ETV Bharat / state

Indrani Tahbildar case: ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ বাবে বিজেপি নেতা অনুৰাগ চলিহাক গ্ৰেপ্তাৰ

author img

By

Published : Aug 16, 2023, 5:07 PM IST

এতিয়াও ৰহস্যৰ আৱৰ্তত আছে বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যুৰ ঘটনা ৷ ঘটনাৰ সঠিক তদন্তৰ বাবে চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে ইন্দ্ৰাণীৰ স্বামী ৰিতেশ তহবিলদাৰে ৷

Indrani Tahbildar case
Indrani Tahbildar case
ইন্দ্ৰানী তহবিলদাৰ মৃত্যুৰ তদন্ত বিচাৰি গোচৰ ৰুজু

গুৱাহাটী, 16 আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ মৃত্যুৰ তদন্ত বিচাৰি গোচৰ ৰুজু ৷ বুধবাৰে চানমাৰি থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি এটা গোচৰ ৰুজু কৰে ইন্দ্ৰানীৰ স্বামী ৰিতেশ তহবিলদাৰে । বুধবাৰে পুৱা চানমাৰী থানাত উপস্থিত হয় ইন্দ্ৰানী তহবিলদাৰৰ স্বামী ৰিতেশ তহবিলদাৰ ।

চানমাৰি থানাত সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি এটা গোচৰ ৰুজু কৰি ৰিতেশ তহবিলদাৰে ঘটনা সন্দৰ্ভত মন্তব্য কৰি কয়, ‘‘মই এটা গোচৰ ৰুজু কৰিছো । এজাহাৰত অনুৰাগ চলিহাৰ নাম উল্লেখ কৰিছিলো । ইন্দ্ৰানী তহবিলদাৰৰ মাতৃৰ ঘৰত কিছু দিনৰ পৰা ভাড়াতীয়া হিচাপে আছিল বিজেপি নেতা অনুৰাগ চলিহা । ফটো কোনে ভাইৰেল কৰিলে সেয়া আৰক্ষীৰ তদন্তত ওলাব । বাকী সকলৰ কথা মই নাজানোঁ, আৰক্ষীয়ে বাকী তদন্ত কৰিব ।’’

স্বামী ৰিতেশ তহবিলদাৰে লগতে কয়, ‘‘ৰাজনীতিৰ লাইনত মই জড়িত নহয়, সেইবাবে মই এইবোৰ কথা গম নাপাওঁ । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰিব বুলি মোৰ বিশ্বাস আছে ।’’ ইফালে আৰক্ষীয়ে অনুৰাগ চলিহাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই 7 দিনৰ বাবে নিজৰ জিম্মাত লৈছে ৷

উল্লেখ্য যে ইন্দ্ৰাণীৰ মৃত্যুৰ দিনা ব্যৱসায়ৰ সূত্ৰে কলকাতাৰ বালিচোৰলৈ গৈছিল স্বামী ৰিতেশ তহবিলদাৰ । সেইদিনা প্ৰায় 5 বাজি 15 মিনিটত ঘৰৰ কাম কৰা ছোৱালীজনীয়ে ইন্দ্ৰাণীৰ মৃত্যুৰ খবৰ দিছিল স্বামী ৰিতেশক ।

ইফালে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰাৰ পিচতে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ভাইৰেল হৈছে ইটোৰ-পিছত সিটো ফোন কল । ঘটনাৰ সঠিক তদন্ত কৰিলে মুখা খোল খাব পাৰে বিজেপিৰ বহু নেতা-কৰ্মী ।

লগতে পঢ়ক: BJP Kishan morcha news : সতীৰ্থৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে বিজেপিৰ শীৰ্ষনেত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.