ETV Bharat / state

BJP Meeting In Guwahati: লক্ষ্য 2024; গুৱাহাটীত বিজেপিৰ 12 খন ৰাজ্যৰ নেতাৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jul 6, 2023, 12:12 PM IST

Updated : Jul 6, 2023, 1:08 PM IST

আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত বিজেপিৰ বৈঠক অনুষ্ঠিত হৈছে ৷ বৈঠকত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু ৰণনীতিৰ বিষয়ে আলোচনা কৰা হ'ব ৷

Important meeting of leaders of 12 eastern states
গুৱাহাটীত বিজেপিৰ বৈঠক

নিউজ ডেস্ক, 6 জুলাই : 2024ৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে ৷ পুনৰ এবাৰ দিল্লীৰ মছনদ দখলৰ চেষ্টা অব্যাহত ৰাখিছে মোদী চৰকাৰে ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগকে ধৰি পূবৰ ১২খন ৰাজ্যৰ এখন বৈঠক অনুষ্ঠিত হৈছে ৷ বৈঠকত বিজেপিয়ে আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিব বুলি জানিব পৰা গৈছে ৷ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগকে ধৰি পূবৰ 12 খন ৰাজ্যৰ বৈঠক গুৱাহাটীত অনুষ্ঠিত হ’ব ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে, আজি গুৱাহাটীত পূবৰ 12 খন ৰাজ্যৰ বিজেপিৰ সভাপতি, সাধাৰণ সম্পাদক আৰু অন্যান্য নেতা সকলৰ বৈঠক অনুষ্ঠিত হ’ব ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু কৌশল সন্দৰ্ভত বৈঠকত আলোচনা কৰা হ’ব ৷ দলৰ নেতাসকলৰ মতে অহা 6 জুলাইৰ পৰা 8 জুলাইলৈ অনুষ্ঠিত হ’ব এই বৈঠক ৷ বৈঠকত বিজেপিৰ তিনিটা জ’নৰ (পূব, উত্তৰ আৰু দক্ষিণ ফ্ৰণ্ট) সকলো সাধাৰণ সম্পাদক আৰু সভাপতিয়ে অংশগ্ৰহণ কৰিব ৷

পূব অঞ্চলত বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ উপৰিও পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু অসমক অন্তৰ্ভুক্ত কৰা হৈছে ৷ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত অনুষ্ঠিত হ’ব পূব মণ্ডলৰ বৈঠক ৷ উত্তৰ অঞ্চলসমূহৰ ভিতৰত হিমাচল প্ৰদেশ, পাঞ্জাৱ, চণ্ডীগড়, ৰাজস্থান, জম্মু-কাশ্মীৰ, লাডাখ, গুজৰাট, দমন দিউ-দাদাৰ নগৰ হাভেলী, মধ্যপ্ৰদেশ, ছত্তীশগড়, উত্তৰাখণ্ড, দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই বৈঠক 7 জুলাইত দিল্লীত অনুষ্ঠিত হ’ব ৷

ইফালে 8 জুলাইত হায়দৰাবাদত দক্ষিণ অঞ্চলৰ নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব ৷ এই অঞ্চলত কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মুম্বাই, গোৱা, আন্দামান আৰু নিকোবৰ, পুডুচেৰী আৰু লক্ষাদ্বীপ অন্তৰ্ভুক্ত হৈছে ৷ চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া 5 খন ৰাজ্য, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ লগতে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি ৷

লগতে পঢ়ক: BJP Core Committee meeting: জ্যেষ্ঠক শ্ৰদ্ধা আৰু কণিষ্ঠক মৰম এইয়াই হ’ল ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ; ভৱেশ কলিতা

Last Updated : Jul 6, 2023, 1:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.