গুৱাহাটী,২৩ ছেপ্টেম্বৰ: মহানগৰীৰ নুনমাটিস্থিত ইণ্ডিয়ান অইলৰ ৰাজ্যিক মুখ্য কার্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰে ইণ্ডিয়ান অইলৰ কাৰ্যবাহী পৰিচালক জী.ৰমেশে(Press meet by Indian oil corporation limited)৷ সংবাদমেলখনত কাৰ্যবাহী পৰিচালকগৰাকীয়ে কয় যে ইণ্ডিয়ান অইলৰ ৯ টা বাল্ক ষ্টোৰেজ ডিপো / টাৰ্মিনেল তিনিচুকীয়া, কামৰূপ, হোজাই, কাছাৰ, শোণিতপুৰ, পশ্চিম ইম্ফল, ত্ৰিপুৰা(এন), পাপুম্পাৰে আৰু ডিমাপুৰত আছে । ৮ টা এলপিজি বটলিং প্ৰকল্প গুৱাহাটী, শিলচৰ, গোপানাৰী, বঙাইগাঁও, চেকমাই, আগৰতলা আৰু ডিমাপুৰত অৱস্থিত, যাৰ জৰিয়তে ৰাজ্যখনৰ এলপিজিৰ প্ৰয়োজনীয়তা পূৰণ কৰা হৈছে ।
ইণ্ডিয়ান অইলৰ আগৰতলা, আইজল লগতে বৰাপানী, চাবুৱা, ডিব্ৰুগড়, ডিমাপুৰ, ডুমা, গুৱাহাটী, ইম্ফল, যোৰহাট, কুম্ভিগ্ৰাম, লীলাবাৰী, নাহৰলগুন, পাচিঘাট আৰু জিৰোত মুঠ ১৫টা বিমান ইন্ধন ষ্টেচন আছে(Indian Oil) । সংবাদমেলত ইণ্ডিয়ান অইলৰ ২০২২-২৩ বর্ষৰ মূল লক্ষ্য উল্লেখ কৰিবলৈ গৈ ইণ্ডিয়ান অইলৰ কাৰ্যবাহী পৰিচালকগৰাকীয়ে অসমৰ বানপানীৰ সময়ত পেট্ৰ'লিয়াম সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান ধৰাৰ বিষয়ে অৱগত কৰে ৷ জী.ৰমেশে পুনৰ কয় যে, ইণ্ডিয়ান অইলৰ ডিইউআৰএপিইভি (DURAPAVE ) ব্যৱহাৰ কৰি নিৰ্মাণ কৰা শিলচৰ বিমানবন্দৰৰ পৰা চহৰলৈ যোৱা পথটো এসপ্তাহ পানীৰ তলত ডুবি থকা স্বত্বেও উৎকৃষ্ট অৱস্থাত আছিল ।
ইফালে,মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ পেট্ৰ'লুৱেম ডিপো/টাৰ্মিনেলৰ বাবে উন্নত পৰ্যায়ৰ ভূমি ইতিমধ্যে চূড়ান্ত কৰা হৈছে বুলি তেওঁ কয় । প্ৰিমিয়াম/সেউজীয়া ইন্ধন উত্তৰ-পূৱত উপলব্ধ কৰা হৈছে । ভাৰতত প্ৰথমবাৰৰ বাবে - মিথানল মিশ্ৰিত পেট্ৰ'ল (এম ১৫) ২৮ তাৰিখে ডিগবৈৰ পৰা মুকলি কৰা হৈছিল ৷ লগতে উত্তৰ গুৱাহাটী বিপিত সফলতাৰে ১৫০ কিলোৱাট সৌৰ শক্তি প্ৰকল্প আৰম্ভ কৰা হৈছে বুলি সংবাদমেলখনত কাৰ্যবাহী পৰিচালকগৰাকীয়ে উল্লেখ কৰে ।
চলিত বিত্তীয় বৰ্ষত নৱীকৰণযোগ্য শক্তিৰ জৰিয়তে মুঠ ব্যৱহাৰৰ ২৫% ৰো অধিক ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে । তেওঁ লগতে কয়,বাংলাদেশৰ পৰা বৃহৎ পৰিমাণৰ এলপিজি আমদানিৰ জৰিয়তে আঞ্চলিক বাণিজ্যিক গতি প্ৰদান কৰা হয় আৰু বাংলাদেশৰ মাজেৰে পি.ও.এল. সামগ্ৰী পৰিবহণৰ বাবে ইণ্ডিয়ান অইল আৰু বাংলাদেশ চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ বুজাবুজি চুক্তি সম্পন্ন হয় ।
নিৰ্ধাৰিত দিনৰ পূৰ্বে কেপেক্সৰ লক্ষ্য পূৰণ কৰি উত্তৰ-পূবত বিনিয়োগ বৃদ্ধি কৰি মুঠ কেপেক্স বিনিয়োগ ৩৯.০৩ কোটি টকা কৰা হৈছে । ২৩২% বৃদ্ধিৰ লক্ষ্যৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষৰ আগষ্ট ২২ লৈ ৯০.৫৮ কোটি টকা বৃদ্ধি কৰা হয় । ২২-২৩ বিত্তীয় বৰ্ষৰ বাবে মুঠ লক্ষ্য হৈছে ১০২.৭২ কোটি টকা । লামডিং আৰু বেতকুচি টাৰ্মিনেলত জৈৱ-গেছ প্ৰকল্পৰ কাম আৰম্ভ কৰি থকাৰ কথাও ব্যক্ত কৰি ২০২২-২৩ বিত্তীয় বৰ্ষত ৫.৬ কোটি টকাৰ ১২.CSR প্ৰকল্প চলি থকাৰ কথা অৱগত কৰে ইণ্ডিয়ান অইলৰ কাৰ্যবাহী পৰিচালকগৰাকীয়ে ।
লগতে পঢ়ক: পুনৰ খোল খালে ভূটানৰ গেলেফু গেট, উৎফুল্লিত সীমান্তবাসী