ETV Bharat / state

15 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ! - HSLC RESULTS

15 জুনৰ ভিতৰত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ইতিমধ্যেই ফলাফল ঘোষণাৰ বাবে যাৱতীয় সকলো কাম-কাজ শেষ কৰাৰ লগতে বৰ্তমানে পুনৰীক্ষণৰ কাম চলি আছে ৷

HSLC RESULTS WILL BE ANNOUNCED ON 15th June
15 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল !
author img

By

Published : May 21, 2020, 3:57 PM IST

গুৱাহাটী, 21মে': 15 জুনৰ ভিতৰত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ইতিমধ্যেই ফলাফল ঘোষণাৰ বাবে যাৱতীয় সকলো কাম-কাজ শেষ কৰাৰ লগতে বৰ্তমানে পুনৰীক্ষণৰ কাম চলি আছে ৷ বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ৷ ইয়াৰ উপৰিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে যে, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লাভ কৰাৰ লগতে সংগ্ৰহ কৰিব পাৰিব মাৰ্কচিটো ৷ মূল মাৰ্কচিটসমূহ ফলাফল ঘোষণাৰ 10 ৰ পৰা 15 দিনৰ ভিতৰত বিদ্যালয়সমূহ খোলাৰ পিছতে লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক বৰ্ষ ক্ষতি নহয়

অধ্যক্ষগৰাকীয়ে বৰ্তমানে লক ডাউন অব্যাহত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক-বৰ্ষ যাতে ক্ষতি নহয় তাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি জনায় ৷ অনলাইনৰ জৰিয়তে বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ পাঠদান কৰি থকা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে যিসকল ছাত্ৰ-ছাত্ৰীৰ অনলাইন পাঠদান ফলপ্ৰসূ হোৱা নাই সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে ৰেডিঅ' আৰু টেলিভিচনৰ জৰিয়তে পাঠদান দিবলৈ চেষ্টা চলাই থকাৰ কথা জানিবলৈ দিয়ে ৷

15 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল !

ৰাজ্যৰ বিদ্যালয়সমূহ কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ'ব সেই সন্দৰ্ভত চৰকাৰে এতিয়ালৈ কোনোধৰণৰ নিৰ্দেশনা জাৰি নকৰাৰ কথা জানিবলৈ দি CBSEৰ দৰে SEBAৰ শিক্ষাবৰ্ষৰ সময়সূচী হ'ব বুলিহে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ৷

লগতে পঢ়কঃসন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক এঘৰীয়া কৰিব লাগেঃ ভেংকায়া নাইডু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.