ETV Bharat / state

Hiren Gohain Remarks on Bhupen Hazarika : ভূপেন হাজৰিকাক 'ৰাণ্ডি চাহেব চামচা' বুলি কিয় কৈছিল হীৰেণ গোঁহায়ে ?

সুধাকণ্ঠ ভূপেন হাজৰিকাক 'ৰাণ্ডি চাহেব চামচা' বুলি কিয় কৈছিল ডঃ হীৰেণ গোঁহায়ে ? কেইবা দশক পিছত ডঃ হীৰেণ গোহাঁইৰ স্পষ্টীকৰণ । এই শব্দকেইটা অতি অমাৰ্জিত আৰু অশালীন আছিল ।

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 4:19 PM IST

Hiren Gohain Remarks on Bhupen Hazarika
Hiren Gohain Remarks on Bhupen Hazarika

গুৱাহাটী, ১ ছেপ্টেম্বৰ : 'ৰাণ্ডি চাহেব চামচা'— দাদা চাহেব ফাল্কে বঁটা পোৱাৰ সময়ত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক এসময়ত ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহায়ে কঠোৰ সমালোচনাৰে থকা-সৰকা কৰি এই মন্তব্য আগবঢ়াইছিল । যাৰ বাবে পৰৱৰ্তী সময়ত আন কোনো বৌদ্ধিক বিতৰ্ক হ’লেই বহুতৰে কঠোৰ সমালোচনাৰ সন্মুখীন হৈ আহিবলগীয়া হৈ আহিছে ডঃ হীৰেণ গোঁহাই ৷

সেয়া আছিল ১৯৯২ চনৰ কথা ৷ সময়ৰ ৰথৰ চকাত ঘূৰি পাৰ হৈ গ’ল তিনিটা দশক । তাৰ মাজতে চিৰ বিদায় মাগিলে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই । আনহাতে, ৮৪ বছৰ বয়সত ভৰি দিলে ডঃ হীৰেণ গোঁহায়ে ৷ কেইবা দশকৰ পিছত এই প্ৰসংগত মুখ খুলি স্পষ্টীকৰণ আগবঢ়াইছে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ।

স্পষ্টীকৰণটোত ডঃ গোঁহায়ে কেনে পৰিস্থিতিত সুধাকণ্ঠৰ বাবে সেই শব্দকেইটা ব্যৱহাৰ কৰিবলগীয়া হৈছিল তাৰ ব্যখা আগবঢ়াইছে ৷ লগতে এই শব্দকেইটা যে অতি অমাৰ্জিত আৰু অশালীন আছিল সেই কথাও বিনয়েৰে স্বীকাৰ কৰিছে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে । লগতে স্পষ্টীকৰণটিৰে ডঃ গোঁহায়ে আকৌ এবাৰ মনত পেলাই দিছে যোৱাটো শতিকাৰ শেষৰটো দশকৰ অপাৰেচন ৰাইন’, তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভূমিকা আদি প্ৰসংগ ।

স্পষ্টীকৰণটোত কি লিখিছে ডঃ হীৰেন গোঁহায়ে ? "মাজে মাজে কিছুমান মানুহে এটা কথাক লৈ মোক আক্ৰমণ কৰে । মই ভূপেন হাজৰিকাক 'ৰাণ্ডি চাহেব চামচা' বুলি কোৱাৰ বাবে । এইটো গাত পৰি আক্ৰোশমূলকভাৱে কোৱা কথা নাছিল । যদিও মই এতিয়া নিজেই অনুভৱ কৰোঁ এই শব্দকেইটা অতি অমাৰ্জিত আৰু অশালীন আছিল । কিন্তু কি পৰিস্থিতিত মোৰ মুখৰ পৰা শব্দকেইটা ওলাইছিল ? তেতিয়া হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী । অসমত সেনাৰ অপাৰেচন ৰাইনোৱে আলফাৰ কণ-কঠিয়া মাৰিবলৈ গাৱেঁ-ভূঞে দোষী-নিৰ্দোষী নিৰ্বিশেষে ডেকা ল'ৰাবোৰৰ ওপৰত ভয়ানক অত্যাচাৰ চলাইছে । বহুতক ঘৰৰ পৰা ধৰি নি সোধপোছ কৰাৰ নামত মৃতপ্ৰায় অৱস্থাত ঘৰত থৈ গৈছে,আৰু বেছিভাগৰে মৃত্যু হৈছে ।

আন বহুত নিৰুদ্দেশ হৈছে চিৰকাললৈ । এই হাহাকাৰত হিতেশ্বৰ শইকীয়া নিৰ্লিপ্ত । আনপিনে ভূপেন হাজৰিকা শইকীয়াৰ প্ৰশংসাত পঞ্চমুখ । তেওঁ কৈছে যে শইকীয়া অসমৰ 'সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী' ! ৰাইজৰ ওপৰত অত্যাচাৰ সম্পৰ্কে নীৰৱ । অথচ এসময়ত তেওঁ আলফাক উৎসাহ দিছিল, প্ৰশংসা কৰিছিল । হেন সময়ত তেওঁ 'দাদা চাহেব ফাল্কে' বঁটা লাভ কৰাৰ খবৰ ফোনত জনাই শইকীয়াই তেওঁক অভিনন্দন জনাইছে । এই পৰিস্থিতিত চৰম বিতৃষ্ণাত মোৰ কলমৰ পৰা সেই শব্দকেইটা ওলাইছিল । সেই সময়ত অসমৰ ৰাইজেও মোক ধিক্কাৰ দিয়া নাছিল । এতিয়া পৰিস্থিতি সলনি হোৱা বাবে ৰাইজে হাজৰিকাৰ সুবিধাবাদী ভূমিকা পাহৰি মোক প্ৰধান জগৰীয়া পাতিছে । ইতি । হীৰেন গোহাঁই ।"

ডঃ হীৰেণ গোঁহাইৰ এই স্পষ্টীকৰণৰ পিছত ডঃ ভূপেন হাজৰিকাক তেওঁ 'ৰাণ্ডি চাহেব চামচা’ বুলি কৰা মন্তব্যৰ বাবে যিকোনো প্ৰসংগত পৰৱৰ্তী সময়ত সমালোচনাৰ পৰা মুক্ত হ’বনে ? সেয়া হ’ব লক্ষণীয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.