ETV Bharat / state

Inspirational story: পদপথত ভাত বেচি পুত্ৰক চিকিৎসক পঢ়ুৱাইছে সুনিল ঠাকুৰীয়াই - জি এম চি এইচ

প্ৰথমাৱস্থাত ৰাস্তাৰ কাষত ডাবৰ দোকান খুলি ঘৰখনক কিছু আৰ্থিক সকাহ দি পিতৃয়ে বৰ পুত্ৰৰ সৈতে মিলি ৰাস্তাৰ কাষতে খুলিলে এখন ভাতৰ দোকান ৷ সেই উপাৰ্জনেৰেই আজি সৰু পুত্ৰই পূৰ কৰিছে চিকিৎসক হোৱাৰ সপোন (inspirational story) ৷ এই কাহিনী দৰিদ্ৰতাত হাৰ নমনা এটা উচ্চাভিলাষী পৰিয়ালৰ-

Guwahati medical student inspirational story
এটা প্ৰেৰণাদায়ক কাহিনী
author img

By

Published : May 1, 2023, 7:10 PM IST

এটা প্ৰেৰণাদায়ক কাহিনী

গুৱাহাটী, ১ মে : পুৱা ৫ বজাৰ লগে লগে জালুকবাৰীৰ পৰা পাণবজাৰলৈ ঢপলিয়াই আহে তেওঁ । নহ’লে যে দিনটোৰ একমাত্ৰ উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰিব । পদপথৰ ভাতৰ দোকান খনেই পৰিয়াল পোহপালৰ একমাত্ৰ ভৰসা সুনিল ঠাকুৰীয়াৰ ৷ নলবাৰী জিলাৰ চামতাৰ সুনিল ঠাকুৰীয়া, আজিৰ দিনত সমাজৰ বাবে এজন আদৰ্শবান ব্যক্তি ৷ পাণবজাৰৰ পদপথত থকা ভাতৰ হোটেলখনেৰেই ৫ জনীয়া পৰিয়াল পোহপাল দি আহিছে তেওঁ ৷ সেয়েহে পুৱা ৫ বজাৰ লগে লগে খৰ ধৰ কৈ শোৱা পাটি এৰি বৰ পুত্ৰৰ লগত পাণবজাৰলৈ আহে তেওঁ ।

ৰাস্তাৰ কাষৰ দোকানৰ পৰা হোৱা উপাৰ্জনেৰেই আজি সৰু পুত্ৰক চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰাই দিবলৈ সক্ষম হৈছে সুনিল ঠাকুৰীয়া ৷ পিতৃৰ সেই দোকানখনৰ উপাৰ্জনেৰেই সৰু পুত্ৰ ধীৰাজে চিকিৎসক হোৱাৰ আখৰা চলাইছে । সকলোৰে দৃষ্টিত সফল পিতৃ সুনিল ঠাকুৰীয়াৰ ত্যাগ আৰু কষ্টত গৰ্বিত পুত্ৰ ।

গাঁৱতে বিভিন্ন কাম কৰি কোনোমতে পৰিয়াল চলাই থকা ঠাকুৰীয়া কামৰ সন্ধানত ২০০০ চনতে গুৱাহাটীলৈ আহিছিল । প্ৰথমে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত ডাব নাৰিকল বিক্ৰী কৰি ক্ষুদ্ৰকৈ ব্যৱসায় আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত তামোল-পান বিক্ৰী কৰিবলৈ লৈছিল । ইয়াৰ পিচত ২০০৮ চনৰ পৰা তেওঁ পাণবজাৰৰ পদপথৰ কাষত ভাতৰ হোটেল আৰম্ভ কৰে ।

উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি তাতে শিক্ষা জীৱন সমাপ্ত কৰি হোটেলত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে জ্যেষ্ঠ পুত্ৰ বিশ্বজিত ঠাকুৰীয়া । সেই হোটেলখনেৰেই আজি পৰ্যন্ত সুন্দৰকৈ তেওঁ পৰিয়ালটো পোহপাল দি আহিছে । লগতে পূৰণ কৰিলে সৰু পুত্ৰৰ চিকিৎসক হোৱাৰ সপোন ।

সৰুৰে পৰাই চিকিৎসক হোৱাৰ সপোন দেখিছিল ঠাকুৰীয়াৰ সৰু পুত্ৰ ধীৰাজ ঠাকুৰীয়াই (Dhiraj Thakuria son of Sunil Thakuria) । মেধাৱী ধীৰাজে 2014 চনত ৮৯ শতাংশ নম্বৰ লাভ কৰি পশ্চিম চামতা হাইস্কুলৰ পৰা উত্তীৰ্ণ হয় । উচ্চতৰম মাধ্যমিক পৰীক্ষাতো ৮৯ শতাংশ নম্বৰ লাভ কৰি নলবাৰী শংকৰদেৱ একাডেমী পৰা সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁ ।

ইয়াৰ পিচতে জি এম চি এইচত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰে (inspirational story of Dhiraj Thakuria) । এতিয়া তেওঁ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম সাং কৰি জি এম চি এইছত প্ৰেকটিচ কৰি আছে ।

পিতৃ আৰু ভাতৃৰ কষ্ট ত্যাগৰ ফলত ধীৰাজ ঠাকুৰীয়াই চিকিৎসক হৈ পৰিয়ালটোৰ লগতে অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে । আজিৰ নৱপ্ৰজন্মৰ বাবে ধীৰাজ ঠাকুৰীয়া এক বিৰল আদৰ্শ । দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰিলে ধীৰাজে (Guwahati medical student inspirational story) ।

লগতে পঢ়ক : Veerangana Mulagavaru Award: লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ’ল বীৰাংগনা মূলাগাভৰু বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.