ETV Bharat / state

কল্পনা পাটোৱাৰীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Oct 16, 2020, 8:09 PM IST

সংগীত জগতৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰলৈ কল্পনা পাটোৱাৰী ৷ কি আশাৰে ৰাজনীতিৰ পথাৰত ভৰি দিলে কল্পনাই ৷ ৰাষ্ট্ৰীয়তাবাদী শিবিৰ এৰি হঠাৎ কিয় আঞ্চলিকতাবাদলৈ কল্পনা ৷ সকলো খুলি ক’লে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত ৷

Interview with Kalpana Patowary
Interview with Kalpana Patowary

গুৱাহাটী, 16 অক্টোবৰ : ভোজপুৰী সংগীতেৰে জনপ্ৰিয় হৈ পৰা অসম কন্যা তথা ভোজপুৰী কুইন কল্পনা পাটোৱাৰীয়ে শেহতীয়াকৈ যোগ দিলে অগপত ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত নিজৰ পৰিকল্পনা ইচ্ছা সম্পৰ্কে ব্যক্ত কৰিলে কল্পনা পাটোৱাৰীয়ে ৷

কল্পনা পাটোৱাৰীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

অসম আন্দোলনে বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছিল কল্পনাক ৷ সেয়ে সৰুৰে পৰা তেওঁৰ আছিল এটা জতীয়তাবাদী মন ৷ অসমৰ কাৰণে কাম কৰাৰ এটা মনোভাৱ লৈ অগপত যোগ দিছে কল্পনা পাটোৱাৰীয়ে ৷ জাতীয়তাবাদী ধাৰাটোক জীয়াই ৰখাৰ বাবেই তেওঁ যোগ দিছে অগপত ৷

অসম আন্দোলনে কেনেকৈ প্ৰভাৱিত কৰিছিল

কল্পনা পাটোৱাৰীৰ সমষ্টি হৈছে সৰভোগ ৷ আনহাতে সৰভোগ সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ গতিকে টিকটৰ কাৰণে সমষ্টিটোত অগপ-বিজেপিৰ এক মতানৈক্য হোৱাৰো আশংকা আছে ৷ কিয়নো কল্পনা যে টিকট প্ৰত্যাশ, সেই কথা একপ্ৰকাৰ তেওঁৰ কথাৰ পৰাই প্ৰমাণিত হৈছে ৷ আনহাতে একেদৰে পাটাচাৰকুছিতো টিকটৰ কাৰণে এক প্ৰকাৰ বিতৰ্ক সৃষ্টি হোৱাৰ পথত ৷ কিয়নো বৰ্তমানৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ ঠাইত প্ৰাৰ্থী দিব বিজেপিয়ে ৷ গতিকে টিকটৰ পৰা বঞ্চিত হোৱাৰ পথত জ্যেষ্ঠ অগপ নেতাগৰাকী ৷

অগপ সন্দৰ্ভত ধাৰণা

অসমৰ সৰ্বস্তৰৰ ৰাইজক ওলাই আহিবলৈ এই সাক্ষাৎযোগে অনুৰোধ জনালে কল্পনা পাটোৱাৰীয়ে ৷ যাতে সকলোৱে সমিল মিলেৰে আগবাঢ়ি যাব পাৰে আৰু উন্নয়নৰ এক নতুন দিশ সূচনা কৰিব পাৰে ৷

নিৰ্বাচন খেলিব নেকি কল্পনাই

লগতে পঢ়ক : অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.