ETV Bharat / state

জুনৰ প্ৰথম ভাগত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল !

author img

By

Published : May 24, 2022, 9:12 PM IST

৫ জুনৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অহা ২০ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব (HSLC and HS final examination result)৷ এই কথা মঙলবাৰে জানিবলৈ দিয়ে ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে ৷

HSLC and HS final examination result
জুনৰ প্ৰথম ভাগতে ঘোষণা কৰা হ'ব মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল

গুৱাহাটী, 24 মে’: অহা জুন মাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব । ৫ জুনৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ছেবা(Board of Secondary Education Assam) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ(Assam Higher Secondary Education Council) কৰ্তৃপক্ষই মঙলবাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ।

উল্লেখ্য মঙলবাৰে আছুৰ নেতৃত্ব আৰু ছেবা-অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ কৰ্তৃপক্ষৰ মাজত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্পৰ্কত এক আলোচনা অনুষ্ঠিত হৈছিল । আলোচনাৰ অন্তত ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ কৰ্তৃপক্ষই জনায়, এইবাৰ ক’ভিড পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পলমকৈ অনুষ্ঠিত হৈছিল । যাৰ বাবে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত পলম হৈছে ৷

ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে পৰীক্ষাৰ বহীৰ মূল্যায়নৰ কাম অব্যাহত ৰাখিছে বুলি ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ কৰ্তৃপক্ষই জনায় । ইপিনে আলোচনাৰ অন্তত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে আছুৱে অহা জুনৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবে ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ কৰ্তৃপক্ষক দাবী জনাইছিল । লগতে সম্পূৰ্ণ নিয়াৰিকৈ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবে আছুৱে ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ কৰ্তৃপক্ষক জনালে আহ্বান ।

লগতে পঢ়ক: Gunutsav in Sivasagar: দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি মূল্যায়নৰ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.