ETV Bharat / state

30 ছেপ্টেম্বৰলৈকে বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ - কুমাৰ সঞ্জয় কৃষ্ণা

কৰ‘ণা মহামাৰীৰ মাজতে ৰাজ্য চৰকাৰে অসমৰ স্কুল কলেজ খোলা সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ শুকুৰবাৰে ৰাজ্য চৰকাৰে দিয়া এক নিৰ্দেশনা মতে, 30 চেপ্টেম্বৰ লৈকে বন্ধ থাকিব ৰাজ্যৰ স্কুল, কলেজসমূহ ৷

IN Assam school,  colleges to remain closed  till September 30
30 চেপ্টেম্বৰলৈকে বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ
author img

By

Published : Sep 4, 2020, 10:23 PM IST

গুৱাহাটী, 4 চেপ্টেম্বৰ : কৰ‘ণা মহামাৰীৰ মাজতে ৰাজ্য চৰকাৰে অসমৰ স্কুল কলেজ খোলা সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ শুকুৰবাৰে ৰাজ্য চৰকাৰে দিয়া এক নিৰ্দেশনা মতে, 30 চেপ্টেম্বৰ লৈকে বন্ধ থাকিব ৰাজ্যৰ স্কুল, কলেজসমূহ ৷ নিয়মিত পাঠদানৰ বাবে স্কুল, কলেজ, শৈক্ষিক আৰু কোচিং কেন্দ্ৰসমূহ 30 চেপ্টেম্বৰৰ আগত খুলিব নোৱাৰিব ৷

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাই শুকুৰবাৰে এক অধিসূচনা জাৰি কৰি এই কথা ঘোষণা কৰে ৷

আনহাতে অনলাইন আৰু দূৰ শিক্ষা প্ৰক্ৰিয়া জাৰি ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে ৷ অধিসূচনাত কোৱা হৈছে যে, নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক শৈক্ষিক আধাৰত আৰু শিক্ষক সকলৰ পৰা মাৰ্গদৰ্শনৰ বাবে পিতৃ-মাতৃৰ লিখিত অনুমতিৰ সৈতে বিদ্যালয়লৈ আহিব পাৰিব ৷

ক‘ৰণা ভাইৰাছৰ প্ৰ‘ট’কলৰ সমূহৰ কঠোৰভাৱে পালন কৰি কৌশল বিকাশ আৰু উদ্যোগিত প্ৰশিক্ষণ কেন্দ্ৰসমূহ অব্যাহত ৰাখিব পাৰিব ৷

লগতে পঢ়ক : আনলক সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.