ETV Bharat / state

অসমত দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ - covid vaccination

এতিয়ালৈকে ৰাজ্যখনৰ ২,০৫,৫৬,৪৫২ গৰাকী লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে । আনহাতে, ১,০০,২২,১৯৭ গৰাকী লোকে গ্ৰহণ কৰিছে দুয়োপালি প্ৰতিষেধক । ৰাজ্যৰ যোগ্য ২৯ লাখৰো অধিক লোকে এতিয়াও লোৱা নাই এপালিও ভেকচিন ।

covid vaccination
অসমত দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ
author img

By

Published : Nov 16, 2021, 5:29 PM IST

গুৱাহাটী, ১৬ নৱেম্বৰ: অসমত দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা লোকৰ সংখ্যাই আজি অৰ্থাৎ মঙলবাৰে ১ কোটিৰ সীমা অতিক্ৰম কৰিলে । দুপৰীয়া ১:৩০ বজালৈকে ৰাজ্যখনত মুঠ ১,০০,২২,১৯৭ গৰাকী লোকে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰিলে । ইয়াৰ বাবে ৰাজ্যবাসীক অভিনন্দন জ্ঞাপন কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

এতিয়ালৈকে ৰাজ্যখনৰ ২,০৫,৫৬,৪৫২ গৰাকী লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে । ইফালে তিনিদিন পূৰ্বে ৰাজ্যত ৩ কোটি পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ সীমা সফলতাৰে অতিক্ৰম কৰিছিল স্বাস্থ্য বিভাগে । উল্লেখ যে, অসমে ১ কোটি পালিৰ সীমা পাৰ কৰিছিল ২৭ জুলাইত আৰু ১১ ছেপ্তেম্বৰত অতিক্ৰম কৰিছিল ২ কোটি পালি ক'ভিড প্ৰতিষেধকৰ সীমা । ইয়াৰ পিছত সম্পূৰ্ণ কৰিলে ৩ কোটি ভেকচিন প্ৰদানৰ সীমা ।

covid vaccination
অসমত দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ

লক্ষণীয় বিষয় যে, এই বৃহৎ সফলতাৰ পাচতো ৰাজ্যৰ ২৯ লাখৰো অধিক লোকে এতিয়াও লোৱা নাই এপালিও ভেকচিন । ১৮ বছৰৰ ঊৰ্দ্ধৰ ২,৩৪,৬৬,৮০৬ গৰাকী লোকৰ বিপৰীতে এতিয়ালৈকে প্ৰথমপালি ভেকচিন গ্ৰহণ কৰিছে ২,০৫,৫৬,৪৫২ গৰাকী লোকে । ৰাজ্য চৰকাৰখনে কৰ'ণাৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ কাম ক্ষিপ্ৰ কৰি তুলিছে ।

covid vaccination
ক’ভিড ভেকচিন

লগতে পঢ়ক : সুৰাপায়ী যুৱতীয়ে কঁপালে গড়চুক থানাৰ চৌহদ

ৰাজ্যজুৰি অব্যাহত আছে মেগা টিকাকৰণ কাৰ্যসূচী । অৱশ্যে শেহতীয়াকৈ দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু বৃদ্ধি পাইছে । মঙলবাৰে ৰাজ্যখনে দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম কৰিলে ।

ইফালে সময় উকলি যোৱাৰ পাছতো ৰাজ্যৰ কেইবা লাখ লোকে দ্বিতীয় পালি ভেকচিন লোৱা নাই । সময় উকলি যোৱাৰ পাচতো দ্বিতীয় পালি ভেকচিন নোলোৱা লোকৰ এই বৃহৎ সংখ্যাই উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্য বিভাগক । উল্লেখ যে, ৰাজ্যখনত ক'ভিড সংক্ৰমণ এতিয়‍ও অব্যাহত আছে । ইফালে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এতিয়াও অনিয়ন্ত্ৰিত হৈ আছে ক'ভিড সংক্ৰমণ ।

লগতে পঢ়ক : Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.