ETV Bharat / state

বৰাকত পূর্ণ গতিত চলিছে কয়লাৰ বৃহৎ ছিণ্ডিকেট

author img

By

Published : Oct 28, 2021, 11:10 AM IST

মেঘালয়ৰ কয়লা বৰাকৰ মাজেদি বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ । পূর্বৰ দৰে গঢ়ি উঠিছে ছিণ্ডিকেট । চৰকাৰী বিভাগ, ৰাজনৈতিক নেতাৰ প্রত্যক্ষ-পৰােক্ষ পৃষ্ঠপােষকতাত বৰাকত চলিছে কয়লা ছিণ্ডিকেট । শাসকীয় দলৰ বিধায়কৰ উপৰিও বিৰােধী দুজন বিধায়কৰ সৈতেও ছিণ্ডিকেট চক্ৰৰ সু-সম্পর্ক থকাৰ অভিযােগ ।

Illegal Coal syndicate in Barak valley
বৰাকত কয়লাৰ বৃহৎ ছিণ্ডিকেট

গুৱাহাটী, ২৮ অক্টোবৰ: অসমসহ উত্তৰ-পূৰ্বাঞ্চলত কয়লাৰ খননত নিষেধাজ্ঞা আছে যদিও অব্যাহত আছে কয়লাৰ বৃহৎ ছিণ্ডিকেট । বিশেষকৈ বৰাক উপত্যকা এতিয়া সােণৰ কণী পৰা হাঁহত পৰিণত হৈছে । ক’লা হীৰাৰ অবৈধ ব্যৱসায়ৰ মূল ঘাটিত পৰিণত বৰাকত পুনৰ গা কৰি উঠিছে ছিণ্ডিকেট চক্র । মেঘালয়ৰ কয়লা বৰাকৰ মাজেদি বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহৰ নামত পূর্বৰ দৰে গঢ়ি উঠিছে ছিণ্ডিকেট ।

চি আই ডি, চি বি আইৰ তদন্ত ধোঁৱা চাঙত তুলি চৰকাৰী বিভাগ, ৰাজনৈতিক নেতাৰ প্রত্যক্ষ-পৰােক্ষ পৃষ্ঠপােষকতাত বৰাকত চলিছে কয়লা ছিণ্ডিকেট । শেহতীয়াকৈ দুজন পৰিবহণ বিষয়াক গ্রেপ্তাৰ, দুজন আৰক্ষী বিষয়াক বদলি কৰা ঘটনাই স্পষ্টভাৱে উদঙাই দিছে কয়লা ছিণ্ডিকেটৰ সৈতে কোন কোন জড়িত । জানিব পৰা মতে, দুর্গা পূজাৰ আগৰ পৰা পূর্ণ গতিত মেঘালয়ৰ পৰা কয়লাৰ অবৈধ সৰবৰাহ হৈছে । ছিণ্ডিকেট চক্ৰৰ মূল কাম হ’ল দীগৰখাল গেট পাৰ কৰি নির্বিঘ্নে নির্দিষ্ট স্থানলৈ কয়লা ভর্তি ট্রাকসমূহ লৈ যােৱা ।

Illegal Coal syndicate in Barak valley
বৰাকত কয়লাৰ বৃহৎ ছিণ্ডিকেট

উত্থাপিত অভিযােগ অনুসৰি, ইতিমধ্যে ৰঙাঘৰৰ আলহী হােৱা কয়লা মাফিয়া আব্দুল আহাদৰ সাংগােপাংগৰ উপৰিও তাহেৰ আহমেদ আৰু তেওঁৰ অনুগত বাহিনীয়ে শেহতীয়াকৈ কয়লা ছিণ্ডিকেটৰ নেতৃত্ব দিছে । সুতাৰকান্দিৰ আন্তঃর্জাতিক সীমান্ত পর্যন্ত কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ মাজেদি কয়লা ভর্তি ট্রাকসমূহ পাৰ কৰি নিয়াৰ বাবে ছিণ্ডিকেট চক্রই গঠন কৰে 'পাছিং গ্রুপ' ।

Illegal Coal syndicate in Barak valley
বৰাকত কয়লাৰ বৃহৎ ছিণ্ডিকেট

'পাছিং গ্রুপ'ৰ সদস্য জুৱেৰ আহমেদ, গুলজাৰ আৰু জনৈক সুজামউদ্দিনে কয়লাৰ ট্রাকবােৰ পাৰ কৰায় । এই ক্ষেত্ৰত আৰক্ষী, পৰিবহণ বিষয়াৰ উপৰিও কৰ বিষয়ালৈকে সকলােকে মেনেজ কৰে ছিণ্ডিকেট চক্রই । শাসকীয় দলৰ বিধায়কৰ উপৰিও বিৰােধী দুজন বিধায়কৰ সৈতেও ছিণ্ডিকেট চক্ৰৰ সু-সম্পর্ক আছে বুলি অভিযােগ উত্থাপিত হৈছে । জি এছ টি অবিহনে বিভাগীয় নিদের্শনাক অংগুষ্ঠ দেখুৱাই অভাৰলােড ট্রাক আৰু ডাম্পাৰেৰে সৰবৰাহ কৰা হয় কয়লা ।

Illegal Coal syndicate in Barak valley
বৰাকত কয়লাৰ বৃহৎ ছিণ্ডিকেট

ধনৰ বিনিময়ত মৌনতা অৱলম্বন কৰে সংশ্লিষ্ট বিভাগৰ দায়িত্বশীল বিষয়াই । আনকি অবৈধভাৱে বাংলাদেশলৈ কয়লাৰ চোৰাং বেহা দেখিও নেদেখাৰ ভাও ধৰে কাষ্টম, সীমান্তৰ নিৰাপত্তাত থকা বাহিনীয়ে । ক'বলৈ গ'লে ছিণ্ডিকেট চক্রই সকলােকে হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হৈছে । উত্থাপিত অভিযােগ অনুসৰি, বিগত বিধানসভা নির্বাচনত বৰাকৰ ছিণ্ডিকেট চক্ৰৰ পৰা বৃহৎ অংকৰ ধন সংগ্রহ কৰিছিল শাসকীয় দল বিজেপিয়ে ।

এই ক্ষেত্ৰত মধ্যস্থতাকাৰী আছিল বৰাকৰ পৰা এইবাৰ নতুনকৈ বিধানসভালৈ নির্বাচিত হােৱা দুজন বিজেপি বিধায়ক । চর্ত আছিল কয়লাৰ অবৈধ সৰবৰাহৰ সহযােগিতা । সেই অনুসৰিয়েই শেহতীয়াকৈ বৰাকত পূর্ণ গতিত চলিছে কয়লা ছিণ্ডিকেট । সকলো ধৰণৰ ছিণ্ডিকেটৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা মুখ্যমন্ত্রীয়ে কয়লা ছিণ্ডিকেটৰ ক্ষেত্রত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:থাওৰাৰ হিংসাত্মক ঘটনাৰ বাবে ৰাইজৰ দলকে জগৰীয়া কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.