ইয়াৰ পৰবৰ্তী সময়ত সৃষ্টি হব পৰা আইন শৃংখলাজনিত পৰিস্থিতি চোৱাচিতা কৰিবলৈ দায়িত্বত নাথাকিব বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। কিয়নো এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱা দিনটোতে অৰ্থাৎ ৩১ আগষ্টত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব কুলধৰ শইকীয়াই। গতিকে, স্বাভাবিকতে প্ৰশ্ন উঠিছে কোন হব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান ? কাৰ কান্ধত ন্যস্ত হব এন আৰ চিৰ তালিকা ঘোষণাৰ পিছৰ পৰিস্থিতি চম্ভালাৰ দায়িত্ব ?Body:ই টিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি পৰৱৰ্তী ডি জি পিৰ আসনত সুদক্ষ আৰক্ষী বিষয়া , দেশত " চুপাৰ কপ " ৰূপে পৰিচিত তপন কুমাৰ ডেকা অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত। ৰাজ্যৰ গৃহ বিভাগে ইতিমধ্যে এই সংক্ৰান্তীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ১৯৮৮ চনৰ হিমাচল প্ৰদেশ কেডাৰৰ আই পি এচ বিষয়া এইগৰাকী অসম সন্তানে সুদক্ষতাৰে বিগত দীৰ্ঘ সময় ধৰি কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ আছে।Conclusion:এইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ ওপৰত যোৱা সময়চোৱাত কেন্দ্ৰীয় চৰকাৰে অৰ্পণ কৰিছে বহু গুৰু দায়িত্ব। ৯০ ৰ দশকৰ মাজভাগত তেও কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ সহকাৰী সঞ্চালক হিচাপে অসমতো কাৰ্যনিৰ্বাহ কৰিছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় দূতাবাসতো কৰ্মৰত আছিল এইগৰাকী অসম সন্তান। " চুপাৰ কপ " ৰূপে পৰিচিত কিন্তু অত্যন্ত প্ৰচাৰ বিমুখ তপন কুমাৰ ডেকাৰ ওপৰত ২০০৪ চনত কেন্দ্ৰীয় চৰকাৰে ন্যস্ত কৰিছিল সেই সময়ত বাংলাদেশলৈ খেলিবলৈ যোৱা ভাৰতীয় ক্ৰিকেট দলৰ নিৰাপত্তাৰ দায়িত্বও।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.