ETV Bharat / state

Assam Book Fair 2022: ছদিনত 1 কোটি 90 লাখ টকাৰ গ্ৰন্থ বিক্ৰী

author img

By

Published : Jan 3, 2023, 8:02 PM IST

2022 ৰ 29 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে (Assam Book Fair 2022) ৷ জানিব পৰা মতে, বিগত ছটা দিনত 1 কোটি 90 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে (Huge amount of books selling at Assam Book Fair 2022)৷

Assam Book Fair 2022
অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ অপূৰ্ব সঁহাৰি

গুৱাহাটী, 3 জানুৱাৰী : পুহমহীয়া শীতকো নেওচি আজি ষষ্ঠ দিনাও গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ ঘটিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত (Assam engineering Institute playground) আয়োজন কৰা অসম গ্ৰন্থমেলাত ৷ সমান্তৰালভাৱে বিপণিত বৃদ্ধি পাইছে কিতাপ বিক্ৰীৰ হাৰো ৷

2022 ৰ 29 ডিচেম্বৰৰ পৰা আজি 3 জানুৱাৰী পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত 1 কোটি 90 লাখ টকাৰ কিতাপ বিক্ৰী হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে প্ৰকাশন পৰিষদে (Huge amount of books selling at Assam Book Fair 2022) ৷

ইপিনে আজি বিয়লি 1 বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ আৱাহন প্ৰেক্ষাগৃহত আয়োজন কৰা হয় “অসমীয়া নাট্য-অভিযোজনা আৰু ব্যৱস্থাপনা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ উক্ত আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক নয়ন প্ৰসাদে ৷

উক্ত আলোচনা সত্ৰত পৰিচালক নয়ন প্ৰসাদে কয়, ‘‘জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি লভিতাৰ ক্ষেত্ৰত অসমৰ সংস্কৃতিপ্ৰাণ ৰাইজে জয় লাভ কৰা বুলি ভাবো ৷ কাৰণ ৰাইজৰ প্ৰতিবাদত লভিতাৰ বিকৃত প্ৰদৰ্শন বন্ধ হ’ল ৷ আচলতে অভিযোজনা কেনেকৈ কৰিব পাৰি, ইয়াত স্বাধীনতা আৰু সীমাৱদ্ধতা কিমান সেয়া এক গুৰুত্বপূৰ্ণ বিষয়’’ ৷

এই আলোচনাতে অংশগ্ৰহণ কৰি আলোচক অতিথি, নাট্যকাৰ তথা গৱেষক ড৹ মৃণালজ্যোতি গোস্বামীয়ে কয়, “সমাজিক পৰিকাঠামো সলনি হোৱাৰ লগে লগে নাটকৰ প্ৰাসংগিকতাও সলনি হয় ৷ কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে ঐতিহ্যত আঘাত কৰিব নোৱাৰি ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতাও ঐতিহ্য ৷

লগতে পঢ়ক : Assam Book Fair 2022: অসম গ্ৰন্থমেলাত 4 দিনত 1 কোটি টকাৰ গ্ৰন্থ বিক্ৰী

মহাপুৰুষ শংকৰদেৱৰ সময়ৰ পৰা ভাওনাসমূহে এয়া প্ৰতিপন্ন কৰিছে ৷ অৱশ্যে ব্যৱস্থাপনাত সম্পৰীক্ষা হ’ব পাৰে ৷ আধুনিক নাটকৰ ক্ষেত্ৰত অভিযোজনা অসমত প্ৰথমে কৰিছিল শ্বেইক্সপীয়েৰৰ নাট “কমেডি অৱ এৰৰ্চ”ৰ ৷ “ভ্ৰমৰংগ” নামেৰে এইখন অসমীয়াকৰণ কৰা হৈছিল ৷ কিন্তু বক্তব্য সলনি কৰা নাছিল ৷ এয়া জৰুৰী কথা ৷

কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক এখন নিজে লিখা বুলি কোৱাটো মানি ল’ব নোৱাৰি ৷ মূল নাটকখনৰ আধাৰত লিখিলে বেলেগ কথা ৷ নাটক এখনত থকা মূল বক্তব্য সলনি হ’ব নোৱাৰিব ৷ ব্যৱস্থাপনা অৱশ্যে দৰ্শকৰ সহায়ক হোৱাকৈ আৰু মঞ্চ সাপেক্ষ হ’লে ভাল’’ ৷

আন এগৰাকী আলোচক অতিথি নাট্যকাৰ-পৰিচালক কৰুণা ডেকাই কয়, “অভিযোজনা হৈছে একধৰণৰ উদ্দেশ্য ৷ শংকৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যত নাট-ভাওনা কৰিছিল ৷ অভিযোজনা হ’লে এটা গ্ৰহণযোগ্য যুক্তি আগবঢ়াব পাৰিব লাগিব’’ ৷

আনহাতে, নাট্যকাৰ তথা ঔপন্যাসিক প্ৰভাত গোস্বামীয়ে কয়, “জীৱিত এগৰাকী ব্যক্তিৰ সৃষ্টিক তেওঁৰ অনুমতি সাপেক্ষে আৰু সেই সৃষ্টিৰ দৰ্শন-তত্ব একে ৰাখি নতুনকৈ উপস্থাপন কৰিব পাৰি ৷ কিন্তু অভিযোজনাৰ আচিলাত এগৰাকী প্ৰথিতযশা নাট্যকাৰৰ কালজয়ী নাটকক ভঙা-চিঙা কৰাটো অনুচিত’’ ৷

একেদৰে অসম গ্ৰন্থমেলাত আলোচক অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ বিভূ দত্তই কয়, “নাটক মানেই বাস্তৱৰ অভিযোজনা ৷ কিন্তু একে আষাৰে কম লভিতাক লৈ যি কাম কৰা হৈছিল অভিযোজনাৰ নামত তেনে কাম কৰিব নোৱাৰে ৷ চিনেমাৰ পৰ্দাৰ পৰা উলিয়াই আনি টাইটানিকক এইখন অসমতে নাটকৰ মঞ্চত উপস্থাপন কৰিছে ৷

লগতে পঢ়ক : Assam Book Fair 2022: দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশত জীপাল অসম গ্ৰন্থমেলা

কিন্তু মূল কাহিনী আৰু আবেদন একেই ৷ যদি অভিযোজনাৰ নামত ৰামৰ সৈতে যুধিষ্ঠিৰক পাশা খেলত বহুৱাই দিলে সেয়া অভিযোজনা নহৈ বিকৃত কৰা হ’ব ৷ লভিতাৰ ক্ষেত্ৰতো সেয়া হৈছে’’ ৷ উক্ত নাট্যকাৰসকলৰ লগতে উক্ত আলোচনা সত্ৰত উপস্থিত থাকে নাট্যকাৰ তথা লেখক হিল্লোল কুমাৰ পাঠক ৷ তেওঁ কয়, “মূল কথাটো হৈছে সৃষ্টিশীলতা ৷ প্ৰথমে নাটক হ’ব লাগিব ৷ তাৰ পাচতহে নাট্য অভিযোজনা’’ ৷

আন এগৰাকী আলোচক তথা নাট্যকাৰ স্বপ্না দত্ত ডেকাই কয়, ‘‘অভিযোজনাৰ নামত আনৰ নাটক এখনক নিজৰ বুলি কোৱাটো নীতি সংগত নহয় ৷ অভিযোজনাই এটা ভেঁটি ভাঙিব নোৱাৰে ৷ এই কথা সকলোৱে মনত ৰখা দৰকাৰ ৷ আনহাতে, ব্যৱস্থাপনা এতিয়া ব্যয় বহুল হৈ পৰিছে বুলি উল্লেখ কৰাৰ লগতে তেওঁ অপেছাদাৰী নাট্যদলৰ বাবে এয়া প্ৰত্যাহ্বান হৈ পৰিছে বুলিও মন্তব্য কৰে ৷

উল্লেখ্য যে, উক্ত আলোচনা সত্ৰখন উদ্বোধন কৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হোমেশ্বৰ কলিতাই ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়ায়৷ মঙলবাৰে বিয়লি প্ৰায় 3 বজাত বিশিষ্ট কবি-সমালোচক ড৹ বিভাস চৌধুৰীয়ে সঞ্চালনা কৰা কবি সন্মিলনত কবিতা পাঠ কৰে ৰাজেন্দ্ৰ নাথ বৰদলৈ, লুটফা হানুম চেলিমা বেগম, এম কামালুদ্দিন আহমেদে ৷

লগতে অনুভৱ তুলসী, বিজয় শংকৰ বৰ্মন, বিমল ডেকা, অজিৎ ভড়ালী, দীপক বৰগয়াৰী, ডাঃ প্ৰয়াগ শইকীয়া, সৌৰভ শইকীয়া, বিভাৰাণী তালুকদাৰ, নীলিমা ঠাকুৰীয়া হক, চন্দন গোস্বামী আৰু মৈত্ৰেয়ী পাটৰেও কবি সন্মিলনত কবিতা পাঠ কৰে ৷ কবি সন্মিলনত আৰম্ভণি বক্তব্য প্ৰদান কৰে বিশিষ্ট কবি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে ৷

লগতে পঢ়ক : Assam Book Fair 2022 : পঞ্চম দিনাও লোকাৰণ্য অসম গ্ৰন্থমেলাৰ বাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.