ETV Bharat / state

আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস - আধুনিক নাৰ্চিঙৰ প্ৰতিষ্ঠাপক ফ্লোৰেন্স নাইটিংগেল

দিন ৰাতি একাকাৰ কৰি সদা জাগ্ৰত প্ৰহৰীৰ দৰে এনে দুৰ্যোগৰ সময়তো মানৱ জাতিৰ কাষত থিয় দিয়া, প্ৰতিগৰাকী নাৰ্চলৈ আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱসৰ শুভকামনা ।

international nurses day
international nurses day
author img

By

Published : May 12, 2020, 5:52 PM IST

গুৱাহাটী, 12 মে': 1820 চনৰ 12 মে'ৰ দিনটোতেই জন্ম হৈছিল ফ্লোৰেন্স নাইটিংগেলৰ । যাক কোৱা হয় আধুনিক নাৰ্চিঙৰ প্ৰতিষ্ঠাপক । ফৰাচী যুদ্ধৰ সময়ত নিশা হাতত চাকি লৈয়ো এই গৰাকী মহান ধাতৃয়ে কোনো সৈনিকৰ মাজত ভেদাভেদ নকৰি আগবঢ়াই গৈছিল সেৱা । দা লেডী উইথ দা লেম্পখ্যাত মহান নাৰী গৰাকীৰ স্মৰণতেই ৰাষ্ট্ৰ সংঘৰ সদস্য, প্ৰতিখন ৰাষ্ট্ৰই মানৱ সেৱাত ব্ৰতী হোৱা নাৰ্চ বা ধাত্ৰী সকলক তেওঁলোকৰ অৱদানৰ স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 12 মে'ৰ দিনটোক নাৰ্চ বা ধাতৃ দিৱস হিচাপে পালন কৰি আহিছে ।

আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস

কিন্তু এইবেলি এই গুৰুত্বপূৰ্ণ দিনটো আনন্দ উলাহৰ মাজত পালন কৰাৰ পৰিৱৰ্তে, কৰ'ণাৰে জৰ্জৰিত এই জৰুৰীকালীন সময়ত মানৱ জাতিক স্থিতপ্ৰজ্ঞ হৈ সেৱা আগবঢ়াই গৈছে নাৰ্চসকলে । এতিয়া দিন ৰাতি একাকাৰ কৰি নাৰ্চ সকলে সদা জাগ্ৰত প্ৰহৰীৰ দৰে থিয় দিছে মানৱ জাতিৰ কাষত । যি কৰ্মক স্বীকৃতি প্ৰদান কৰিবলৈ হয়তো এই বিশেষ দিনটোও পৰ্যাপ্ত নহয় ।

লগতে পঢ়কঃ সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হ'ল ফাচি বজাৰৰ ৰাজকমল হোটেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.