গুৱাহাটী, ১৩ মে': সোমবাৰে তথা ১১ মে' ত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা এগৰাকী COVID-19পজিটিভ ৰোগী সুস্থ হোৱাৰ লগে লগে অসমত COVID-19 সুস্থ হোৱা ৰোগী ৩৯ গৰাকীলৈ বৃদ্ধি পাই । আনহাতে, অসমত COVID-19ত আক্ৰান্তৰ সংখ্যা ২২ গৰাকী আছিল যদিও বুধবাৰে মহানগৰীৰ ফাঁচী বজাৰত ১৫ গৰাকী নতুনকৈ আক্ৰান্ত হয় COVID-19 ত । ফলত ৰাজ্যজুৰি COVID-19 ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা বৃদ্ধি পায় ৩৭ গৰাকীলৈ ।
![COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-covid-update-assam-7204039_13052020185603_1305f_1589376363_119.jpg)
ৰাজ্যজুৰি COVID-19ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা ৭৯ গৰাকী । সুস্থ হৈছে ৩৯ গৰাকী আৰু ভাইৰাছ আক্ৰান্ত হৈ মৃত্য়ু হৈছে ২ গৰাকী ।