ETV Bharat / state

জিলাভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ কুঁহি ডেকাৰ

গুৱাহাটীৰ সৰুসজাইস্থিত ছেমফৰ্ড বিদ্যালয়ত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক জিলা ভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে মালিগাঁৱৰ কুঁহি ডেকাই ।

author img

By

Published : Nov 3, 2020, 7:38 AM IST

শ্ৰেষ্ঠত্বৰ খিতাপ কুঁহি ডেকা
শ্ৰেষ্ঠত্বৰ খিতাপ কুঁহি ডেকা

গুৱাহাটী, 3 নৱেম্বৰ: চতুৰ্থ সংখ্যক জিলা ভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে মালিগাঁৱৰ কুঁহি ডেকাই । কামৰূপ মহানগৰ জিলা যোগ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাইস্থিত ছেমফৰ্ড বিদ্যালয়ত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন । কৰ'ণা অতিমাৰীৰ বাবে অতি কম সংখ্যক প্ৰতিযোগী আৰু দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰা হৈছিল জিলা ভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতা ।

জিলাভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ কুঁহি ডেকাৰ
জিলাভিত্তিক যোগ ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ কুঁহি ডেকাৰ

প্ৰতিযোগিতাৰ ১০-১২ বছৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে কুঁহি ডেকাই। বিগত চাৰি বছৰ ধৰি ধাৰাবাহিকভাৱে শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰি আহিছে কুঁহিয়ে । কণমানি কুঁহিৰ সাফল্যত অতিকৈ আনন্দিত পৰিয়ালৰ লগতে তেওঁৰ প্ৰশিক্ষক । উল্লেখ্য যে, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া যোগ প্ৰতিযোগিতাৰ বাবে সম্প্ৰতি প্ৰস্তুতি আৰম্ভ কৰিছে কণমানিগৰাকীয়ে ।

লগতে পঢ়ক: ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.