গুৱাহাটী, 18 জানুৱাৰী : দেশত ধৰ্মীয় উন্মাদনাৰে হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবী হিন্দু জাগৰণ মঞ্চ অসমৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৱে ৷
সংগঠনটোৰ নেতৃত্বই কয় যে, "অসমৰ সমাজ জীৱনক অস্থিৰ আৰু ভীতিগ্ৰস্থ কৰি তুলিবলৈ মধ্যযুগীয় অনুসৰণকাৰী সকলে হত্যা, ধৰ্ষণ, দলবদ্ধ আক্ৰমণক আহিলা হিচাপে লৈছে ৷ শেহতীয়াকৈ হোজাইত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সত্যৰঞ্জন বৰাক ৷ যি ঘটনাক আমি গৰিহনা দিয়াৰ লগতে দোষীক শাস্তি দিবলৈ দাবী জনাইছো ৷"
তদুপৰি তালিবানী সন্ত্ৰাসবাদীক সমৰ্থন কৰা একাংশ লোকেই এনে ধৰনৰ কাণ্ড সংঘটিত কৰিছে বুলিও সংবাদমেলত বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷
লগতে পঢ়ক: 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ মহকুমা প্ৰশাসনে