গুৱাহাটী, ১৭ জুন: ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে (Assam Flood 2023) । যোৱা কেইবাদিন ধৰি হৈ থকা নিৰৱচ্ছিন্ন বৰষুণৰ ফলত এখনৰ পাছত আনখন জিলা বানৰ কবলত পৰিছে । লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ৰ পাছত শেহতীয়াকৈ বিশ্বনাথ, দৰং, তামুলপুৰ আৰু ওদালগুৰি জিলা বানৰ কৱলত পৰিছে । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, সাতখন জিলাৰ ৭৭খন গাঁৱৰ ৩৪ হাজাৰ ১৮৯জন লোক বানৰ ফলত প্ৰভাৱিত হৈছে। বান প্রভাৱিত লোকসকলৰ ভিতৰত ২২,৪৬৬জনেই হৈছে লখিমপুৰ জিলাৰ নাওবৈচাৰ । বানত এতিয়ালৈকে বুৰ গৈছে ২১০ হেক্টৰ কৃষিভূমি (Orange alert in Assam) ।
বন্যার্তসকলক সহায়ৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনে নাওবৈচাত সাতটা, উত্তৰ লখিমপুৰত, ধেমাজি আৰু কলাইগাঁৱত এটাকৈ বান সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰাৰ লগতে কলাইগাঁৱত এটা বান আশ্রয় শিবিৰ মুকলি কৰিছে । ওদালগুৰিৰ কলাইগাঁৱৰ বান আশ্রয় শিবিৰত বৰ্তমান ২১জন বন্যার্তই আশ্রয় লৈ আছে । বানৰ ফলত এতিয়ালৈকে সৰু-বৰ মুঠ ৯,১১৯ পশুধন প্ৰভাৱিত হৈছে । বাঢ়নী পানীয়ে লখিমপুৰ, ওদালগুৰি, বিশ্বনাথ, গোলাঘাট, তামুলপুৰত পথ, দলং, মথাউৰিকে ধৰি আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি কৰিছে । আনহাতে, ডিমা হাছাওত আজিও ভূমিস্খলন হৈছে।

ইপিনে ৰাজ্যত মৌচুমী বায়ুৰ প্ৰভাৱ অধিক সক্ৰিয় হৈ থকাৰ পৰিপ্ৰেক্ষিতত অহা ২০ জুনলৈকে সকলো অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব বুলি গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্রই ভৱিষ্যদ্বাণী কৰিছে। অঞ্চল বিশেষে প্রবলৰপৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । যাৰবাবে বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্টৰ দিন অহা ২০ জুনলৈ বৃদ্ধি কৰি সতর্কতা জাৰি কৰিছে ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন স্থানত হোৱা বৰষুণৰ পৰিমাণ আছিল এনে ধৰণৰ — বৰপেটা ৬৬.৫ মি.মি, ধুবুৰী ৮২.১ মি.মি, ডিব্ৰুগড় ৪৬ মি.মি., গোৱালপাৰা ৪৬ মি.মি., গুৱাহাটী ২৭ মি.মি., যোৰহাট ২৩ মি.মি., মঙলদৈ ৪৬ মি.মি., মাজবাট ১১১ মি.মি., নলবাৰী ৪১.৫ মি.মি., উত্তৰ লখিমপুৰ ৫০ মি.মি., শিলচৰ ৬৫ মি.মি., তেজপুৰ ৫১ মি.মি. আৰু তিনিচুকীয়া ৪২ মি.মি.। ইপিনে নেৰানেপেৰা বৰষুণে ৰাজ্যৰ কেইবাখনো চহৰত সৃষ্টি কৰিছে কৃত্রিম বান। গুৱাহাটীকে ধৰি শিলচৰ, যোৰহাট আৰু নলবাৰী চহৰৰো প্ৰৱল বৰষুণৰ ফলত কৃত্রিম বানৰ কৱলত পৰে ।
লগতে পঢ়ক: prohibition on boat launches : নাওঁ লঞ্চৰ চলাচলত নিষেধাজ্ঞা, যাত্ৰীৰ মাজত হাহাকাৰ