ETV Bharat / state

'খেলৰত্ন'ৰ নামাকৰণকলৈ কি ক'লে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়ে ? - খেলৰত্ন

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ নতুন নামাকৰণকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়ে ।ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত দেৱাশীষ ৰয়ে কয়-' ক্ৰীড়াৰ পুৰস্কাৰ ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ নামত হ'ব লাগে ।

international footballer Debashish Roy react on 'KhelRatna'
'খেলৰত্ন'ৰ নামাকৰণকলৈ কি ক'লে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়ে ?
author img

By

Published : Aug 6, 2021, 10:33 PM IST

গুৱাহাটী, ৬ আগষ্ট : ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ৰ নাম সলনি কৰি ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ কৰা হৈছে । এই প্ৰসংগত টুইটাৰত প্ৰধানমন্ত্ৰী নৰন্দ্ৰে মোদীয়ে কয়- ‘‘দেশক গৰ্বিত কৰাৰ বহু মূহুৰ্তৰ মাজতে মোক অনেকেই অনুৰোধ কৰিছে যে খেলৰত্ন পুৰস্কাৰ মেজৰ ধ্যান চান্দক সমৰ্পন কৰা হওক । মানুহৰ এই আবেগৰ কথা মনত ৰাখিয়েই ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰৰ নাম এতিয়াৰে পৰা ধ্যান চান্দ খেলৰত্ন ৰখা হ’ল ।’’

'খেলৰত্ন'ৰ নামাকৰণকলৈ কি ক'লে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়ে ?

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ নতুন নামাকৰণকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়ে । ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত খ্যাতিমান ফুটবলাৰ দেৱাশীষ ৰয়ে কয়- ‘‘ক্ৰীড়াৰ পুৰস্কাৰ ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ নামত হ'ব লাগে । এজন যোগ্য ব্যক্তিক যোগ্য সন্মান দিয়া হৈছে । হকীৰ যাদুকৰ ধ্যান চান্দক বিশ্বৰ সকলোৱে জানে ।’’ খেলুৱৈ হিচাপে এই বিষয়ত অত্যন্ত সুখ অনুভৰ কৰাৰ কথা সদৰি কৰে দেৱাশীষ ৰয়ে ।

লগতে পঢ়ক : ‘খেল ৰত্ন’ বঁটাক ধ্যান চান্দৰ নামেৰে নামাকৰণৰ সিদ্ধান্তক আদৰণি ভাৰতীয় ক্ৰীড়া সমিতিৰ

‘‘ৰাজনীতিৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই আৰু মই ৰাজনীতি বুজি নাপাওঁ ৷ খেলুৱৈ হিচাপে ধ্যান চান্দৰ নামত খেলৰত্নৰ নামাকৰণ কৰাক লৈ মই সুখ লাভ কৰিছো ।’’ ইটিভি ভাৰতৰ সাংবাদিকৰ আগত এইদৰে কয় দেৱাশীষ ৰয়ে ।

উল্লেখ যে, অসমৰ কৰিমগঞ্জত ১৯৫৪ চনৰ ২ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা দেৱাশীষ ৰয়ে দেশৰ কেইবাটাও খ্যাতনামা ফুটবল ক্লাৱৰ হৈ খেলিছিল । তেখেত অসমৰ গুৱাহাটী টাউন ক্লাৱ আৰু নৱজ্যোতি ক্লাৱকো প্ৰতিনিধিত্ব কৰিছিল । সন্তোষ ট্ৰফীত তেখেতে অসমক দুবাৰ কৈ প্ৰতিনিধিত্ব কৰিছিল । আন্তঃৰাষ্ট্ৰীয় বহুকেইখন খেলত দেৱাশীষ ৰয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক : ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.