ETV Bharat / state

কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন কৰিলে কটা হ'ব দৰমহাঃ হিমন্ত বিশ্ব শৰ্মা - হিমন্ত বিশ্ব শৰ্মা

কোনো কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে পাঠদান নকৰি অথবা নিজৰ কার্য নকৰি আন্দোলনত অংশগ্ৰহণ কৰিলে দৰমহা কৰ্তন কৰা হ'ব বুলি মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বুধবাৰে শংকৰদেৱ কলাক্ষেত্ৰত এই মন্তব্য আগবঢ়ালে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

হিমন্ত বিশ্ব শৰ্মা
কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন কৰিলে কটা হ'ব দৰমহাঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jan 22, 2020, 8:20 PM IST

গুৱাহাটী, 22 জানুৱাৰীঃ "কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন কৰিলে কটা হ'ব দৰমহা ৷" বুধবাৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ কলাক্ষেত্ৰত হোৱা শিক্ষা বিভাগৰ এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি সদৰী কৰে এই কথা । লগতে কয়, 'যদি কোনো কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে পাঠদান নকৰি অথবা নিজৰ কার্য নকৰি আন্দোলনত অংশগ্ৰহণ কৰে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব । লগতে কোনো কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে পাঠদান নকৰি অথবা ডিউটি নকৰি মন্ত্ৰীক লগ কৰিব আহিব নোৱাৰিব বুলিও মন্তব্য কৰে পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰা মন্ত্ৰী হিমন্তই ।

কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন কৰিলে কটা হ'ব দৰমহাঃ হিমন্ত বিশ্ব শৰ্মা

আনহাতে, সংবাদমেলত নাগৰিকত্ব সংশোধনী আইনকলৈ বিতৰ্ক প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা হ'ব লাগে বুলি উল্লেখ কৰে । মন্ত্ৰী শৰ্মাই কয়, 'নাগৰিকত্ব সংশোধনী আইনকলৈ যি ধৰণৰ বিতৰ্ক বা বৌদ্ধিক আলোচনা হ'ব লাগিছিল সেয়া কোনো স্কুল, কলেজতে হোৱা নাই যিটো অতি দুখজনক । মই এই বিষয়ত সকলোকে এই ধৰণৰ আলোচনা কৰিবৰ বাবে আহ্বান জনাইছো ।

উল্লেখ্য যে, 22 জানুৱাৰীত উচ্চতম ন্যায়ালয়ে নাগৰিক্ত সংশোধনী আইনক লৈ দিয়া শুনানিৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে । তেওঁ কয়, "উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয়ৰ ওপৰত মই বৰ্তমান একো মন্তব্য কৰিব বিচৰা নাই । সময়ত এই বিষয়ত ক'ব লাগিলে নিশ্চয় আপোনালোকক জনাম।"

আৰু পঢ়কঃ দহ বছৰে বন্ধ পানী যোগান আঁচনিঃ অচিন ৰোগত আক্ৰান্ত স্থানীয় ৰাইজ

Intro:কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন কৰিলে কটা হ'ব দৰমহা- মন্ত্ৰী হিমন্ত

'কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে আন্দোলন কৰিলে কটা হ'ব দৰমহা' বুধবাৰে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ কলাক্ষেত্ৰত হোৱা শিক্ষা বিভাগৰ এক অনুস্থানৰ অন্তত সংবাদ মাধ‍্যমক সন্মোধন ।

Body:সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীৰ মন্তব্য, 'যদি কোনো কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে ক্লাছ খতি কৰি অথবা নিজৰ কার্য নকৰি আন্দোলনত অংশগ্রহণ কৰে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হব । লগতে কোনো কলেজ শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে ক্লাছ খতি কৰি অথবা ডিউটি নকৰি মন্ত্ৰীক লগ কৰিব আহিব নোৱাৰিব।'

আনহাতে আজিৰ সংবাদমেলতে তেওঁ কা'(CAA) লৈ বিতৰ্ক প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা হ'ব লাগে বুলি উল্লেখ কৰে। তেওঁ কয়, 'কা(CAA)ক লৈ যি ধৰণৰ বিতৰ্ক বা বৌদ্ধিক আলোচনা হ'ব লাগিছিল সেয়া কোনো স্কুল, কলেজতে হোৱা নাই যিটো অতি দুখজনক। মই এই বিষয়ত সকলোকে এই ধৰণৰ আলোচনা কৰিবৰ বাবে আহ্বান জনাও।'

Conclusion:উল্লেখ‍্য যে উচ্চতম ন‍্যায়ালয়ৰ কা(CAA)ক লৈ দিয়া শুনানিৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকে। তেওঁ কয়, 'উচ্চতম ন‍্যায়ালয়ৰ বিচাৰাধীন বিষয়ৰ ওপৰত মই বৰ্তমান একো মন্তব্য কৰিব বিচৰা নাই। সময়ত এই বিষয়ত কব লাগিলে নিশ্চয় আপোনালোকক জনাম।'
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.