ETV Bharat / state

International Labour Day: সংহতি দিৱসত শোষণৰ প্ৰতিবাদত উত্তাল মহানগৰী

author img

By

Published : May 1, 2023, 10:53 PM IST

আজি আন্তৰ্জাতিক মে' দিৱস (International May Day in Assam)। এই মে’ দিৱসতেই শ্ৰমিকসকলে সংহতি দিৱস পালন কৰি আহিছে । ইয়াৰ সৈতে সংগতি ৰাখি ৰাজ্য়ৰ বিভিন্ন ঠাইত আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী ।

International May Day in Assam
আন্তৰ্জাতিক মে' দিৱস পালন
আন্তৰ্জাতিক মে' দিৱস পালন

গুৱাহাটী, ১ মে': শোষণ-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ (International Labour Day 2023 in Assam)। দীঘলী পুখুৰীৰ পাৰত সোমবাৰে চি আই টি ইউসহ ১৪ টা শ্ৰমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । শ্ৰমিক দিৱসত শোষিত বঞ্চিত লোকে শোষণ-বঞ্চনাৰ অৱসান বিচাৰি শোষক গোষ্ঠীক প্রত্যাহ্বান জনায় । প্ৰতিবাদ সাব্যস্ত কৰি সংগঠন কেইটাৰ সদস্যই কয় যে, মানৱ সভ্যতা আজি প্রত্যাহবানৰ সন্মুখীন হৈছে ।

শ্ৰমজীৱী জনগণেও এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সংগ্ৰাম কৰি আছে । দেশৰ শ্ৰমিক-কৰ্মচাৰীয়ে দীর্ঘদিন সংগ্ৰামৰ মাজেৰে অৰ্জন কৰা শ্রম আইনবোৰ শ্ৰম সংস্কাৰৰ অজুহাতত মালিক শ্ৰেণীৰ স্বাৰ্থত সংশোধন ঘটাই ২৯ খন শ্রম আইনক মাত্ৰ চাৰিটা শ্ৰম কোডলৈ ৰূপান্তৰ কৰিলে কেন্দ্ৰৰ বিজেপি চৰকাৰে ।

প্ৰতিবাদকাৰীসকলে পুনৰ কয় যে, শ্রমিক-কৰ্মচাৰীৰ দেশজোৰা প্ৰবল প্ৰতিবাদৰ ফলত বৰ্তমানে প্রত্যক্ষভাৱে শ্ৰম কোড ৰূপায়নৰ পৰা দুখোজ পিছুৱাব লগা হৈছে এই চৰকাৰে । এই কাৰ্যই প্ৰমাণ কৰিছে যে, এই চৰকাৰ সম্পূৰ্ণভাৱে পুঁজিপতি বণিয়াৰ চৰকাৰ (International May Day in Guwahati) ।

আজিৰ সময়ত শ্ৰমিকক শোষণ কৰি প্ৰতিদিনে শ শ কোটি টকা মুনাফা অর্জন কৰা কর্পোৰেট গোষ্ঠী কিন্তু জনগণৰ সপক্ষে নাই । এই চৰকাৰৰ নব্য উদাৰবাদী অর্থনীতিয়ে ৰাজহুৱা খণ্ড দুৰ্বল কৰি আনিছে । চৰকাৰখনে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণৰ অভিযান চলাই আছে । ৰে'ল, তেল, সকলোবোৰ বিত্তীয় খণ্ড, সেৱা খণ্ড আদিকে ধৰি দেশৰ সকলোবোৰ সম্পদৰ কুক্ষিগত হ'বলৈ গৈ আছে বৃহৎ কর্পোৰেট গোষ্ঠীৰ হাতত ।

তেওঁলোকে পুনৰ কয় যে, কৃষকৰ ঘামৰ বিনিময়ত দেশৰ খাদ্য ভঁড়াল আজি উভৈনদী যদিও গৰীৱ কৃষকৰ সন্তানে খাদ্যৰ অভাৱত মৃত্যুক সাৱতি ল'ব লগাত পৰিছে । কৃষকক সকাহ দিয়াৰ পৰিৱৰ্তে কৃষক আৰু কৃষি বিৰোধী আইন প্ৰস্তুত কৰি কৃষি ক্ষেত্ৰখনো বৃহৎ কর্পোৰেট গোষ্ঠীৰ নিয়ন্ত্রণাধীন কৰিব ধৰিছে । এনেবোৰ জনবিৰোধী আৰু শ্রমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হ'বলৈ আহ্বান জনাইছে মে' দিৱসে ।

অসমৰ ৰাজ্য চৰকাৰখনো একেই সূতাৰে বন্ধা । হিতাধিকাৰী সৃষ্টি কৰি ভোট বেংক সবল কৰিছে সঁচা, ইয়াৰ বিপৰীতে কাম কৰা শ্ৰমিকক অধিকাৰৰ পৰা বঞ্চিত কৰিছে । অসমৰ আজি চাহ শ্ৰমিকে কাম কৰে মাত্ৰ ২৩২ টকা দিন হাজিৰালৈ । চৰকাৰী আঁচনি ৰূপায়ণত নিয়োজিত অংগনৱাড়ী কর্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলক কামৰ বিনিময়ত মজুৰি নিদিয়ে, সামান্য মাননিৰ ধন লৈ চৰকাৰী শোষণৰ বলি হৈ আছে আঁচনিভুক্ত কৰ্মচাৰীসকল ।

প্ৰতিবাদকাৰীসকলে পুনৰ কয় যে, অসমৰ ঔদ্যোগিক খণ্ডৰ শ্রমিক-কৰ্মচাৰীসকলক ২০১৫ চনৰ পিচৰে পৰা প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি আহিছে । শ্রম আইনক বুঢ়া আঙুলি দেখুৱাই অসমত ব্যাপক ঠিকা পদ্ধতি প্ৰৱৰ্তন হৈছে । ঠিকা শ্রমিকসকল তীব্ৰ শোষণৰ বলি হ'ব লগা হৈছে । এনেবোৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে বৰ্তমানৰ অসম চৰকাৰে কাকো কোনো ধৰণৰ প্ৰতিবাদ কৰিবলৈ নিদিয়ে । শান্তিপূর্ণ প্রতিবাদ কৰাৰ গণতান্ত্রিক অধিকাৰ অসমত আজি ভূ-লুণ্ঠিত বুলি উল্লেখ কৰি তেওঁলোকে কয় যে, নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণি আঁচনি প্ৰৱৰ্তনৰ দাবীত দেশজুৰি চলা এন পি এছ বিৰোধী আন্দোলনেও বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতাকে প্ৰত্যাহ্বান জনাইছে ।

লগতে পঢ়ক: International Labour Day: লখিমপুৰত বিশ্ব শ্ৰমিক দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.