তেজপুৰ, 3 আগষ্ট : দেশত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে সোমবাৰে ভাৰতীয় বায়ু সেনা বাহিনীয়ে গুৱাহাটীৰ ৱাৰ মেমৰিয়েলৰ সন্মুখত ক'ভিড যোদ্ধা সকলক সন্মান প্ৰদৰ্শন কৰাৰ বাবে লাইফ বেণ্ড কনাচাৰ আয়োজন কৰে ৷ দেশভক্তি মূলক বায়ু সেনাৰ বেণ্ডৰ সুৰৰে ক'ভিড যোদ্ধা সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয় ৷
26 গৰাকী ক'ভিড যোদ্ধাৰ উপস্থিতিত ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা এই সন্মান প্ৰদৰ্শন কৰা হয় ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ত নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়াই যোৱা ক'ভিড যোদ্ধা সকলক সন্মান জনোৱাৰ বাবে বায়ু সেনাৰ তৰফৰ পৰা এই সন্মান আগবঢ়োৱা হয় ৷
উল্লেখ্য যে, এই সন্মান প্ৰদৰ্শন কৰাৰ বাবে চিকিৎসক সকলে বায়ু সেনাক ধন্যবাদ জ্ঞাপন কৰে ৷ জটিল পৰিস্থিতিৰ সময়ত যোদ্ধা সকলক সন্মান জনোৱাৰ বাবে তেওঁলোক উৎফুল্লিত হৈ পৰে ৷
লগতে পঢ়ক : ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস