ETV Bharat / state

ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণেৰে আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 11:48 AM IST

Indian Army attacks ULFA I camp: আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ৷ ড্ৰোণৰ দ্বাৰা আলফা(স্বাঃ)ৰ অস্থায়ী শিবিৰত ভাৰতীয় সেনাই তিনিবাৰকৈ আক্ৰমণ কৰা বুলি দাবী আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা ৰুমেল অসমৰ ৷

Indian Army attacks ULFA I Myanmar camp with drones
ড্ৰোণৰে ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ

গুৱাহাটী, 8 ডিচেম্বৰ : পৰেশ বৰুৱাৰ নেতৃত্বাধীন নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ ম্যানমাৰস্থিত শিবিৰত বোমাৰে আক্ৰমণ ভাৰতীয় সেনাৰ ৷ ভাৰতৰ দিশৰ পৰা আকাশমাৰ্গেৰে তিনিটাকৈ বোমাৰে আক্ৰমণ কৰা হয় ম্যানমাৰত অৱস্থিত আলফা স্বাধানৰ ভ্ৰাম্যমান শিবিৰত ৷ এই আক্ৰমণত দুজনকৈ আলফা স্বাধীনৰ কেডাৰ আহত হৈছে ৷ এক বিবৃতিযোগে এই কথা জনাইছে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা ৰুমেল অসমে ৷

আলফা স্বাধীনে এই প্ৰসংগত জনোৱা মতে, যোৱা 7 জানুৱাৰী দেওবাৰে ভাৰতীয় সেনা বাহিনীয়ে ভাৰতৰ পৰা ড্ৰোণেৰে আলফাৰ শিবিৰলৈ লক্ষ্য কৰি তিনিটাকৈ বোমা নিক্ষেপ কৰে । ভাৰতীয় সেনাই আলফা স্বাধীনৰ অস্থায়ী শিবিৰত ড্ৰোণৰ যোগে প্রথমটো আক্ৰমণ কৰিছিল আবেলি 4.10 বজাত ৷ আনহাতে দ্বিতীয়টো আবেলি 4.12 বজাত আৰু তৃতীয়টো 4.20 বজাত আক্রমণ কৰিছিল বুলি আলফা স্বাধীনে দাবী কৰে ৷ ৰুমেল অসমে বিবৃতিটোত জনাইছে যে, তৃতীয়টো বোমা বিস্ফোৰিত নহ’ল । বিপৰীতে প্ৰথম দুটা বোমা বিস্ফোৰণত সংগঠনটোৰ দুজন সদস্য আহত হয় ।

অৱশ্যে আলফা স্বাধীনৰ ৰুমেল অসমে জনোৱা এই বিবৃতিৰ বিপৰীতে ভাৰত চৰকাৰ বা ম্যানমাৰ প্ৰশাসনৰ তৰফৰ পৰা এই বাতৰিৰ সত্য-সত্যতা এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো ৷

উল্লেখ্য যে, আলফাৰ এটা আলোচনাপন্থী গোটৰ সৈতে কেইদিনমান পূৰ্বে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল ভাৰত চৰকাৰে ৷ তাৰ পিছতেই এতিয়াও বিদেশত থাকি আলফা স্বাধীনক নেতৃত্ব দি অহা পৰেশ বৰুৱাই সাৰ্বভৌম শব্দটো কৌশলেৰে পৰিহাৰ কৰি ৰাজনৈতিক ইতিহাসৰ আলোচনাৰ বাবে সংবাদ মাধ্যমযোগে ইংগিত প্ৰদান কৰিছিল । তাৰ মাজতেই আলফাৰ ম্যানমাৰৰ শিবিৰত ড্ৰোণ যোগে ভাৰতীয় সেনাই আক্ৰমণ কৰা বুলি আলফা(স্বাঃ)ৰ তৰফৰ পৰা দাবী কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে 22 জানুৱাৰীত অসমত ড্ৰাই ডে’ ঘোষণা, কেবিনেটতো অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.