ETV Bharat / state

গুৱাহাটীত 'ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এডভান্সড ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জাৰী' উন্মোচন

author img

By

Published : Jun 11, 2023, 11:09 PM IST

এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জনছৰ অফিচিয়েল জাৰ্নেল মুকলি কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । যেতিয়ালৈকে কাম আৰু ইয়াৰ ক্লিনিকেল ফলাফল বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচিত জাৰ্নেলত প্ৰকাশ নহয় তেতিয়ালৈকে কোনো কৌশল বা প্ৰক্ৰিয়াক সম্পন্ন হোৱা বুলি মান্যতা দিব নোৱাৰি । প্ৰযুক্তি জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ ক্ষেত্রত গুৰুত্ব আৰোপ ৰাজ্যপালৰ ।

International Journal of Advanced Robotic and Innovative Surgery
ইণ্টাৰনেশ্যনেল জাৰ্নেল উন্মোচন

গুৱাহাটী,১১ জুন: এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জনছৰ (এ আৰ আই এছ) অফিচিয়েল জাৰ্নেল 'ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এডভান্সড ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জাৰী'ৰ দেওবাৰে প্ৰথমটো সংস্কৰণ মুকলি কৰা হয় । গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ইয়াৰ উন্মোচন কৰে ।

উল্লেখ্য যে, ২০২২ চনৰ এপ্ৰিল মাহত গুৱাহাটীত ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰথম ৰবটিক চাৰ্জন এছ’চিয়েচন গঠন হয় । এবছৰৰ ভিতৰত এই এছ’চিয়েচনে ৮০গৰাকীতকৈ অধিক শল্য চিকিৎসকক প্ৰশিক্ষণ দিয়াৰ উপৰি চেন্নাইৰ শ্ৰীৰামচন্দ্ৰ স্বাস্থ্য আৰু শৈক্ষিক গৱেষণা প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ পৰিছে ।

দেওবাৰে অনুষ্ঠিত এই অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড৹ অশোক পুৰাণিক আৰু গুৱাহাটীৰ আই আই টিৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক পি কে আয়াৰ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল । অনুষ্ঠানত এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জনছৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাৰ্নেলৰ মুখ্য সম্পাদক অধ্যাপক ডাঃ সুভাষ খান্নাই ভাষণ প্ৰসংগত সৰু চহৰত ৰবটিক ব্যৱস্থা স্থাপনৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰে ।

লগতে তেওঁ বিগত দুটা দশক ধৰি সমগ্ৰ বিশ্বতে ক্লিনিকেল আৰু শৈক্ষিক দৃষ্টিকোণ উভয় ক্ষেত্ৰতে এই উল্লেখযোগ্য প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ কেনেদৰে সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে সেই বিষয়েও জানিবলৈ দিয়ে । তেওঁ ৰবটিক চাৰ্জাৰীৰ বিকাশৰ বাবে উৎসৰ্গিত প্ৰথমটো স্বতন্ত্ৰ এছিয়ান সংঘ, এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জনছৰ জন্মৰ বিষয়েও সদৰী কৰে ।

তেওঁ কয় যে, এছ’চিয়েশ্যনে চিকিৎসা উদ্ভাৱনক আগুৱাই নিবলৈ সকলো ধৰণৰ চেষ্টা চলাই থকাৰ লগতে অস্ত্ৰোপচাৰ বৰ্ত্তমান সময়ত উপলব্ধ আটাইতকৈ অত্যাধুনিক অস্ত্ৰোপচাৰ মডেলসমূহ প্ৰয়োগ কৰিবলৈ সুবিধা লাভ কৰাৰ লগতে শক্তিশালী প্ৰশিক্ষণ আৰু উন্নত সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই ৰবটিক্সৰ ওপৰত এনেধৰণৰ প্ৰথমখন আলোচনী প্ৰকাশ কৰাৰ বাবে সম্পাদক মণ্ডলীক অভিনন্দন জ্ঞাপন কৰে । তেওঁ লগতে কয় যে, যেতিয়ালৈকে কাম আৰু ইয়াৰ ক্লিনিকেল ফলাফল বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচিত জাৰ্নেলত প্ৰকাশ নহয় তেতিয়ালৈকে কোনো কৌশল বা প্ৰক্ৰিয়াক সম্পন্ন হোৱা বুলি মান্যতা দিব নোৱাৰি ।

তেওঁ এই প্ৰযুক্তি জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰে । আনহাতে ভাষণত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড৹ অশোক পুৰাণিক আৰু গুৱাহাটী আই আই টিৰ কাৰ্যবাহী সঞ্চালক, অধ্যাপক পি কে আয়াৰে এই উন্নয়নক লৈ আনন্দ প্ৰকাশ কৰাৰ লগতে এ আৰ আই এছে আই আই টি, এন আই পি আৰ আৰু এইমছৰ গৱেষণা বিজ্ঞানী সকলৰ সৈতে যৌথভাৱে উদ্ভাৱনীমূলক কাৰ্যত সক্ৰিয়ভাৱে সহযোগ কৰিব লাগে বুলি মত প্ৰকাশ কৰে ।

অনুষ্ঠানত ৰাষ্ট্ৰীয় ফাৰ্মাক'লজিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ইউ এছ এন মূৰ্তি, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু অসম শল্য চিকিৎসক সন্থাৰ কেইবাগৰাকী প্ৰাক্তন সভাপতিকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । ৰবটিক বক্ষ শল্য চিকিৎসক আৰু বক্ষ শাখাৰ শাখাগত সম্পাদক ডাঃ বেলাল বিন আচাফেও অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।

আনহাতে বহিঃৰাজ্যৰ সকলো সম্পাদকীয় ব’ৰ্ডৰ সদস্যই ভাৰ্চুৱেলি অনুষ্ঠানটোত যোগদান কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ ৰবটিক চাৰ্জনসকলৰ দ্বাৰা এই আলোচনীখনৰ সম্পাদক মণ্ডলী গঠন কৰা হৈছে । এই আলোচনীখন সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

অনাগত বৰ্ষৰ পৰা প্ৰতি তিনিমাহৰ মূৰত এই আলোচনীখন প্ৰকাশিত হ'ব বুলি এপল’ হাস্পতাল চেন্নাইৰ উপ সম্পাদক ডাঃ ৰাজ পালনিয়াপ্পানে অৱগত কৰে । তেওঁ উল্লেখ কৰে যে জাৰ্নেলখনে পেটেণ্ট অধ্যয়ন (টেকন’মেট্ৰিক্স) আৰু ৱেব ভিত্তিক অধ্যয়ন (ৱেব মেট্ৰিক্স)কে ধৰি ৰবটিক্সৰ বিভিন্ন ক্ষেত্ৰ সম্পৰ্কীয় প্ৰবন্ধ প্ৰকাশ কৰিব ।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু ক্ষেত্ৰীয় গৱেষণা, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ পৰিৱেশ বিশ্লেষণ কৰিবলৈ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সূচক ব্যৱহাৰ কৰা প্ৰকাশনসমূহ প্ৰকাশ কৰা হ’ব । মুক্ত বিজ্ঞান, নতুন সঁজুলি, তথ্য আহৰণৰ নতুন পন্থা, মেট্ৰিক্স আৰু প্ৰকাশনৰ নতুন ৰূপকে ধৰি সমসাময়িক দিশত আলোকপাত কৰা প্ৰবন্ধসমূহক উৎসাহিত কৰা হ'ব বুলি জানিবলৈ ।

লগতে পঢ়ক: MPTheater inaugurated: হাফলং হ্ৰদৰ ওপৰত এমপিথিয়েটাৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.