ETV Bharat / state

কোভিড-19 : অসমৰ চাহ উদ্যোগলৈ সংকট!

author img

By

Published : Apr 20, 2020, 6:00 PM IST

Updated : Apr 20, 2020, 9:26 PM IST

লক ডাউনৰ সময়ছোৱাত বিভিন্ন উদ্যোগসমূহৰ লগতে অসমৰ চাহ উদ্যোগিক ক্ষেত্ৰখনলৈও ভয়াৱহ বিপদ নামি আহিছে ৷ মাৰ্চ মাহৰ শেষৰ পৰা দেশৰ এই অচলাৱস্থাই চাহ উদ্যোগক আৰ্থিক মন্দাৱস্থালৈ ঠেলি দিছে ৷ নৰ্থ ইষ্ট টি এছ’চিয়েশ্যনে ইতিমধ্যে চাহ এই অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী,বাণিজ্য মন্ত্ৰীকে ধৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ মুৰব্বীসকললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷ ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নৰ্থ ইষ্ট টি এছ’চিয়েশ্যনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এই কথা সদৰী কৰে ৷

কোভিড-19 : অসমৰ চাহ উদ্যোগলৈ সংকট!
কোভিড-19 : অসমৰ চাহ উদ্যোগলৈ সংকট!

গুৱাহাটী, 20 এপ্ৰিল : কোভিড-19 কেন্দ্ৰিক অচলাৱস্থাই ভয়াৱহ সংকটৰ দিশে ঠেলি দিছে অসমৰ চাহ উদ্যোগ আৰু ৰাজ্যখনৰ 10 লক্ষাধিক চাহ শ্ৰমিকৰ পৰিয়ালক ৷ লক ডাউনৰ শেহতীয়া সময়ত চাহ উদ্যোগক আংশিকভাৱে ৰেহাই দিয়া হৈছে যদিও মাৰ্চ মাহৰ শেষৰ পৰা অব্যাহত হৈ থকা অচলাৱস্থাই ইতিমধ্যে চাহ উদ্যোগক আৰ্থিক মন্দাৱস্থালৈ ঠেলি দিছে ৷ সোমবাৰে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নৰ্থ ইষ্ট টি এছ’চিয়েশ্যনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে অসমৰ বৰ্তমানৰ চাহ উদ্যোগ ক্ষেত্ৰখনৰ পৰিস্থিতিৰ কথা সদৰী কৰে ৷ দেশৰ এই ভয়াৱহ পৰিস্থিতিৰ বাবে সৰু-বৰ থলুৱা চাহ খেতিয়কসহ বৃহৎ কোম্পানীসমূহৰ উপৰিও প্ৰত্যক্ষভাৱে অসমৰ 10 লাখ শ্ৰমিকৰ পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে ৷

কোভিড-19 : অসমৰ চাহ উদ্যোগলৈ সংকট!

চাহ উৎপাদনৰ ক্ষেত্ৰত অসম প্ৰায় 53 শতাংশ উৎপাদনেৰে দেশৰ ভিতৰত প্ৰথম স্থানত বৰ্তি আছে ৷ কিন্তু এই লক ডাউনৰ সময়ছোৱাত চাহ উদ্যোগে প্ৰায় 1800 কোটি টকাৰ এক বৃহৎ ব্যয়ৰ সন্মুখীন হ’ব লগা হৈছে ৷ বৰকাকতিয়ে জনোৱা মতে,এই সংকটৰ সময়ত চৰকাৰে যদি পদ্ধতিগতভাৱে কেতবোৰ ব্যৱস্থা গ্ৰহণ নকৰে,তেতিয়াহ’লে কৃষিভিত্তিক উদ্যোগিক খণ্ডই আৰু অধিক ভয়াৱহ সংকটৰ দিশে গতি কৰিব ৷

কোভিড-19 : অসমৰ চাহ উদ্যোগলৈ অশনি সংকট!

শেহতীয়া পৰিস্থিতিৰ এক অধ্যয়নৰ পিছত নৰ্থ ইষ্ট টি এছ’চিয়েশ্যনে প্ৰধানমন্ত্ৰী,বাণিজ্য মন্ত্ৰীকে ধৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ মুৰব্বীসকললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ এই স্মাৰক পত্ৰখনত শ্ৰমিকৰ বিপৰীতে জমা দিবলগীয়া ভৱিষ্যৎ নিধিৰ ধনৰ কিস্তি জুন মাহলৈ পিছুৱাই দিয়া,বিদ্যুৎ মাচুলৰ ওপৰত নতুন ৰাজসাহাৰ্যৰ ব্যৱস্থা কৰাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে তেওঁ সদৰী কৰে যে,অসমৰ চাহ উদ্যোগত প্ৰত্যক্ষভাৱে 10 লাখ শ্ৰমিক আৰু পৰোক্ষভাৱে 10 লাখ লোকৰ জীৱিকা জড়িত হৈ আছে ৷ কিন্তু কোভিড-19ৰ ফলত হোৱা এই পৰিস্থিতিয়ে এই 20 লক্ষ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে ৷ উল্লেখযোগ্য যে,প্ৰতিবছৰে অসমে প্ৰায় 6.5 নিযুত টন চাহ উৎপাদন কৰি দেশৰ ৰপ্তানি বাণিজ্যলৈ বিশেষ অৰিহণা আগবঢ়াই আহিছে

লগতে পঢ়ক : ভাৰতবৰ্ষত কৰ’ণা ভাইৰাছৰ সবিশেষ তথ্য

Last Updated : Apr 20, 2020, 9:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.