গুৱাহাটী,2 মে’ঃ লক্ ডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ মহানগৰ আৰক্ষীৰ যান-বাহন শাখা ৷ লক্ ডাউনৰ লগতে আইন ভংগকাৰীৰ পৰা অভিলেখ সংখ্যক জৰিমনা সংগ্ৰহ আৰক্ষীৰ । শুকুৰবাৰ পৰ্যন্ত মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই ৭৩ লাখতকৈও অধিক জৰিমনা সংগ্ৰহ কৰি অভিলেখ সৃষ্টিৰ লগতে ১১,৩৭৩ খন বাহন জব্দ কৰে ৷ আৰক্ষীয়ে জব্দ কৰা বৃহৎ সংখ্যক বাহনৰ ভিতৰত ১০,৩২৬ খন দুচকীয়া বাহন, ৯০৬ খন চাৰিচকীয়া বাহন, ১৪১ খন তিনিচকীয়া বাহন আছে ৷
মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত মায়ংক কুমাৰে ৰাইজক চৰকাৰী নিৰ্দেশনা পালন কৰি ঘৰতে থাকিবলৈ আহ্বান জনাইছে । কুমাৰে ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ অজুহাত দেখুৱাই ৰাজপথলৈ অহা লোকসকলৰ ক্ষেত্ৰত অধিক কঠোৰ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰক্ষীক ৷
আনহাতে,শুকুৰবাৰ নিশা পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক্ ডাউন ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ১,৬২,৬১,৪০০ টকাৰ জৰিমনা সংগ্ৰহৰ বিপৰীতে জব্দ কৰিছে ২২,৩৬৭ খন বাহন । জব্দকৃত বাহনসমূহৰ ভিতৰত ২০,২৪৪ খন দুচকীয়া বাহন, ১৭,৭৮১ খন চাৰিচকীয়া বাহন, ৩০৪ খন তিনিচকীয়া বাহন, ৩ খন বাছ, ২১ খন ট্ৰাক, এখন ট্ৰেইলাৰ, ১০ খন ট্ৰেক্ট’ৰ, দুখন জেচিবি, এখন পকলেণ্ড, ২৩ খন দেশী নাওঁৰ লগতে ৯ খন যন্ত্ৰচালিত নাওঁ আছে ।
লগতে চাওকঃ ৰঙিয়াত দুগৰাকী লোকক কোৱাৰেণ্টাইন