ETV Bharat / state

ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত বৃহৎ পৰিমাণৰ ধন জব্দ

author img

By

Published : Mar 15, 2021, 11:04 AM IST

ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ধন ৷ ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত জব্দ 3 লাখ 50 হাজাৰ টকা ৷ নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিতত অব্যাহত থকা প্ৰশাসনৰ অভিযানত আৰক্ষীয়ে জব্দ কৰে এই ধন ৷

huge amount of money seized at bhutan bus stand in rangia
ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত বৃহৎ পৰিমাণৰ ধন জব্দ

ৰঙিয়া, 15 মাৰ্চ: ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ধন জব্দ হৈছে ৷ দীনেশ সিং নামৰ এজন ব্যক্তিয়ে মটৰচাইকেলেৰে নি থকা অৱস্থাত তালাচী চলাই আৰক্ষীয়ে নগদ 3 লাখ 50 হাজাৰ টকা জব্দ কৰে ৷ সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি অব্যাহত থকা প্ৰশাসনৰ অভিযানত এই বৃহৎ পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ধনখিনি সন্দৰ্ভত আৰক্ষীয়ে ব্যক্তিজনক সোধ পোচ কৰে যদিও টকাখিনিৰ সন্দৰ্ভত ব্যক্তিজনে কোনো উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰাত দীনেশক কৰায়ত্ব কৰাৰ লগতে আৰক্ষীয়ে ধনখিনি জব্দ কৰে ৷ ধৃত দীনেশ কোন দলৰ সৈতে জড়িত সেই সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য লাভ কৰিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ মৰ্মে সমাগত নিৰ্বাচন উপলক্ষে চলোৱা হৈছিল অভিযান ৷

লগতে পঢ়ক: হাইলাকান্দিত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.