গুৱাহাটী,22মেঃ লক ডাউনৰ মাজতে দেশজুৰি ৮টাকৈ ট্ৰেড ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সংগঠনকেইটাৰ এই প্ৰতিবাদ। কৰ'ণাৰ এই জটিল সময়চোৱাত শ্ৰমিক আইন সংশোধন কৰিব বিচাৰা কাৰ্যত তীব্ৰ বিৰোধিতা সংগঠনকেইটাৰ।
চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা এনেবোৰ নীতিয়ে লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা শ্ৰমিকসকলক বৰ বেয়াকৈ অসুবিধাত পেলাব বুলি উল্লেখ কৰে হিন্দু মজদুৰ সভাই। যাৰ পৰিপ্ৰেক্ষিতত দুই তিনিজন সদস্যৰে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিবছে ৮টাকৈ শ্ৰমিক সংগঠনে। ইফালে পৰিস্থিতি সুস্থিৰ হ'লে চৰকাৰৰ এনেবোৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলিও উল্লেখ কৰে হিন্দ মজদুৰ সভাৰ নেতৃত্বই।
লগতে পঢ়কঃ জোনাইত পকী দলং নিৰ্মাণৰ বাবে ওলাই আহিল স্থানীয় ৰাইজ