গুৱাহাটী, 30 মাৰ্চ: "প্ৰেমত ঘূৰিছে ভূ-মণ্ডল, প্ৰেমত ফুলিছে শতদল"- কোনো কবিয়ে অতীতত ঠিকেই কৈছিল ৷ প্ৰেমৰ বাবে মানুহে নকৰে কি, কোনোৱে যদি আকাশৰ তৰা ছিঙি অনাৰ সপোন দেখুৱাই, কোনোৱে আকৌ বিৰহ বেদনাত জৰ্জৰিত হৈ ভৰা দিচাঙত জাপ দিবলৈ ওলায় ৷ পিছে, বাস্তৱত প্ৰেম হেনো দিল্লীৰ লাড়ু, খোৱাজনেও পস্তাই, নোখোৱাজনেও পস্তাই ৷ এয়া অকল আমি কোৱা নাই, ৰাইজে কোৱা কথা ৷
আজিকালিৰ প্ৰেম সফল কৰাত কিন্তু ম’বাইল ফোনৰ অৰিহণাও কম নহয় ৷ এটা ফোনতেই হৈ যাব পাৰে সকলো সলনি ৷ কাৰোবাক যদি ম’বাইল ফোনে সংসাৰ পাতি দিছে, তেন্তে আকৌ কাৰোবাৰ সংসাৰত জুই দিছে এই ম’বাইলটোৱে ৷ মুঠতে কি যে মহিমা এই ম’বাইলটোৰ ৷ পিছে ম’বাইলটো নহ’লেনো চলিব কেনেকৈ !
এনেকৈয়ে এদিন ম’বাইল ফোনৰ জৰিয়তে চা-চিনাকী হৈছিল গংগা আৰু সৰ্বেশৰ ৷ এদিন-দুদিনকৈ কথা পতাৰ পিছত স্থাপন হৈছিল বন্ধুত্ব ৷ সেই বন্ধুত্বই কেতিয়ানো প্ৰেমৰ ৰূপ ল’লে দুয়োগৰাকীয়ে গমেই নাপালে ৷
প্ৰেমৰ সম্পৰ্কক স্থায়ী ৰূপ দিবলৈকে এদিন বিবাহপাশত আৱদ্ধ হ’ল মহানগৰীৰ চূণচালিৰ গংগা দেৱী আৰু বোন্দা চপাইদাং অঞ্চলৰ সৰ্বেশ শৰ্মা নামৰ লোকজন ৷ এদিন-দুদিনকৈ চন্দ্ৰকলা বৃদ্ধিৰ দৰে সময়বোৰো হাঁহি-ধেমালিৰ মাজেৰে উকলিল গংগা-সৰ্বেশৰ ৷ তাৰমাজতে দুয়োৰে কোলা শুৱনি কৰি যুগ্মজীৱনৰ সাক্ষী হ’লহি এটি কন্যা শিশু ৷ দুয়োৰে যুগ্মজীৱনে পাৰ কৰিলে পাঁচটাকৈ সফল বছৰ ৷
ইয়ালৈকে পিছে সকলো ঠিকে আছিল ৷ পিছে জানেই নহয়, যেতিয়ালৈকে পতি-পত্নীৰ মাজত ৱ’ নাথাকিব, তেতিয়ালৈকে সংসাৰ সুখৰেই হ’ব ৷ বিবাহৰ পিছতে সৰ্বেশৰ চিনা-পৰিচয় ঘটিছিল পত্নীৰ এগৰাকী বান্ধৱীৰ সৈতে ৷ পত্নীৰ অজানিতে বান্ধৱী আৰু সৰ্বেশৰ মাজত চলিছিল প্ৰেমৰ অবৈধ সম্পৰ্ক ৷
এই অবৈধ সম্পৰ্কই এতিয়া অথন্তৰ ঘটাইছে গংগাৰ সংসাৰত ৷ বিগত 20 মাৰ্চৰ দিনা গংগাৰ স্বামী সৰ্বেশে পত্নীক কৰ্মস্থলীলৈ যাম বুলি কৈ পত্নী-ডেৰ বছৰীয়া কন্যাক এৰি থৈ যায় ৷ সৰ্বেশে সন্তানৰ নামত জমা কৰি ৰখা কিছু সাঁচতীয়া ধন লৈ স্কুটীখনৰে প্ৰেমিকাক লৈ পলায়ন(Husband flee with wifes friend) কৰে ৷
স্বামীৰ কৰ্মকাণ্ডত অসহায় পত্নীয়ে এতিয়া আশ্ৰয় গ্ৰহণ কৰিছে মাতৃগৃহত ৷ ইতিমধ্যে স্বামীৰ দ্বাৰা প্ৰৰোচিত গংগাই ঘটনা সন্দৰ্ভত 21 মাৰ্চত দাখিল কৰিছে এজাহাৰ ৷ প্ৰেমিকাৰ সৈতে আত্মগোপন কৰি থকা সৰ্বেশক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছে গংগাই ৷
লগতে চাওক: শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল বৰঙাজুলি চাহ বাগিচা