ETV Bharat / state

মহানগৰীৰ গড়চুকত বিস্ফোৰক সামগ্ৰী জব্দ; আটক 2

মহানগৰীৰ গড়চুকৰ পৰা জব্দ বৃহৎ পৰিমাণৰ জিলেটিন ষ্টিক(Gelatin Stick) ৷ সৰবাৰাহৰ সৈতে জড়িত দুজনক আটক আৰক্ষীৰ ৷ জব্দকৃত বিস্ফোৰক সামগ্ৰীখিনিৰ মূল্য 15 কোটি টকা বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Oct 1, 2021, 10:13 AM IST

huge amount of exploser seized at garchuk guwahati
মহানগৰীৰ গড়চুকত বিস্ফোৰক সামগ্ৰী জব্দ

গুৱাহাটী, 1 অক্টোবৰ : গুৱাহাটী মহানগৰীত গড়চুক আৰক্ষী(Garchuk Police)ৰ বৃহৎ সাফল্য । মহানগৰীৰ গড়চুকৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ আই এছ বি টিৰ পৰা জব্দ হৈছে 15 কোটি টকাৰ জিলেটিন ষ্টিক(Gelatin Stick) ৷

মহানগৰীৰ গড়চুকত বিস্ফোৰক সামগ্ৰী জব্দ

জানিব পৰা মতে, মেঘালয়ৰ পৰা AS-15-AC-4867 নম্বৰৰ এখন বলেৰ’ পিক্ আপ বাহনেৰে সৰবৰাহ কৰা হৈছিল এই বিস্ফোৰক সামগ্ৰীখিনি । শ্বিলঙৰ পৰা ৰাণীলৈ সৰবৰাহ হৈছিল সামগ্ৰীসমূহ ।

ইতিমধ্যে সৰবৰাহৰ সৈতে জড়িত দুজনক আটক কৰিছে আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰীদ্বয় ক্ৰমে- ৰহিম বাদশ্বাহ আৰু আইনুল আলী । আনহাতে, মূল সৰবৰাহকাৰী কাদেম আলী বুলি জানিব পৰা গৈছে ।

ছয়গাঁৱৰ গৰৈমাৰী নিৱাসী কাদেম আলী বহু জেহাদী সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্গা পূজা(Durga Puja)ৰ পূৰ্বে পূজা থলী ৰক্তাক্ত কৰাৰ পণ ৰচিছিল কাদেম আলীয়ে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত ২০০০ কাৰ্টন অৰুণাচলী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.