ETV Bharat / state

Guwahati Metro new CP: অপৰাধমুক্ত গুৱাহাটী গঢ়াৰ অংগীকাৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

author img

By

Published : Dec 16, 2022, 7:40 PM IST

মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে দিগন্ত বৰাই (IPS Diganta Borah took charge as new CP) । শুকুৰবাৰে হৰমীত সিঙৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে দিগন্ত বৰাই । 2004 বৰ্ষৰ IPS বিষয়া দিগন্ত বৰা (IPS Diganta Borah) ।

Guwahati Metro new CP
IPS Diganta Borah
অপৰাধমুক্ত গুৱাহাটী গঢ়াৰ অংগীকাৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

গুৱাহাটী, 16 ডিচেম্বৰ: জনতাক সুৰক্ষিত ৰখা আৰু অপৰাধ ৰোধ কৰাৰ বাবে গুৱাহাটী আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা কৰিব ৷ এই মন্তব্য নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ (IPS Diganta Borah) । শুকুৰবাৰে কাৰ্যভাৰ গ্ৰহণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, মহানগৰৰ সুৰক্ষা বাবে যি ব্যৱস্থা ল’ব লাগে সকলো ব্যৱস্থা লোৱা হ’ব (Crimes in Guwahati City) ৷ গুৱাহাটীৰ আৰক্ষীৰ দলটোৰ লগত আলোচনা কৰি এই পদক্ষেপবোৰ লোৱা গ্ৰহণ কৰা হ’ব ।

মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে দিগন্ত বৰাই (IPS Diganta Borah took charge as new CP) । শুকুৰবাৰে হৰমীত সিঙৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে দিগন্ত বৰাই । 2004 বৰ্ষৰ IPS বিষয়া দিগন্ত বৰা ।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটীত অস্বাভাৱিকভাৱে অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত সলনি কৰা হয় (Guwahati new CP) ৷ আৰক্ষী আয়ুক্তৰ দায়িত্বত থকা হৰমীত সিঙক উক্ত পদৰ পৰা বদলি কৰি তেওঁৰ স্থানত গৃহ, ৰাজনৈতিক আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাক আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৷

ইফালে হৰমীত সিঙক অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (প্ৰশাসন) পদলৈ বদলি কৰা হৈছে । লগতে হৰমিত সিঙে তেওঁৰ ওপৰত পূৰ্বৰ পৰা ন্যস্ত থকা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (সীমান্ত) পদৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি থাকিব ।

উল্লেখ্য যে, শেহতীয়াকৈ গুৱাহাটী মহানগৰীত অবাধ গতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটা ৷ চুৰি-ডকাইতি, অপহৰণ আদিৰ লগতে প্ৰায়ে গুৱাহাটীত উদ্ধাৰ হ’বলৈ লৈছে মৃতদেহ ৷ তাৰোপৰি বৰ্তমানলৈকে কেইবাটাও গুলীচালনা তথা অন্যান্য ধৰণে সংঘটিত কৰা হত্যাৰ ঘটনাও সংঘটিত হৈছে উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীত (Firing incidents in Guwahati) ৷ তাৰোপৰি ড্ৰাগছ, গাঞ্জা আদি নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলনৰ ঘটনাটো আছেই ৷ এই সকলো নিয়ন্ত্ৰণ কৰাত গুৱাহাটী আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

এনে অভিযোগৰ পৰিপ্ৰেক্ষিততেই ৰদ-বদল কৰা হৈছে গুৱাহাটীৰ আৰক্ষী বিভাগত ৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ পদত দিগন্ত বৰাক নিযুক্তি দিয়াৰ লগতে গুৱাহাটী(পূৱ) আৰক্ষী উপ-আয়ুক্তৰ পদতো সালসলনি কৰা হৈছে ৷ সুধাকৰ সিঙক নলবাৰীৰ আৰক্ষী আয়ুক্ত হিচাপে বদলি লকৰি তেওঁৰ স্থলাভিসিক্ত কৰা হৈছে এ পি এছ চি কেলেংকাৰীৰ নায়ক ৰাকেশ পালক গ্ৰেপ্তাৰ কৰি চৰ্চিত হোৱা আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছৰক ৷ ইয়াৰ পূৰ্বে পানেছৰ আছিল লিগিৰিপুখুৰীস্থিত প্ৰথম APBNৰ কমাণ্ডেণ্ট ৷ এই ৰদ-বদলৰ পাচত গুৱাহাটী মহানগৰীত অপৰাধৰ মাত্ৰা হ্ৰাস কৰাত আৰক্ষীয়ে কেনে ভূমিকা পালন কৰে সেয়া অৱশ্যেই লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Home Department Reshuffle : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.