ETV Bharat / state

সমগ্ৰ ৰাজ্যত জাতিৰ পিতাৰ 150 সংখ্যক জন্মদিন উদযাপন

author img

By

Published : Oct 2, 2019, 12:09 PM IST

Updated : Oct 2, 2019, 1:49 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছিল যে আজিৰ দিনটোৰ পৰা সমগ্ৰ দেশত স্বচ্ছতাৰ আন্দোলন গঢ়ি তুলিব লাগে ৷ গান্ধীৰ জন্ম-জয়ন্তীৰ লগতে সংগতি ৰাখি আজি সমগ্ৰ দেশতেই 'ফিট ইণ্ডিয়া প্লগিং ৰাণ' শীৰ্ষক সমূহীয়া দৌৰৰ আয়োজন কৰা হৈছে ৷

জাতিৰ পিতাৰ 150 সংখ্যক জন্মদিন উদযাপন

নিউজ ডেস্ক, 2 অক্টোবৰঃ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মদিন ৷ সমগ্ৰ দেশতেই উদযাপন কৰা হৈছে গান্ধীৰ জন্ম-জয়ন্তী ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছিল যে আজিৰ দিনটোৰ পৰা সমগ্ৰ দেশত স্বচ্ছতাৰ আন্দোলন গঢ়ি তুলিব লাগে ৷ গান্ধীৰ জন্ম-জয়ন্তীৰ লগতে সংগতি ৰাখি আজি সমগ্ৰ দেশতেই 'ফিট ইণ্ডিয়া প্লগিং ৰাণ' শীৰ্ষক সমূহীয়া দৌৰৰ আয়োজন কৰা হৈছে ৷ অনুৰূপ ধৰণে বিশ্বনাথ জিলা প্ৰশাসনেও আয়োজন কৰিছে 'ৰাণ ফৰ এ প্লাষ্টিক ফ্ৰী ইণ্ডিয়া' অৰ্থাৎ 'এখন প্লাষ্টিকমুক্ত ভাৰতৰ বাবে‌ দৌৰ' ৷ দৌৰত ভাগ লোৱা অংশগ্ৰহণকাৰী সকলে পথৰ দুয়োকাষে চকুত পৰা প্লাষ্টিক জাতীয় আৱৰ্জনাবোৰ বুটলি লৈ যায় আৰু নিৰ্দিষ্ট স্থানত অস্থায়ী ভাৱে স্থাপন কৰা ডাষ্টবিনত পেলায় দিয়ে ৷ পুৱা 6.30 বজাত বিশ্বনাথ চাৰিআলিৰ অসম ৰাজ্যিক পৰিবহন নিগম বাছ আস্থানৰ সমীপৰ পৰা আৰম্ভ হোৱা এই দৌৰ চহৰৰ সোঁমাজেৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বিশ্বনাথ চাৰিআলি সদৰ থানাৰ সমুখত অন্ত পৰে ৷

বিশ্বনাথত গান্ধীৰ জন্ম-জয়ন্তী উপলক্ষে 'ৰাণ ফৰ এ প্লাষ্টিক ফ্ৰী ইণ্ডিয়া'

ইপিনে আজি এই বিশেষ দিনটোতে বাইহাটা আৰক্ষীয়েও ল'লে এক ব্যতিক্ৰমী পদক্ষেপ । হাতে হাতে ঝাৰু লৈ বাইহাটা আৰক্ষীয়ে বাইহাটা চাৰিআলিৰ চাৰিওটা পথত চাফাই অভিযান চলাই ৷ ব্যস্ততাৰ মাজটো এইদৰে বাইহাটা আৰক্ষীয়ে বিভিন্ন বেচৰকাৰী অনুষ্ঠানৰ সহযোগত স্বচ্ছতাই সেৱা মনোবৃত্তিৰে স্বচ্ছ অভিযানত অংশ লয় ৷

বাইহাটাত গান্ধীৰ জন্ম-জয়ন্তী উদযাপন

একেদৰে ৰঙিয়াতো বাপুজীক সোঁৱৰি হাতত ঝাৰু ললে আৰক্ষীয়ে, সংগ দিলে স্থানীয় ৰাইজেও ৷ খাকী পোছাক পিন্ধা আৰক্ষীয়ে হাতে হাতে ঝাৰুলৈ চাফা কৰিলে ৰাস্তাৰ কাষৰ জাৱৰ । বাপুজীৰ 'স্বচ্ছতা হী সেৱা' এই কথাষাৰ সৰোগত কৰি আৰক্ষীৰ সংগ দিলে ৰঙিয়াৰ স্থানীয় ৰাইজৰ লগতে গাওঁৰক্ষী বাহিনীয়ে ৷ ৰঙিয়া থানাৰ সন্মুখৰ পৰা এনটি ৰ'ড অঞ্চলটো পৰিস্কাৰ কৰে ৷ ইয়াৰোপৰিও ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও ৰঙিয়াৰ মাজেৰে এক সমদল উলিয়াই ৷ ঠায়ে ঠায়ে চাফাই অভিযান চলাই সমদলটোৱে প্লাষ্টিক মুক্ত ভাৰতৰ শ্লো'গান দি কপাই তোলে ৰঙিয়াৰ আকাশ বতাহ ৷

ৰঙিয়াত গান্ধীৰ জন্ম-জয়ন্তী উদযাপন

কামৰূপৰ হাজোতো গান্ধীৰ জন্ম-জয়ন্তী উপলক্ষে কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত এক বিশেষ প্লাষ্টিক মুক্ত অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ মাজত "আমাৰ বিদ্যালয় আৰু ঘৰ , এবাৰ ব্যৱহাৰযুক্ত প্লাষ্টিকৰ পৰা মুক্ত" শীৰ্ষক এটি ষ্টিকাৰ মুকলি কৰাৰ লগতে উপস্থিত ৰাইজৰ মাজত বিতৰণ কৰা হয় । এই অনুষ্ঠানতে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই 'প্লাষ্টিক মুক্ত অভিযান' শীৰ্ষক এখন তথ্যচিত্ৰ মুকলি কৰে ৷ ইপিনে কামৰূপ জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই এই অভিযান কামৰূপ জিলাৰ পৰা আৰম্ভ কৰি সমগ্ৰ জিলা জুৰি বিয়পিব বুলি আশা প্ৰকাশ কৰে ।

হাজোত গান্ধীৰ জন্ম-জয়ন্তী উদযাপন

আনহাতে সমগ্ৰ দেশৰ লগতে যোৰহাট জিলাটো পুৱাৰ পৰাই দেখা পোৱা গ'ল স্বচ্ছতাৰ আন্দোলন ৷ পুৱাতেই আৰক্ষীয়ে হাতে হাতে ঝাৰুলৈ পৰিষ্কাৰ কৰিলে থানা চৌহদৰ লগতে থানাৰ সন্মুখৰ পথ । ইপিনে যোৰহাট জিলা উপায়ুক্ত গৰাকীয়ে আজিৰ পৰা যোৰহাট জিলা খন প্লাষ্টিক মুক্ত হ'ব বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগিতাত বিভিন্ন চৰকাৰী কায্যলয়ৰ কৰ্মচাৰী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই চাফাই অভিযানত অংশগ্ৰহণ কৰে ৷

যোৰহাটত জাতিৰ পিতাৰ 150 সংখ্যক জন্মদিন উদযাপন

আনহাতে শিৱসাগৰত গান্ধী জয়ন্তী উপলক্ষে 'প্লগিং অভিযান' অনুষ্ঠিত কৰা হয় ৷ মহামানৱ মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান ক্ৰমে আজি সমগ্ৰ ভাৰতৰ লগতে শিৱসাগৰতো পালন কৰা হৈছে প্লাগিং অভিযান ৷ এই 'প্লগিং অভিযান'ত বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠন, শিৱসাগৰ জিলাৰ উপায়ুক্ত, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, জিলা আৰক্ষী অধীক্ষক ৰাইজৰ উপস্থিতিত অনুস্থিত হয় প্লগিং । উল্লেখ্য যে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা দৰমুখ চাৰিআলি, মুক্তিনাথ চাৰিআলি, কে.পি.চাৰিআলি, বাছষ্টেণ্ড তিনিআলি, ষ্টেচন চাৰিআলি হৈ শিৱসাগৰ পুখুৰীৰ পাৰেদি পুনৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্লাগিং অভিযানৰ অন্ত পৰে ৷

শিৱসাগৰত গান্ধী জয়ন্তী উপলক্ষে 'প্লগিং অভিযান'

Intro:Body:*শিৱসাগৰত গান্ধী জয়ন্তী উপলক্ষে প্লগিং অভিযান*
Story-PLOGGING_SIVASAGAR
Ananta Smith
Sivasagar
02nd October

মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ আহবান ক্ৰমে আজি সমগ্ৰ ভাৰতত পালন কৰা হৈছে প্লগিং অভিযান।স্বাস্থ্য ৰক্ষা কৰি ফিট ইণ্ডিয়া শ্লগান ৰূপায়ণ কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযান বাস্তৱায়িত কৰাৰ উদ্যেশে আৰম্ভ কৰা হৈছে প্লগিং অভিযান।স্বাস্থ্য ৰক্ষাৰ বাবে গ্ৰহণ কৰা খোজকঢ়া অথবা দৌৰাৰ সামন্তৰাল ভাৱে চাৰিও দিশে পৰি ৰোৱা আৱৰ্জনা উঠাই নিয়া প্লগিংৰ লক্ষ্য।ইয়াৰ দ্বাৰা স্বাস্থ্য ৰক্ষাৰ লগতে সামগ্ৰিক পৰিৱেশ পৰিষ্কাৰ হয়।

এনে প্লগিং অভিযান আজি শিৱসাগৰ জিলা প্ৰশানৰ উদ্যোগত শিৱসাগৰ নগৰত অনুস্থিত হয়।বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠন,ৰাইজৰ অংশগ্ৰহণৰ দ্বাৰা শিৱসাগৰ জিলাৰ উপায়ুক্ত, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, জিলা আৰক্ষী অধীক্ষক আদিৰ উপস্থিতিত অনুস্থিত হয় প্লগিং।উপায়ুক্ত ডাঃ এম.এছ.লক্ষ্মীপ্ৰিয়া আৰু সাংসদ তপন গগৈয়ে ফ্লেগ আফ কৰা প্লগিং শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা দৰমুখ চাৰিআলি, মুক্তিনাথ চাৰিআলি, কে.পি.চাৰিআলি, বাছষ্টেণ্ড তিনিআলি,ষ্টেচন চাৰিআলি হৈ শিৱসাগৰ পুখুৰীৰ পাৰেদি পুনৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অন্ত পৰে।প্লগিং অভিযান কালত উপায়ুক্ত,সাংসদ আদিকে কৰি সকলোৱে পথৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ লগতে সংগ্ৰহ কৰে।

Bite-সাংসদ তপন গগৈ।Conclusion:
Last Updated : Oct 2, 2019, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.