ETV Bharat / state

IAS officers from Assam : সাতটা দশকত ওলাইছে মাত্র ৫৩ গৰাকী অসমীয়া আইএএছ বিষয়া

author img

By

Published : Dec 18, 2021, 9:11 PM IST

৭০ টা বছৰত অসমে মাত্ৰ ১.১ শতাংশ আই এ এছ বিষয়া দেশক দিব পাৰিছে(Number of IAS produced by Assam) । ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীয়ে ১৫.৮ শতাংশ আই এ এছ বিষয়া দেশক দিবলৈ সক্ষম হৈছে । বিহাৰ আৰু ঝাৰখণ্ডে মিলি মুঠ ১০.৭ শতাংশ আই এ এছ বিষয়া দেশক দিছে । ২০২১বৰ্ষত ঘোষণা কৰা ইউ পি এছ চি পৰীক্ষাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা মাত্ৰ ৯ জন পৰীক্ষাৰ্থীহে নিৰ্বাচিত হৈছিল । ইয়াৰে ৬ জন মণিপুৰৰ, ২জন ত্ৰিপুৰাৰ আৰু এজন অসমৰ । পঢ়ো আহক এই সম্পৰ্কত আমাৰ বিশেষ প্ৰতিবেদন ৷

in seven decades assam has produced only 53  IAS officers
IAS officers from Assam : সাতটা দশকত ওলাইছে মাত্র ৫৩ গৰাকী অসমীয়া আইএএছ বিষয়া

গুৱাহাটী, ১৮ ডিচেম্বৰ : ভাৰতীয় প্ৰশসানিক সেৱা(Indian Administrative Service) অৰ্থাৎ আই এ এছ লাভ কৰাতো এক গৌৰৱৰ বিষয় বুলি গণ্য কৰা হয়। এই সকল আমোলাই এখন দেশ তথা এখন ৰাজ্য পৰিচালনা কৰাত বা নীতি নিৰ্ধাৰণ নিৰ্ণয় কৰাত মূল ভূমিকা পালন কৰে । কিন্তু গৌৰৱৰ এই ক্ষেত্রখনত অসমৰ তথা অসমীয়াৰ অংশগ্ৰহণ তেনেই নগণ্য(Assam lacks in number of IAS produced) । দেশৰ অসামৰিক ক্ষেত্ৰৰ সর্বোচ্চ পদ ভাৰতীয় প্রশাসনিক সেৱাত আজিলৈ অসমীয়াই বিশেষ আধিপত্য বিস্তাৰ কৰিব পৰা নাই ।

শেহতীয়াকৈ অশোক বিশ্ববিদ্যালয়ৰ গৱেষণা কেন্দ্ৰ কৰা এক অধ্যয়নত কেতবোৰ তথ্য উন্মোচিত হৈছে । সেই অধ্যয়নৰ বিষয় আছিল যে ১৯৫১ চনৰ পৰা ২০২০ চনলৈকে পোনপটীয়াকৈ আই এ এছ অৰ্থাৎ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা বিষয়াসকল কোন ৰাজ্যৰ । এই সময়চোৱাত পোনপটীয়াভাৱে ৫২৫২ জন আই এ এছ বিষয়াই নিযুক্তি লাভ কৰি বিভিন্ন ৰাজ্যৰ লগতে দেশৰ সেৱা আগবঢ়াইছিল ।

এই সমীক্ষাই সামৰি লোৱা আই এ এছ বিষয়াসকলৰ ভিতৰত দেখা পোৱা যায় যে অসমৰ পৰা মাত্ৰ ১.১ শতাংশহে আই এ এছ বিষয়াৰূপে প্ৰত্যক্ষভাৱে যোগদান কৰিছে । অৰ্থাৎ ৭০ টা বছৰত তথা সাতটা দশকত অসমে মাত্ৰ ১.১ শতাংশ আই এ এছ বিষয়া দেশক দিব পাৰিছে । তথ্য অনুসৰি বিগত ৭০ বছৰত অসমৰ পৰা মাত্র ৫৩ গৰাকী প্রত্যক্ষভাৱে আই এ এছলৈ বাছনিভুক্ত হৈছে।

কেৱল দেশৰ আগশাৰীৰ ৰাজ্যই নহয়, উত্তৰ-পূবৰ ৰাজ্যসমূহতকৈয়ো এইক্ষেত্ৰত অসম বহুখিনি পিছ পৰি আছে । যিখন ৰাজ্যত আনন্দৰাম বৰুৱাৰ দৰে বিদগ্ধ পণ্ডিত তথা প্রথম আই চি এছ বিষয়া আছিল, সেইখন অসমে বিগত ৭০ টা বছৰত দেশ সেৱাৰ বাবে আই এ এছ বিষয়াৰূপে আঙুলিমূৰত গণিব পৰা মাত্ৰ কেইজনমান অসমীয়াহে আগবঢ়াইছে । ইয়াৰ বিপৰীতে উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীয়ে ১৫.৮ শতাংশ আই এ এছ বিষয়া দেশক দিবলৈ সক্ষম হৈছে ।

বিহাৰ আৰু ঝাৰখণ্ডে মিলি মুঠ ১০.৭ শতাংশ আই এ এছ বিষয়া দেশক দিছে । জনসংখ্যাৰ শতাংশ হিচাপত অসমৰ জনসংখ্যা দেশৰ ২.৬ শতাংশ । উৰিষ্যাৰ ৩.৪৬ শতাংশ, পঞ্জাৱৰ ২.৩ শতাংশ, ৰাজস্থানৰ ৫.৬৬ শতাংশ, তামিলনাডুৰ ৫.৯ শতাংশ, কেৰালাৰ ২.৭ শতাংশ, বিহাৰ আৰু ঝাৰখণ্ডৰ ১১.৩ শতাংশ, মিজোৰামৰ ০.০৯ শতাংশ আৰু মেঘালয়ৰ ০.২৪ শতাংশ । সেই হিচাপত কেৰালাই ২.৭ শতাংশ জনসংখ্যাৰে ৪.৬ শতাংশ মুঠ আই এ এছ বিষয়া তৈয়াৰ কৰিবলৈ সক্ষম হৈছে ।

ইউ পি এছ চিৰ জৰিয়তে নিৰ্বাচন কৰা ভাৰতীয় আন সেৱাৰ পৰীক্ষাতো অসমৰ ফলাফল বৰ উন্নত নহয়। লাহে লাহে সেই পৰিসংখ্যা কিছু বাঢ়িছে যদিও মাজতে ৰাজ্যত তেনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু প্ৰেৰণা দিব পৰা এক পৰিৱেশ নাছিল বুলিব পাৰি । ২০১৫ চনৰ ১ জানুৱাৰীৰ তথ্য অনুসৰি উত্তৰপ্ৰদেশৰ পৰা ৭১৭জনে, বিহাৰৰ পৰা ৪৫২জনে , ৰাজস্থানৰ পৰা ৩২২জনে , তামিলনাডুৰ পৰা ৩১৮জনে , অন্ধ্ৰপ্ৰদেশৰ পৰা ৩১৪জনে, মহাৰাষ্ট্ৰৰ পৰা ২৫৩জনে, পঞ্জাৱৰ পৰা ২৩২, দিল্লীৰ পৰা ২১১জনে , হাৰিয়ানাৰ পৰা ১৯০জন, মধ্যপ্ৰদেশৰ পৰা ১৮৩, কৰ্ণাটকৰ পৰা ১৫৯জনে কেৰালাৰ পৰা ১৫৭জনে, উৰিষ্যাৰ পৰা ১১৯জনে, জম্মু কাশ্মীৰৰ পৰা ৬৭জনে, গুজৰাটৰ পৰা ৬৫জনে, হিমাচলপ্ৰদেশৰ পৰা ৬৪জনে, ঝাৰখণ্ডৰ পৰা ৬০জনে, ছত্তীশগড়ৰ পৰা ৪৪জনে আৰু অসমৰ পৰা ৪৩জনে আই এ এছ লাভ কৰিছিল ।

২০১৫চনলৈকে মণিপুৰৰ পৰা আই এ এছ পোৱা লোকৰ সংখ্যা আছিল ৪২জন। অৰুণাচলৰ পৰা ২৬জন, নগালেণ্ডৰ পৰা ২৩জন, গোৱাৰ পৰা দুজন, ছিকিমৰ পৰা দুজন। অৰ্থাৎ উত্তৰপ্ৰদেশ আৰু বিহাৰৰ পৰাই বেছি সংখ্যাক পৰীক্ষাৰ্থী আই এ এছ পৰীক্ষাত উত্তীৰ্ণ হয়। ২০০২ চনৰ পৰা ২০১২ চনলৈ ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল সমূহ যদি চোৱা যায় তেনেহ’লে দেখা পোৱা যায় যে অসমত এতিয়াও সেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ব লাগিছিল সেয়া সম্ভৱ হৈ উঠা নাই। ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ গ্ৰুপ এ আৰু গ্ৰুপ বিৰ ভাৰত চৰকাৰৰ ২২টা সেৱাৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়। তাৰ ভিতৰত আই এ এছ , আই পি এছ আৰু বৈদেশিক সেৱাৰ পৰীক্ষা সমূহ অন্যতম।

২০০২ চনৰ পৰা ২০১২ চনলৈকে এই ১০টা বছৰত দিল্লীৰ পৰা মৌখিক পৰীক্ষালৈ মুঠ ১১,৭৩৮ জন পৰীক্ষাৰ্থী নিৰ্বাচিত হৈছিল আৰু ১০টা বছৰত সেই ১১,৭৩৮জন পৰীক্ষাৰ্থীৰ ভিতৰত ১,৪৯৮জনে ইউ পি এছ চি পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ ভিতৰত আই এ এছ , আই পি এছ আৰু অনুষাংগিক সেৱা সমূহ আছিল। উত্তৰ প্ৰদেশৰ পৰা এই ১০ টা বছৰত ২১,৯৮৪ জন প্ৰাৰ্থী মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈ ৯৯৮ জনে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।

ইফালে অসমৰ পৰা ২০০২ চনৰ পৰা ২০১২ চনলৈ এই ১০ টা বছৰত মাত্ৰ ২০০ জন পৰীক্ষাৰ্থী মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছিল আৰু তাৰে ৩০জনে বিভিন্ন সেৱাত পৰীক্ষাৰ বাবে নিৰ্বাচিত হয়। অৰ্থাৎ শতকৰা হাৰত মৌখিক পৰীক্ষালৈ নিৰ্বাচিত হোৱা অসমৰ ১৫ শতাংশ পৰীক্ষাৰ্থীহে এই প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ১০টা বছৰত অসমৰ পৰা ৩০জন পৰীক্ষাৰ্থী ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ এই পৰিসংখ্যাক ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰতি বছৰে গড়ে মাত্ৰ ৩ জনকৈ পৰীক্ষাৰ্থীহে এই পৰীক্ষাৰ বাবে নিৰ্বাচিত হ’ব পাৰিছে ।

উল্লেখ্য যে, ২০২১বৰ্ষত ঘোষণা কৰা ইউ পি এছ চি পৰীক্ষাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা মাত্ৰ ৯ জন পৰীক্ষাৰ্থীহে নিৰ্বাচিত হৈছিল(Number of IAS officers from North East)। ইয়াৰে ৬ জন মণিপুৰৰ, ২জন ত্ৰিপুৰাৰ আৰু মাত্ৰ এজন অসমৰ আছিল । মেঘালয়, মিজোৰাম আৰু নগালেণ্ডৰ পৰা কোনো পৰীক্ষাৰ্থীয়ে ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল। সম্প্রতি ইউ পি এছ চি তথা আন সর্বভাৰতীয় প্রতিযােগিতামূলক পৰীক্ষাত অসমে আশা কৰা ধৰণে ফল লাভ নকৰা বিষয়টো সকলােৱে অনুধাৱন কৰিছে। ইয়াৰ অন্তৰালত থকা কাৰণসমূহ চর্চা হোৱাটো প্ৰয়োজনীয় বিষয়।

লগতে পঢ়ক : ভাষা থাকিলেহে জাতি থাকিব : এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.