ETV Bharat / state

HSLC Compartmental exam: ৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা - compartmental exam

পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ৷ জানি লওক পৰীক্ষাৰ তাৰিখসমূহ-

Compartmental exam 2023 SEBA
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা
author img

By

Published : Jun 13, 2023, 6:56 AM IST

Updated : Jun 13, 2023, 7:13 AM IST

নিউজ ডেস্ক, ১৩ জুন : বিগত ২২ মে’ ত ঘোষণা কৰা হৈছিল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ পেপাৰ লিক হোৱাৰ বাবে তাৎক্ষণিকভাৱে পৰীক্ষা বাতিল হোৱাকলৈ বিভিন্ন পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱালৈকে নানান উৎকণ্ঠাৰ মাজেৰে পাৰ হয় চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷

শেহতীয়াকৈ ঘোষণা কৰা হৈছে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ৷ আগন্তুক ৪ জুলাইৰ পৰা ৮ জুলাইলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ ৷ ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে পৰীক্ষাৰ সময়সূচী ৷

পৰীক্ষাসূচী এনেধৰণৰ-

Compartmental exam 2023 SEBA
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী

৪ জুলাইৰ পুৱা ৯ বজাৰ‌ পৰা ১২ বজালৈকে অনুষ্ঠিত হ'ব মাতৃভাষাৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ভূগোল আৰু সংস্কৃত বিষয়ৰ পৰীক্ষা ।

৫ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব বিজ্ঞান বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব হিন্দী আৰু এডভান্স মেথেমেটিকছ বিষয়ৰ পৰীক্ষা ।

৬ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব গণিত বিষয়ৰ পৰীক্ষা ।

৭ জুলাইৰ পুৱা ৯ বজাৰ‌‌ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব কম্পিউটাৰ চায়েন্স, আৰবীক আৰু পাৰ্চীয়ান ভাষাৰ পৰীক্ষা ।

৮ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ইতিহাস আৰু ঐচ্ছিক অসমীয়া বিষয়ৰ পৰীক্ষা ।

লগতে পঢ়ক : Bhuban Gam visits Bhanimai Dutta Bora home : ভনীমাইক সকলো ধৰণৰ সহায়ৰ আশ্বাস বিধায়ক ভুৱন গামৰ

Last Updated : Jun 13, 2023, 7:13 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.