ETV Bharat / state

কেন্দ্ৰই ধানৰ দাম বঢ়ালেও উপকৃত নহ'ব অসমৰ কৃষক

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বুধবাৰে এক কেবিনেট সিদ্ধান্ত যোগে বৃদ্ধি কৰিলে ধানৰ ন্যূনতম সমৰ্থন মূল্য । এতিয়াৰে পৰা চৰকাৰে খেতিয়কৰ পৰা ধান ক্ৰয় কৰিব প্ৰতি কুইন্টলত ১,৯৪০ টকাকৈ । কিন্তু ইয়াৰ দ্বাৰা অসমৰ কৃষক লাভান্বিত এইবাৰো ‌‌হয়তো নহ'ব ।‌‌

rice msp
কেন্দ্ৰই ধানৰ দাম বঢ়ালেও উপকৃত নহ'ব অসমৰ কৃষক
author img

By

Published : Jun 10, 2021, 6:38 PM IST

গুৱাহাটী,১০ জুন : যোৱা দুটা বছৰৰ ক'ভিড পৰিস্থিতিৰ বাবে ভয়াৱহ সংকটৰ সন্মুখীন হোৱা দেশৰ কৃষক সমাজক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধানৰ নূন্যতম সমৰ্থন মূল্য(msp) বৃদ্ধি কৰিছে ১,৯৪০ টকালৈ । পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ধানৰ বিপৰীতে নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিছিল ১,৮৬৮ টকা । ভাৰতীয় খাদ্য নিগমকে ধৰি আন কেইবাটাও চৰকাৰী সংস্থাই দেশৰ প্ৰতিখন ৰাজ্যৰ কৃষকৰ পৰা‌ ধান ক্ৰয় কৰি‌ আহিছে ।

বিগত বছৰ সমূহত দেশৰ আন প্ৰান্তৰ ৰাজ্যসমূহে এই প্ৰক্ৰিয়াৰ দ্বাৰা বিশেষভাৱে লাভান্বিত হৈ আহিছে । সেয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বুধবাৰৰ কেবিনেট সিদ্ধান্তই কৃষকক সকাহ‌ দিব বুলি ভবা হৈছে । কিন্তু এই ধান ক্ৰয় অভিযানে অসমৰ কৃষকক আজি পৰ্যন্ত কোনো ধৰণে সকাহ দিবলৈ সক্ষম হোৱা নাই । বৰঞ্চ চৰকাৰী সংস্থাৰ ওচৰত ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত অসমৰ কৃষকৰ অভিজ্ঞতা অতি দুৰ্ভাগ্যজনক ।

শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০২০-২১ কৃষি বৰ্ষটোত অসমৰ কৃষকে উৎপাদন কৰিছিল ৫২.৫৫ লাখ টন ধান । কিন্তু এই বৃহৎ পৰিমাণৰ ধানৰ মাত্ৰ ০.৪৫ লাখ টন ধানহে চৰকাৰীভাৱে নিৰ্ধাৰিত সমৰ্থন মূল্য দি ক্ৰয় কৰা হৈছিল । অৰ্থাৎ বাকী ৫২.০৫ লাখ টন ধানেই কৃষকে বিক্ৰী কৰিব লগীয়া হৈছিল কুইন্টলত ৮০০ বা ৯০০ টকাত ।

মনকৰিবলগীয়া যে কেৱল শেহতীয়া বছৰটোতেই নহয়, ৰাজ্যত বিজেপি শাসন কালৰ যোৱা আন চাৰিটা বছৰো অসমৰ ধান খেতিয়কৰ বাবে আছিল হতাশা জনক । কেন্দ্ৰীয় চৰকাৰৰ খাদ্য নিগমৰ তথ্য অনুসৰি ২০১৬-১৭ চনত ৰাজ্যত ধানৰ উৎপাদন আছিল ৪৭.২৭ লাখ টন কিন্তু চৰকাৰে ক্ৰয় কৰিছিল মাত্ৰ ০.৪৭ লাখ টন । ২০১৭-১৮ ধানৰ উৎপাদন বৃদ্ধি হৈছিল ৫২.৮৪ লাখ টন । কিন্তু চৰকাৰী ক্ৰয় বঢ়াৰ বিপৰীতে কমিছিল ০.৩৫ লাখ টনলৈ ।

২০১৮-১৯ বৰ্ষত ধান উৎপাদন হৈছিল ৫২.২১ লাখ টন আৰু চৰকাৰীভাৱে ক্ৰয় হৈছিল ১.০১ লাখ‌ টন । একেদৰে ২০১৯-২০ কৃষি বৰ্ষটোত অসমৰ কৃষকে ধান উৎপাদন কৰিছিল ৪৯.৮৫ লাখ টন । চৰকাৰী ক্ৰয় সামান্যতম বৃদ্ধি পাইছিল ২.১১ লাখ টনলৈ । কিন্তু অতি আশ্বৰ্যজনকভাৱে, ধানৰ খেতিয়কৰ সুৰক্ষাকলৈ বহু চৰ্চা আৰু প্ৰতিবাদ হোৱাৰ পিছতো শেহতীয়া বৰ্ষটোত (২০২০-২১) কৃষকে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি ৫২.৫৫ লাখ টন ধান উৎপাদন কৰিছিল যদিও নিম্নতম সমৰ্থন মূল্য দি চৰকাৰী সংস্থাই ক্ৰয় কৰিলে মাত্ৰ ০.৪৫ লাখ টন ধান যি পৰিমাণ পাঁচ বছৰৰ আগৰ পৰিমাণতকৈও কম ।

কেন্দ্ৰীয় চৰকাৰে ধানৰ সমৰ্থন মূল্য(minimum support price) বৃদ্ধি কৰিলেও যে অসমৰ কৃষক তাৰ দ্বাৰা কোনো ধৰণে উপকৃত নহ'ব সেয়া ওপৰৰ তথ্যই প্ৰমাণ কৰিছে । চৰকাৰে ঘেঁহুকে ধৰি অন্য ৰবি শস্যৰ ক্ষেত্ৰটো ন্যূনতম সমৰ্থন মূল্যৰ ব্যৱস্থা কৰিছে যদিও অসমৰ কৃষক আৰু ইয়াৰ কৃষি ভূমি ধান খেতিৰ লগতহে জড়িত । সেয়ে ধান উচিত দামত বিক্ৰী নহ'লে কৃষকৰ ভবিষ্যৎ অন্ধকাৰ ।‌‌

লগতে পঢ়ক:মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০ খন বিচনাযুক্ত ক'ভিড হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.