ETV Bharat / state

Woman killed in Guwahati: যৌতুকৰ বাবেই স্বামীয়ে হত্য়া কৰিলে পত্নীক ! - undefined

স্বামীগৃহত নিৰ্যাতিত গীতাশ্ৰী হাজৰিকা তালুকদাৰ জিএমচিএইচত মৃত্যু ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে দুৰ্ভগীয়া গীতাশ্ৰীয়ে । মহানগৰীৰ ফটাশীল আমবাৰীৰ চেগুনবাৰীত যৌতুকৰ বাবেই পত্নীক হত্যাৰ অভিযোগ ।

যৌতুকৰ বাবেই স্বামীয়ে হত্য়া কৰিলে পত্নীক !

author img

By

Published : Mar 23, 2022, 10:20 PM IST

গুৱাহাটী, 23 মাৰ্চ: যৌতুকৰ বাবেই মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল নেকি গীতাশ্ৰীক ? অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গীতাশ্ৰীয়ে ৷ উল্লেখ্য যে, ২০১৭ চনৰ নৱেম্বৰতে প্ৰদীপ তালুকদাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল গীতাশ্ৰী হাজৰিকা তালুকদাৰ নামৰ মহিলাগৰাকীৰ । পৰিয়ালৰ লোকে উত্থাপণ কৰা অভিযোগ অনুসৰি বিবাহৰ কিছুদিনৰ পাছতেই গীতাশ্ৰীৰ ওপৰত চলিছিল শাৰিৰীক আৰু মানসিক অত্যাচাৰ ৷ স্বামী প্ৰদীপ আৰু তেওঁৰ পৰিয়ালে গীতাশ্ৰীৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন ৷ তৎস্বত্বেও যেন সকলো সহ্য কৰি আহিছিল গীতাশ্ৰীয়ে ৷ তাপৰ্যপূৰ্ণ কথা এয়ে যে এটি দুবছৰীয়া কন্যা সন্তানৰ মাতৃ আছিল গীতাশ্ৰী ।

যৌতুকৰ বাবেই স্বামীয়ে হত্য়া কৰিলে পত্নীক !

গীতাশ্ৰীৰ ভাতৃৰ অভিযোগ মতে, ঘৰৰ পৰা প্ৰতিমাহে 10ৰ পৰা 15 হাজাৰ টকা দিয়া হৈছিল গীতাশ্ৰীক ৷ সেয়াও যেন পৰ্যপ্ত নাছিল স্বামী প্ৰদীপ তালুকদাৰৰ বাবে ৷ ইয়াৰ পাছতো পত্নী গীতাশ্ৰীৰ ওপৰত স্বামী প্ৰদীপ তালুকদাৰে নিৰ্যাতন চলাইছিল বুলি জানিবলৈ দিয়ে গীতাশ্ৰীৰ ভাতৃয়ে ৷ অভিযোগ অনুসৰি কেৱল প্ৰদীপ তালুকদাৰেই নহয়, দেওৰেক পিংকু তালুকদাৰকে ধৰি স্বামীগৃহৰ অৰূপ তালুকদাৰ, উত্তৰা তালুকদাৰ, ধ্ৰুৱ তালুকদাৰে চলাইছিল অত্যাচাৰ ৷

অভিযোগ মতে, মাজৰাতি ফেনত ওলোমাই হত্যাৰ চেষ্টা চলোৱা হৈছিল গীতাশ্ৰীক ৷ ইয়াৰ পিছতে স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল গীতাশ্ৰীক ৷ ইয়াৰ লগে লগে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীৰ GMCHত ভৰ্তি কৰোৱা হৈছিল গীতাশ্ৰীক ৷ অৱশ্যে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও জীৱন মৰণৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে গীতাশ্ৰীয়ে ৷

এতিয়া প্ৰশ্ন হয়, প্ৰকৃত ন্যায় পাৱনে দুৰ্ভগীয়া গীতাশ্ৰীয়ে ? ইফালে স্বামী প্ৰদীপ তালুকদাৰক গ্ৰেপ্তাৰ কৰা হ'ল যদিও পৰিয়ালৰ বাকী থকা সদস্যক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই ফটাশিল আৰক্ষীয়ে ৷ সম্প্ৰতি অভিযুক্ত পৰিয়ালটোক গ্ৰেপ্তাৰৰ দাবী উত্থাপণ কৰিছে গীতাশ্ৰীৰ পৰিয়ালে ৷ ইফালে ফটাশিল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিৰুদ্ধেও মৃত গীতাশ্ৰীৰ পৰিয়ালে উত্থাপন কৰে অভিযোগ ৷ ইয়াৰ লগতে পৰিয়ালৰ লোকে উত্থাপন কৰে বহুকেইটি অভিযোগ ৷ গীতাশ্ৰীৰ পৰিয়ালে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি কৈছে যে, এয়া আত্মহত্যা নহয়, এক পৰিকল্পিত হত্যাকাণ্ডহে ৷

যৌতুক হৈছে এক দণ্ডনীয় অপৰাধ ৷ কিন্তু সমাজৰ একাংশ নিকৃষ্ট লোকে কৰি গৈছে এনে অপৰাধ ৷ যাৰ বাবে এইখন সমাজত এনে বহু নাৰীয়ে নিৰৱে এই অপৰাধ সহ্য কৰি অৱশেষত হয়তো চৰম পন্থা বাছি লৈছে নতুবা নিয়তিৰ ওচৰত হাৰ মানিছে ৷

লগতে পঢ়ক : Triple Talak case: যৌতুকত বলেৰ’ গাড়ী নাপাই পত্নীক তিনি তালাক দিলে ৰেলৱে’ৰ অভিযন্তাই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.